--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰে ভুকাৰ বাবেই খঙত টিঙিৰি তুলা হৈ পৰিছিল এজন লোক। যুৱকজনে ঘৰলৈ অহাৰ সময়তে  ঘৰটোত থকা  কুকুৰটোৱে ভুকিবলৈ লৈছিল।  ইয়াৰ পিছতে ঘৰটোৰ গৰাকীক যুৱকজনে খঙতে হত্যা কৰিছিল। ঘটনাটো চাৰি বছৰ আগতে সংঘটিত হৈছিল। 

চাৰি বছৰ পূৰ্বে  ভাৰতীয় যুৱকজনে সাধাৰণ কথাতে  অষ্ট্ৰেলিয়াত  মহিলা এগৰাকীক  নিৰ্মমভাৱে হত্যা কৰি ভাৰতলৈ  পলাই আহিছিল।ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰা হৈছিল। আৰক্ষীয়ে পুৰস্কাৰো  ঘোষণা কৰিছিল। চাৰি বছৰৰ পিছত অৱশেষত তেওঁক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।  কিন্তু অনুসন্ধানকাৰীসকলে হত্যাৰ কাৰণ জানি আচৰিত হৈছে।

জেৰাৰ সময়ত ৰাজেন্দ্ৰ সিং নামৰ লোকজনে  প্ৰকাশ কৰে  যে মহিলাগৰাকীৰ পোহনীয়া কুকুৰটোৱে  তেওঁক দেখি খুব ভুকিছিল। সেইবাবেই  তেওঁ মহিলগৰাকীক হত্যা কৰিছিল।
২০১৮  চনত  ২৪  বছৰীয়া টয়া কৰ্ডিংলীক অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ  সাগৰৰ পাৰত হত্যা কৰা হৈছিল। হত্যাৰ অভিযোগ  ভাৰতীয় যুৱক ৰাজেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছিল। তেতিয়াৰে পৰা ৩৮ বছৰীয়া ৰাজেন্দ্ৰ পলাতক হৈ আছিল। 

টয়াৰ হত্যাকাৰীৰ শাস্তিৰ দাবীত অষ্ট্ৰেলিয়াত ব্যাপক  প্ৰতিবাদ কৰা হৈছিল। জেৰাৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছে যে ঘটনাটোৰ দিনা টয়াই তেওঁৰ পোহনীয়া কুকুৰটোৰ  সৈতে কুইন্সলেণ্ডৰ ৱাংগেটি বীচলৈ   গৈছিল। আনহাতে ৰাজেন্দ্ৰই ঘৰৰ পৰা ওলাওতেই কুকুৰটোৱে ভুকিবলৈ লৈছিল। তেওঁৰ লগত ফল আৰু চুৰি আছিল। ৰাজেন্দ্ৰই সেই চুৰিৰেই মহিলাগৰাকীক হত্যা কৰিছিল।  

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি  টয়াৰ ক্ষতবিক্ষত মৃতদেহটো বালিত পুতি থোৱা হৈছিল। শৰীৰৰ আধা অংশ বালিৰ পৰা বাহিৰ ওলাই আছিল।মৃতদেহৰ  কাষতে তেওঁৰ পোহনীয়া কুকুৰটো বান্ধি থোৱা আছিল। দিল্লীৰ এখন আদালতে ইতিমধ্যে ৰাজেন্দ্ৰক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। দুয়োখন দেশৰ মাজত হোৱা আলোচনা অনুসৰি অষ্ট্ৰেলিয়ালৈ তেওঁক প্ৰত্যাৰ্পণৰ কথা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক