--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্কুলৰ ওচৰৰ পৰা সুৰাৰ বিপণী আঁতৰাবলৈ উচ্চ ন্যায়ালয়ত উপস্থিত হল এলকেজিৰ ছাত্ৰ। উত্তৰ প্ৰদেশৰ কানপুৰৰ এলকেজিৰ এগৰাকী ছাত্ৰই সুৰাৰ চুক্তিৰ বিৰুদ্ধে এলাহাবাদ উচ্চ ন্যায়ালয়ত উপস্থিত হয়। এই পাঁচ বছৰীয়া ছাত্ৰজনে নিজৰ স্কুলৰ ওচৰৰ পৰা সুৰাৰ বিপণী আঁতৰোৱাৰ বাবে আইনী যুঁজ দিছিল, য’ত এতিয়া প্ৰায় ৪ মাহৰ পাছত সিদ্ধান্ত তেওঁৰ পক্ষত আহিছে। 

পিআইএলৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে উচ্চ ন্যায়ালয়ে কানপুৰৰ আবকাৰী বিভাগক ২০২৫ চনৰ ৩১ মাৰ্চৰ পিছত বিদ্যালয়খনৰ কাষতে থকা সুৰা বিপণীখন নবীকৰণ নকৰিবলৈ নিৰ্দেশ দিছে।

আচলতে কানপুৰৰ আজাদ নগৰত বাস কৰা এল কে জিৰ ছাত্ৰ অৰ্থৱ দীক্ষিতে তেওঁৰ অধিবক্তা আশুতোষ শৰ্মাৰ জৰিয়তে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এইখিনিতে অৰ্থৱে কৈছিল যে মোৰ ঘৰ আৰু স্কুল ওচৰতে আছে। কাষতে এখন দেশীয় সুৰাৰ দোকান। প্ৰতিদিনে অহা-যোৱা কৰি থাকোঁতে তাৰ সন্মুখেৰে পাৰ হৈ যাব লাগে, য’ত মদ খোৱা মানুহৰ ভিৰ থাকে আৰু তেওঁলোকৰ কাম-কাজে অশান্তিৰ সৃষ্টি কৰে।

গতিকে বিপণীখন ইয়াৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰা উচিত। যাতে শিশুৰ ওপৰত ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ নপৰে।

উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পূৰ্বে ছাত্ৰ অৰ্থৱে এই সন্দৰ্ভত পিতৃৰ জৰিয়তে কানপুৰৰ ডি এম, আবকাৰী বিভাগ আৰু ইউ পিৰ মুখ্যমন্ত্ৰীৰ পৰ্টেলৰ ওচৰত অভিযোগ দিছিল। কিন্তু তাৰ পিছত আবকাৰী বিভাগে সুৰাৰ বিপণীখন আঁতৰাবলৈ অস্বীকাৰ কৰিছিল যে যোৱা ৩০ বছৰ ধৰি তাত চুক্তি চলি আছে।

ইয়াৰ পিছত ছাত্ৰজনে নিজৰ অধিবক্তাৰ জৰিয়তে উচ্চ ন্যায়ালয়ত পিআইএল দাখিল কৰে, যাৰ সন্দৰ্ভত শুনানি কেইবামাহো ধৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত চলি আছিল। শেহতীয়াকৈ উচ্চ ন্যায়ালয়েও এই সন্দৰ্ভত আবকাৰী বিভাগৰ পৰা উত্তৰ বিচাৰিছিল।

ছাত্ৰৰ অধিবক্তা আশুতোষ শৰ্মাই জনাইছে যে উচ্চ ন্যায়ালয়ে আবেদনৰ ৰায়দান দিওঁতে কানপুৰ আবকাৰী বিভাগক নিৰ্দেশ দিছে যে এতিয়া এই চুক্তি নবীকৰণ কৰা নহ’ব। বৰ্তমান ২০২৫ চনৰ ৩১ মাৰ্চৰ পিছত এই চুক্তিৰ কোনো নবীকৰণ নহ’ব। অৰ্থাৎ আগন্তুক সময়ত এই সুৰা বিপণী সেই স্থানৰ পৰা আঁতৰাই দিয়া হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ