--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত পুনৰ মুখ থেকেচা খালে বিজেপিয়ে৷ দিল্লী পৌৰ নিগমৰ মেয়ৰ পদত আম আদমী পাৰ্টিৰ শেলী অবেৰয় বুধবাৰে বিনা  প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে৷ দিল্লীৰ মেয়ৰ পদৰ বাবে বিজেপিৰ শিখা ৰায়ে তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছতে এবেৰয়ক বিজয়ী ঘোষণা কৰা হয়। 

ফলত অবেৰয়ে দিল্লীৰ মেয়ৰ হিচাপে আন এটা কাৰ্যকাল লাভ কৰে। বৰ্তমানৰ ডেপুটি মেয়ৰ আলি মহম্মদ ইকবালেও আন এটা কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে৷এই পদত বিজেপিৰ প্ৰাৰ্থী চনি পালে  মনোনয়নপত্ৰ দাখিল কৰিছিল যদিও পিছত সেয়া  প্ৰত্যাহাৰ কৰে৷ 

 উল্লেখ্য এইবেলি দিল্লী পৌৰ নিগমৰ  মেয়ৰ নিৰ্বাচনত বৰ্তমানৰ মেয়ৰ অবেৰয় আৰু বিজেপি পাৰ্থী শিখা  ৰায়ৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দিতা হ'ব বুলি ধাৰণা কৰা হৈছিল। কিন্তু সেই সকলো ধাৰণাৰ অন্ত পেলাই বিজেপি প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে৷ উল্লেখ্য ইয়াৰ পূৰ্বে অবেৰয় প্ৰথমবাৰৰ বাবে দিল্লীৰ মেয়ৰ নিৰ্বাচিত হৈছিল। তেওঁ বিজেপিৰ ৰেখা গুপ্তাক ৩৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল। গুপ্তাই মুঠ ২৬৬ টা ভোটৰ ভিতৰত ১১৬  টা ভোট লাভ কৰিছিল ৷ অবেৰয়ে লাভ কৰিছিল ১৫০ টা ভোট৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে