--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’লৰ ভিতৰতে এগৰাকী মহিলা যাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে দুই কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে। ঘটনাটো বৃহস্পতিবাৰৰ নিশাৰ যদিও সেই কথা এতিয়াহে পোহৰলৈ আহিছে। ৰেৱা-হাবিবগঞ্জ ৰেৱাঞ্চল এক্সপ্ৰেছ ৰে'লত যাত্ৰা কৰি থকা অৱস্থাত এগৰাকী মহিলাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত মধ্যপ্ৰদেশৰ দুজন কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে চৰকাৰী ৰে'ল আৰক্ষীয়ে গোচৰ ৰুজু কৰা হৈছে।

অভিযুক্ত বিধায়ক দুজনক   সিদ্ধাৰ্থ কুশৱাহা (সাতনা) আৰু সুনীল সৰাফ (কোটমা) বুলি চিনাক্ত কৰা হৈছে।  ঘটনা সন্দৰ্ভত জিআৰপিয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। জানিব পৰা মতে  মহিলাগৰাকীয়ে তেওঁৰ কেঁচুৱাটোৰ সৈতে  ৰে’লেৰে যাত্ৰা কৰি থকাৰ সময়তে এই ঘটনা ঘটে।

মহিলাগৰাকীয়ে তেওঁৰ স্বামীক এই বিষয়ে জনোৱাৰ পিছতে স্বামীয়ে টুইটাৰত ঘটনাটো ফাদিল কৰি দি জিআৰপিৰ সহায় বিচাৰে। মহিলাগৰাকীৰ স্বামীয়ে তেওঁৰ টুইটত সহায় বিচাৰি লিখিছিল , "মোৰ পত্নীয়ে মোৰ নৱজাতক কেঁচুৱাটোৰ সৈতে ভ্ৰমণ কৰি আছে। আন দুজন ব্যক্তিয়ে দাবাটোত সুৰাপান কৰিছে আৰু গালি-গালাজ আৰম্ভ কৰিছে। আপোনালোক [জিআৰপি] তাত লগে লগে  যাবলৈ অনুৰোধ কৰা হৈছে।"  এই টুইট পোৱাৰ পিছতে জিআৰপিয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰে। 

সাগৰ জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া পিকে আহিৰৱাৰৰ মতে, তেওঁলোকক নিয়ন্ত্ৰণ কক্ষই এইবুলি   জনাইছিল যে এগৰাকী মহিলাক সহায়ৰ প্ৰয়োজন হৈছে। "আমি তিনিজন কৰ্মচাৰীক মহিলাগৰাকীক সহায় কৰিবলৈ দায়িত্ব দিছিলো... তেওঁলোকে মহিলাগৰাকীৰ সৈতে  কথা পাতিছিল  আৰু  কংগ্ৰেছৰ বিধায়ক দুজনৰ বিৰুদ্ধে সাগৰ ষ্টেছনত ভাৰতীয় দণ্ডবিধিৰ  ধাৰা ৩৫৪ ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল," ।

মহিলাগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্যত এইদৰে কৈছিল: "যেতিয়া মই মোৰ কেঁচুৱাটোৰ সৈতে শুই আছিলো... কংগ্ৰেছৰ দুজন বিধায়কো একেটা দবাতে আছিল। তেওঁলোকে সুৰাপান কৰিছিল আৰু গালি-গালাজ কৰিছিল। মই শুই থকাৰ সময়তে তেওঁলোকে মোক জগাইছিল আৰু মোৰ কান্ধত স্পৰ্শ  কৰিছিল। তেওঁলোকে  জানিব বিচাৰিছিল যে মই মোৰ ৰাতিৰ আহাৰ খাইছো নেকি।" 

ইপিনে বিধায়ক সৰাফে অভিযোগটো ভিত্তিহীন বুলি অভিহিত কৰি কয়, "মই কাটনিৰ পৰা ৰেলখনত উঠিছিলোঁ আৰু ভুলতে ক্ৰমে মহিলাগৰাকীৰ গাত লাগিছিল। দবাটোত চাৰিজন লোক আছিল, আমি দুজন [বিধায়ক], মহিলা গৰাকী আৰু আন এজন যাত্ৰী, যিয়ে ওপৰৰ বাৰ্থত শুই আছিল। মই  লাইট অন কৰিবলৈ চেষ্টা কৰিছিলো, মহিলাগৰাকী ইয়াৰ বিৰোধিতা কৰিছিল,  কিয়নো শিশুটো শুই আছিল। আমি ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিলোঁ আৰু হাত ধুবলৈ বাহিৰলৈ ওলাই আহিছিলো।" তেওঁ লগতে কয়  "আমি আমাৰ বাৰ্থত  শুই আছিলো । পুৱা প্ৰায় ৩ বজাত দুজন আৰক্ষী আহিছিল আৰু আমাক জনাইছিল যে আমাৰ বিৰুদ্ধে এগৰাকী মহিলাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে হৈছে। আমি  হতবাক হৈছিলো। পুলিচে আমাৰ ফটো তুলি গুচি গ'ল।" 

তেওঁ কয় " আমি জনপ্ৰতিনিধি, আমি এনে ধৰণৰ আচৰণ কেনেদৰে কৰিব পাৰোঁ... ৰেল খনৰ এচি দবাটোত আন এজন  যাত্ৰীও আছিল, তেঁৱো আৰক্ষীয়ে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি উপস্থিত হোৱাৰ সময়ত সমানে হতবাক হৈছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান