--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্কুলৰ ওচৰৰ পৰা সুৰাৰ বিপণী আঁতৰাবলৈ উচ্চ ন্যায়ালয়ত উপস্থিত হল এলকেজিৰ ছাত্ৰ। উত্তৰ প্ৰদেশৰ কানপুৰৰ এলকেজিৰ এগৰাকী ছাত্ৰই সুৰাৰ চুক্তিৰ বিৰুদ্ধে এলাহাবাদ উচ্চ ন্যায়ালয়ত উপস্থিত হয়। এই পাঁচ বছৰীয়া ছাত্ৰজনে নিজৰ স্কুলৰ ওচৰৰ পৰা সুৰাৰ বিপণী আঁতৰোৱাৰ বাবে আইনী যুঁজ দিছিল, য’ত এতিয়া প্ৰায় ৪ মাহৰ পাছত সিদ্ধান্ত তেওঁৰ পক্ষত আহিছে। 

পিআইএলৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে উচ্চ ন্যায়ালয়ে কানপুৰৰ আবকাৰী বিভাগক ২০২৫ চনৰ ৩১ মাৰ্চৰ পিছত বিদ্যালয়খনৰ কাষতে থকা সুৰা বিপণীখন নবীকৰণ নকৰিবলৈ নিৰ্দেশ দিছে।

আচলতে কানপুৰৰ আজাদ নগৰত বাস কৰা এল কে জিৰ ছাত্ৰ অৰ্থৱ দীক্ষিতে তেওঁৰ অধিবক্তা আশুতোষ শৰ্মাৰ জৰিয়তে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এইখিনিতে অৰ্থৱে কৈছিল যে মোৰ ঘৰ আৰু স্কুল ওচৰতে আছে। কাষতে এখন দেশীয় সুৰাৰ দোকান। প্ৰতিদিনে অহা-যোৱা কৰি থাকোঁতে তাৰ সন্মুখেৰে পাৰ হৈ যাব লাগে, য’ত মদ খোৱা মানুহৰ ভিৰ থাকে আৰু তেওঁলোকৰ কাম-কাজে অশান্তিৰ সৃষ্টি কৰে।

গতিকে বিপণীখন ইয়াৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰা উচিত। যাতে শিশুৰ ওপৰত ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ নপৰে।

উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পূৰ্বে ছাত্ৰ অৰ্থৱে এই সন্দৰ্ভত পিতৃৰ জৰিয়তে কানপুৰৰ ডি এম, আবকাৰী বিভাগ আৰু ইউ পিৰ মুখ্যমন্ত্ৰীৰ পৰ্টেলৰ ওচৰত অভিযোগ দিছিল। কিন্তু তাৰ পিছত আবকাৰী বিভাগে সুৰাৰ বিপণীখন আঁতৰাবলৈ অস্বীকাৰ কৰিছিল যে যোৱা ৩০ বছৰ ধৰি তাত চুক্তি চলি আছে।

ইয়াৰ পিছত ছাত্ৰজনে নিজৰ অধিবক্তাৰ জৰিয়তে উচ্চ ন্যায়ালয়ত পিআইএল দাখিল কৰে, যাৰ সন্দৰ্ভত শুনানি কেইবামাহো ধৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত চলি আছিল। শেহতীয়াকৈ উচ্চ ন্যায়ালয়েও এই সন্দৰ্ভত আবকাৰী বিভাগৰ পৰা উত্তৰ বিচাৰিছিল।

ছাত্ৰৰ অধিবক্তা আশুতোষ শৰ্মাই জনাইছে যে উচ্চ ন্যায়ালয়ে আবেদনৰ ৰায়দান দিওঁতে কানপুৰ আবকাৰী বিভাগক নিৰ্দেশ দিছে যে এতিয়া এই চুক্তি নবীকৰণ কৰা নহ’ব। বৰ্তমান ২০২৫ চনৰ ৩১ মাৰ্চৰ পিছত এই চুক্তিৰ কোনো নবীকৰণ নহ’ব। অৰ্থাৎ আগন্তুক সময়ত এই সুৰা বিপণী সেই স্থানৰ পৰা আঁতৰাই দিয়া হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু