--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত পুনৰ মুখ থেকেচা খালে বিজেপিয়ে৷ দিল্লী পৌৰ নিগমৰ মেয়ৰ পদত আম আদমী পাৰ্টিৰ শেলী অবেৰয় বুধবাৰে বিনা  প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে৷ দিল্লীৰ মেয়ৰ পদৰ বাবে বিজেপিৰ শিখা ৰায়ে তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছতে এবেৰয়ক বিজয়ী ঘোষণা কৰা হয়। 

ফলত অবেৰয়ে দিল্লীৰ মেয়ৰ হিচাপে আন এটা কাৰ্যকাল লাভ কৰে। বৰ্তমানৰ ডেপুটি মেয়ৰ আলি মহম্মদ ইকবালেও আন এটা কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে৷এই পদত বিজেপিৰ প্ৰাৰ্থী চনি পালে  মনোনয়নপত্ৰ দাখিল কৰিছিল যদিও পিছত সেয়া  প্ৰত্যাহাৰ কৰে৷ 

 উল্লেখ্য এইবেলি দিল্লী পৌৰ নিগমৰ  মেয়ৰ নিৰ্বাচনত বৰ্তমানৰ মেয়ৰ অবেৰয় আৰু বিজেপি পাৰ্থী শিখা  ৰায়ৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দিতা হ'ব বুলি ধাৰণা কৰা হৈছিল। কিন্তু সেই সকলো ধাৰণাৰ অন্ত পেলাই বিজেপি প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে৷ উল্লেখ্য ইয়াৰ পূৰ্বে অবেৰয় প্ৰথমবাৰৰ বাবে দিল্লীৰ মেয়ৰ নিৰ্বাচিত হৈছিল। তেওঁ বিজেপিৰ ৰেখা গুপ্তাক ৩৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল। গুপ্তাই মুঠ ২৬৬ টা ভোটৰ ভিতৰত ১১৬  টা ভোট লাভ কৰিছিল ৷ অবেৰয়ে লাভ কৰিছিল ১৫০ টা ভোট৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন