--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’লৰ ভিতৰতে এগৰাকী মহিলা যাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে দুই কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে। ঘটনাটো বৃহস্পতিবাৰৰ নিশাৰ যদিও সেই কথা এতিয়াহে পোহৰলৈ আহিছে। ৰেৱা-হাবিবগঞ্জ ৰেৱাঞ্চল এক্সপ্ৰেছ ৰে'লত যাত্ৰা কৰি থকা অৱস্থাত এগৰাকী মহিলাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত মধ্যপ্ৰদেশৰ দুজন কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে চৰকাৰী ৰে'ল আৰক্ষীয়ে গোচৰ ৰুজু কৰা হৈছে।

অভিযুক্ত বিধায়ক দুজনক   সিদ্ধাৰ্থ কুশৱাহা (সাতনা) আৰু সুনীল সৰাফ (কোটমা) বুলি চিনাক্ত কৰা হৈছে।  ঘটনা সন্দৰ্ভত জিআৰপিয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। জানিব পৰা মতে  মহিলাগৰাকীয়ে তেওঁৰ কেঁচুৱাটোৰ সৈতে  ৰে’লেৰে যাত্ৰা কৰি থকাৰ সময়তে এই ঘটনা ঘটে।

মহিলাগৰাকীয়ে তেওঁৰ স্বামীক এই বিষয়ে জনোৱাৰ পিছতে স্বামীয়ে টুইটাৰত ঘটনাটো ফাদিল কৰি দি জিআৰপিৰ সহায় বিচাৰে। মহিলাগৰাকীৰ স্বামীয়ে তেওঁৰ টুইটত সহায় বিচাৰি লিখিছিল , "মোৰ পত্নীয়ে মোৰ নৱজাতক কেঁচুৱাটোৰ সৈতে ভ্ৰমণ কৰি আছে। আন দুজন ব্যক্তিয়ে দাবাটোত সুৰাপান কৰিছে আৰু গালি-গালাজ আৰম্ভ কৰিছে। আপোনালোক [জিআৰপি] তাত লগে লগে  যাবলৈ অনুৰোধ কৰা হৈছে।"  এই টুইট পোৱাৰ পিছতে জিআৰপিয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰে। 

সাগৰ জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া পিকে আহিৰৱাৰৰ মতে, তেওঁলোকক নিয়ন্ত্ৰণ কক্ষই এইবুলি   জনাইছিল যে এগৰাকী মহিলাক সহায়ৰ প্ৰয়োজন হৈছে। "আমি তিনিজন কৰ্মচাৰীক মহিলাগৰাকীক সহায় কৰিবলৈ দায়িত্ব দিছিলো... তেওঁলোকে মহিলাগৰাকীৰ সৈতে  কথা পাতিছিল  আৰু  কংগ্ৰেছৰ বিধায়ক দুজনৰ বিৰুদ্ধে সাগৰ ষ্টেছনত ভাৰতীয় দণ্ডবিধিৰ  ধাৰা ৩৫৪ ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল," ।

মহিলাগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্যত এইদৰে কৈছিল: "যেতিয়া মই মোৰ কেঁচুৱাটোৰ সৈতে শুই আছিলো... কংগ্ৰেছৰ দুজন বিধায়কো একেটা দবাতে আছিল। তেওঁলোকে সুৰাপান কৰিছিল আৰু গালি-গালাজ কৰিছিল। মই শুই থকাৰ সময়তে তেওঁলোকে মোক জগাইছিল আৰু মোৰ কান্ধত স্পৰ্শ  কৰিছিল। তেওঁলোকে  জানিব বিচাৰিছিল যে মই মোৰ ৰাতিৰ আহাৰ খাইছো নেকি।" 

ইপিনে বিধায়ক সৰাফে অভিযোগটো ভিত্তিহীন বুলি অভিহিত কৰি কয়, "মই কাটনিৰ পৰা ৰেলখনত উঠিছিলোঁ আৰু ভুলতে ক্ৰমে মহিলাগৰাকীৰ গাত লাগিছিল। দবাটোত চাৰিজন লোক আছিল, আমি দুজন [বিধায়ক], মহিলা গৰাকী আৰু আন এজন যাত্ৰী, যিয়ে ওপৰৰ বাৰ্থত শুই আছিল। মই  লাইট অন কৰিবলৈ চেষ্টা কৰিছিলো, মহিলাগৰাকী ইয়াৰ বিৰোধিতা কৰিছিল,  কিয়নো শিশুটো শুই আছিল। আমি ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিলোঁ আৰু হাত ধুবলৈ বাহিৰলৈ ওলাই আহিছিলো।" তেওঁ লগতে কয়  "আমি আমাৰ বাৰ্থত  শুই আছিলো । পুৱা প্ৰায় ৩ বজাত দুজন আৰক্ষী আহিছিল আৰু আমাক জনাইছিল যে আমাৰ বিৰুদ্ধে এগৰাকী মহিলাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে হৈছে। আমি  হতবাক হৈছিলো। পুলিচে আমাৰ ফটো তুলি গুচি গ'ল।" 

তেওঁ কয় " আমি জনপ্ৰতিনিধি, আমি এনে ধৰণৰ আচৰণ কেনেদৰে কৰিব পাৰোঁ... ৰেল খনৰ এচি দবাটোত আন এজন  যাত্ৰীও আছিল, তেঁৱো আৰক্ষীয়ে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি উপস্থিত হোৱাৰ সময়ত সমানে হতবাক হৈছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক