--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশৰ ভিতৰতে গুজৰাটেই হ’ব প্ৰথম ৰাজ্য যি খন ৰাজ্যত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত দিছে আন কোনো ৰাজ্যতে এতিয়ালৈকে নিদিয়া ওক প্ৰতিশ্ৰুতি। বিজেপিয়ে গুজৰাট নিৰ্বাচনত দেশদ্ৰোহীসকলক উপযুক্ত শিক্ষা দিবলৈ এটা  নতুন কোষ গঠনৰ  প্ৰতিশ্ৰুতি দিছে। শনিবাৰে মুকলি কৰা বিজেপিৰ  'সংকল্প পত্ৰ'ত কোৱা হৈছে যে ৰাজ্যখনৰ দেশদ্ৰোহীসকলৰ সৈতে মোকাবিলা কৰিবলৈ এটা 'উগ্ৰবাদ বিৰোধী কোষ' স্থাপন কৰা হ'ব।

দেশৰ কোনো নিৰ্বাচনত এনে ধৰণৰ কোষ গঠনৰ  ঘোষণাৰ বিষয়ে আগতে কোনেও হয়তো শুনা নাই।ক’তো নুশুনা কথা এটাই এইবাৰ বিজেপিয়ে গুজৰাটত কৰিব বিচাৰিছে। বিজেপিয়ে এক সম্পূৰ্ণ অভিন্ন নাগৰিক সংহিতা কাৰ্যকৰী কৰাৰো প্ৰতিশ্ৰুতি দিছে।

বিজেপিৰ সংকল্প পত্ৰত কোৱা হৈছে যে ৫৬ টা জনজাতীয় অধ্যুষিত এলেকাত ৰেচনৰ "মোবাইল ডেলিভাৰী"ৰ ব্যৱস্থা  কৰা হ'ব। যাক বহুতে 'দুৱাৰত ৰেচন' আঁচনিৰ অনুকৰণ বুলি বিবেচনা কৰিছে। এই আঁচনি  এতিয়া বংগত বন্ধ কৰা হৈছে। ইয়াৰ উপৰিও ২০ লাখ চাকৰি সৃষ্টি কৰাৰো প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে।

বিজেপিৰ ইস্তাহাৰৰ বিশেষ কেইটামান  প্ৰতিশ্ৰুতি হ’ল-অহা পাঁচ বছৰত গুজৰাটৰ যুৱপ্ৰজন্মৰ বাবে ২০ লাখ চাকৰি সৃষ্টি কৰা,বৃদ্ধা, মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰা,অহা পাঁচ বছৰত এক লাখৰো অধিক মহিলাক চৰকাৰী চাকৰি দিয়া ,শ্ৰমিকসকলক ২ লাখ টকালৈকে ঋণৰ বাবে কোনো গেৰাণ্টৰৰ প্ৰয়োজন নহ'ব,ইয়াৰ বাবে চৰকাৰে শ্ৰমিক ক্ৰেডিট কাৰ্ড জাৰি কৰিব,অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকলক বৈদ্যুতিক স্কুটাৰ প্ৰদান কৰা হ’ব,অনুসূচীত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে আঠখন চিকিৎসা মহাবিদ্যালয় আৰু ১০ খন নাৰ্চিং আৰু পেৰামেডিকেল মহাবিদ্যালয় স্থাপন কৰা হ'ব,গোশালাৰ উন্নয়নৰ বাবে  ৫০০ কোটি টকাৰ অতিৰিক্ত বাজেট আৱণ্টন কৰা হ'ব। ১,০০০ খন অতিৰিক্ত পশু চিকিৎসালয় স্থাপন কৰা হ'ব।

 উল্লেখ্য গুজৰাটৰ নিৰ্বাচন এইবাৰ মোদীৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে। সেয়ে ভোটাৰৰ মন মুহিবলৈ প্ৰধানমন্ত্ৰীয়ে  গুজৰাটত চলিত বিত্তীয় বৰ্ষত এপ্ৰিলৰ পৰা অক্টোবৰলৈ গুজৰাটত ১,১৬,৭২০ কোটি টকাৰ চৰকাৰী প্ৰকল্পৰ উদ্বোধন বা আধাৰশিলা স্থাপন কৰিছে। ইয়াৰ ভিতৰত আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিও। ৰাজ্য চৰকাৰৰো বহু কেইটা  প্ৰকল্প আছে। আহমেদাবাদৰ পৰা বনসকন্ত, নৱসাৰীৰ পৰা চুৰাটলৈকে, গুজৰাটৰ কোনো অঞ্চল প্ৰধানমন্ত্ৰীৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ তালিকাৰ পৰা বাদ পৰা নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক