--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাওবাদী অধ্যুষিত ছত্তীশগড়ত আৰক্ষী-চিআৰপিএফৰ   যুটীয়া অভিযানত তিনিজন মাওবাদী নিহত হৈছে। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু চিআৰপিএফৰ এটা যুটীয়া দলে শনিবাৰে পুৱতি নিশা অভিযান আৰম্ভ কৰে। গভীৰ অৰণ্যত মাওবাদীৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছত দুয়ো ক্ষৰ মাজত সংঘৰ্ষ  আৰম্ভ হয়।

শনিবাৰে পুৱা ছত্তীশগড়ৰ বিজাপুৰ জিলাত চলোৱা এই  অভিযানত এতিয়ালৈকে তিনিজন মাওবাদী নিহত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বস্তাৰ ৰেঞ্জৰ আইজি পি সুন্দৰৰাজে কয় যে নিহত মাওবাদীসকলৰ ভিতৰত এগৰাকী মহিলাও আছিল। "ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত মিৰ্তুৰ আৰক্ষী থানাৰ পোমৰা বনাঞ্চলত এই সংঘৰ্ষ সংঘটিত হয়। ''

ছত্তীশগড় প্ৰশাসনৰ সূত্ৰ অনুসৰি   আৰক্ষী, জিলা সংৰক্ষিত বাহিনী (ডিআৰজি) আৰু চিআৰপিএফৰ বিশেষ টাস্ক ফ'ৰ্চে পোমৰা বনাঞ্চলত মাওবাদী সদস্য মোহন কাদতি আৰু সুমিত্ৰাকে ধৰি ৩০-৪০ জনীয়া  মাওবাদীৰ দলে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল। 

তাৰ পিছতে মাওবাদীৰ সন্ধানত  অভিযান আৰম্ভ কৰা হয়। পুৱা গুলীচালনাত তিনিজন মাওবাদীৰ মৃত্যু  হোৱাৰ লগতে বহু কেইজন মাওবাদীয়ে  পলাই যাবলৈ সক্ষম হয়। সুন্দৰৰাজে কয়  যে যুটীয়া বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰু পলাই যোৱা মাওবাীৰ  সন্ধানত অভিযান চলাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু