--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাওবাদী অধ্যুষিত ছত্তীশগড়ত আৰক্ষী-চিআৰপিএফৰ   যুটীয়া অভিযানত তিনিজন মাওবাদী নিহত হৈছে। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু চিআৰপিএফৰ এটা যুটীয়া দলে শনিবাৰে পুৱতি নিশা অভিযান আৰম্ভ কৰে। গভীৰ অৰণ্যত মাওবাদীৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছত দুয়ো ক্ষৰ মাজত সংঘৰ্ষ  আৰম্ভ হয়।

শনিবাৰে পুৱা ছত্তীশগড়ৰ বিজাপুৰ জিলাত চলোৱা এই  অভিযানত এতিয়ালৈকে তিনিজন মাওবাদী নিহত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বস্তাৰ ৰেঞ্জৰ আইজি পি সুন্দৰৰাজে কয় যে নিহত মাওবাদীসকলৰ ভিতৰত এগৰাকী মহিলাও আছিল। "ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত মিৰ্তুৰ আৰক্ষী থানাৰ পোমৰা বনাঞ্চলত এই সংঘৰ্ষ সংঘটিত হয়। ''

ছত্তীশগড় প্ৰশাসনৰ সূত্ৰ অনুসৰি   আৰক্ষী, জিলা সংৰক্ষিত বাহিনী (ডিআৰজি) আৰু চিআৰপিএফৰ বিশেষ টাস্ক ফ'ৰ্চে পোমৰা বনাঞ্চলত মাওবাদী সদস্য মোহন কাদতি আৰু সুমিত্ৰাকে ধৰি ৩০-৪০ জনীয়া  মাওবাদীৰ দলে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল। 

তাৰ পিছতে মাওবাদীৰ সন্ধানত  অভিযান আৰম্ভ কৰা হয়। পুৱা গুলীচালনাত তিনিজন মাওবাদীৰ মৃত্যু  হোৱাৰ লগতে বহু কেইজন মাওবাদীয়ে  পলাই যাবলৈ সক্ষম হয়। সুন্দৰৰাজে কয়  যে যুটীয়া বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰু পলাই যোৱা মাওবাীৰ  সন্ধানত অভিযান চলাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক