--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশৰ ভিতৰতে গুজৰাটেই হ’ব প্ৰথম ৰাজ্য যি খন ৰাজ্যত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত দিছে আন কোনো ৰাজ্যতে এতিয়ালৈকে নিদিয়া ওক প্ৰতিশ্ৰুতি। বিজেপিয়ে গুজৰাট নিৰ্বাচনত দেশদ্ৰোহীসকলক উপযুক্ত শিক্ষা দিবলৈ এটা  নতুন কোষ গঠনৰ  প্ৰতিশ্ৰুতি দিছে। শনিবাৰে মুকলি কৰা বিজেপিৰ  'সংকল্প পত্ৰ'ত কোৱা হৈছে যে ৰাজ্যখনৰ দেশদ্ৰোহীসকলৰ সৈতে মোকাবিলা কৰিবলৈ এটা 'উগ্ৰবাদ বিৰোধী কোষ' স্থাপন কৰা হ'ব।

দেশৰ কোনো নিৰ্বাচনত এনে ধৰণৰ কোষ গঠনৰ  ঘোষণাৰ বিষয়ে আগতে কোনেও হয়তো শুনা নাই।ক’তো নুশুনা কথা এটাই এইবাৰ বিজেপিয়ে গুজৰাটত কৰিব বিচাৰিছে। বিজেপিয়ে এক সম্পূৰ্ণ অভিন্ন নাগৰিক সংহিতা কাৰ্যকৰী কৰাৰো প্ৰতিশ্ৰুতি দিছে।

বিজেপিৰ সংকল্প পত্ৰত কোৱা হৈছে যে ৫৬ টা জনজাতীয় অধ্যুষিত এলেকাত ৰেচনৰ "মোবাইল ডেলিভাৰী"ৰ ব্যৱস্থা  কৰা হ'ব। যাক বহুতে 'দুৱাৰত ৰেচন' আঁচনিৰ অনুকৰণ বুলি বিবেচনা কৰিছে। এই আঁচনি  এতিয়া বংগত বন্ধ কৰা হৈছে। ইয়াৰ উপৰিও ২০ লাখ চাকৰি সৃষ্টি কৰাৰো প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে।

বিজেপিৰ ইস্তাহাৰৰ বিশেষ কেইটামান  প্ৰতিশ্ৰুতি হ’ল-অহা পাঁচ বছৰত গুজৰাটৰ যুৱপ্ৰজন্মৰ বাবে ২০ লাখ চাকৰি সৃষ্টি কৰা,বৃদ্ধা, মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰা,অহা পাঁচ বছৰত এক লাখৰো অধিক মহিলাক চৰকাৰী চাকৰি দিয়া ,শ্ৰমিকসকলক ২ লাখ টকালৈকে ঋণৰ বাবে কোনো গেৰাণ্টৰৰ প্ৰয়োজন নহ'ব,ইয়াৰ বাবে চৰকাৰে শ্ৰমিক ক্ৰেডিট কাৰ্ড জাৰি কৰিব,অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকলক বৈদ্যুতিক স্কুটাৰ প্ৰদান কৰা হ’ব,অনুসূচীত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে আঠখন চিকিৎসা মহাবিদ্যালয় আৰু ১০ খন নাৰ্চিং আৰু পেৰামেডিকেল মহাবিদ্যালয় স্থাপন কৰা হ'ব,গোশালাৰ উন্নয়নৰ বাবে  ৫০০ কোটি টকাৰ অতিৰিক্ত বাজেট আৱণ্টন কৰা হ'ব। ১,০০০ খন অতিৰিক্ত পশু চিকিৎসালয় স্থাপন কৰা হ'ব।

 উল্লেখ্য গুজৰাটৰ নিৰ্বাচন এইবাৰ মোদীৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে। সেয়ে ভোটাৰৰ মন মুহিবলৈ প্ৰধানমন্ত্ৰীয়ে  গুজৰাটত চলিত বিত্তীয় বৰ্ষত এপ্ৰিলৰ পৰা অক্টোবৰলৈ গুজৰাটত ১,১৬,৭২০ কোটি টকাৰ চৰকাৰী প্ৰকল্পৰ উদ্বোধন বা আধাৰশিলা স্থাপন কৰিছে। ইয়াৰ ভিতৰত আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিও। ৰাজ্য চৰকাৰৰো বহু কেইটা  প্ৰকল্প আছে। আহমেদাবাদৰ পৰা বনসকন্ত, নৱসাৰীৰ পৰা চুৰাটলৈকে, গুজৰাটৰ কোনো অঞ্চল প্ৰধানমন্ত্ৰীৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ তালিকাৰ পৰা বাদ পৰা নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু