--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰে ভুকাৰ বাবেই খঙত টিঙিৰি তুলা হৈ পৰিছিল এজন লোক। যুৱকজনে ঘৰলৈ অহাৰ সময়তে  ঘৰটোত থকা  কুকুৰটোৱে ভুকিবলৈ লৈছিল।  ইয়াৰ পিছতে ঘৰটোৰ গৰাকীক যুৱকজনে খঙতে হত্যা কৰিছিল। ঘটনাটো চাৰি বছৰ আগতে সংঘটিত হৈছিল। 

চাৰি বছৰ পূৰ্বে  ভাৰতীয় যুৱকজনে সাধাৰণ কথাতে  অষ্ট্ৰেলিয়াত  মহিলা এগৰাকীক  নিৰ্মমভাৱে হত্যা কৰি ভাৰতলৈ  পলাই আহিছিল।ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰা হৈছিল। আৰক্ষীয়ে পুৰস্কাৰো  ঘোষণা কৰিছিল। চাৰি বছৰৰ পিছত অৱশেষত তেওঁক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।  কিন্তু অনুসন্ধানকাৰীসকলে হত্যাৰ কাৰণ জানি আচৰিত হৈছে।

জেৰাৰ সময়ত ৰাজেন্দ্ৰ সিং নামৰ লোকজনে  প্ৰকাশ কৰে  যে মহিলাগৰাকীৰ পোহনীয়া কুকুৰটোৱে  তেওঁক দেখি খুব ভুকিছিল। সেইবাবেই  তেওঁ মহিলগৰাকীক হত্যা কৰিছিল।
২০১৮  চনত  ২৪  বছৰীয়া টয়া কৰ্ডিংলীক অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ  সাগৰৰ পাৰত হত্যা কৰা হৈছিল। হত্যাৰ অভিযোগ  ভাৰতীয় যুৱক ৰাজেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছিল। তেতিয়াৰে পৰা ৩৮ বছৰীয়া ৰাজেন্দ্ৰ পলাতক হৈ আছিল। 

টয়াৰ হত্যাকাৰীৰ শাস্তিৰ দাবীত অষ্ট্ৰেলিয়াত ব্যাপক  প্ৰতিবাদ কৰা হৈছিল। জেৰাৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছে যে ঘটনাটোৰ দিনা টয়াই তেওঁৰ পোহনীয়া কুকুৰটোৰ  সৈতে কুইন্সলেণ্ডৰ ৱাংগেটি বীচলৈ   গৈছিল। আনহাতে ৰাজেন্দ্ৰই ঘৰৰ পৰা ওলাওতেই কুকুৰটোৱে ভুকিবলৈ লৈছিল। তেওঁৰ লগত ফল আৰু চুৰি আছিল। ৰাজেন্দ্ৰই সেই চুৰিৰেই মহিলাগৰাকীক হত্যা কৰিছিল।  

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি  টয়াৰ ক্ষতবিক্ষত মৃতদেহটো বালিত পুতি থোৱা হৈছিল। শৰীৰৰ আধা অংশ বালিৰ পৰা বাহিৰ ওলাই আছিল।মৃতদেহৰ  কাষতে তেওঁৰ পোহনীয়া কুকুৰটো বান্ধি থোৱা আছিল। দিল্লীৰ এখন আদালতে ইতিমধ্যে ৰাজেন্দ্ৰক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। দুয়োখন দেশৰ মাজত হোৱা আলোচনা অনুসৰি অষ্ট্ৰেলিয়ালৈ তেওঁক প্ৰত্যাৰ্পণৰ কথা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু