--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাধাৰণতে চজিনা আমাৰ সকলোৰে প্ৰিয় এবিধ পাচলি। এই ঘৰুৱা পাচলি গছৰ প্ৰতিটো অংশ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, এমিনো এচিড, ফাইবাৰ, ভিটামিন-বি, চি আৰু ই থাকে। চজিনাত থকা বহুতো গুণৰ বাবে ইয়াক ছুপাৰফুডৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি। এই পাচলিন নিয়মীত সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

 চজিনা পাতৰ উপকাৰিতা-

চজিনাত এন্টিফাংগেল, এন্টিভাইৰেল আৰু এন্টিডিপ্ৰেছন গুণ আছে। যদি কোনো ব্যক্তিৰ হৃদৰোগ আৰু ডায়েবেটিছ হয়, তেন্তে ইয়াৰ পাতৰ গুড়ি তেওঁলোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয়। ইয়াৰ পাত গুড়ি বনাবলৈ প্ৰথমে পাতবোৰ ভালদৰে ৰ’দত শুকুৱাই লৈ পিহি লওক, তাৰ পাছত ইয়াৰ গুড়িটো দৈনিক কুহুমীয়া পানীৰ সৈতে খাব পাৰে, ইয়াৰ দ্বাৰা স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো লাভৱান হ’ব। চজিনাত আইৰন প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ ফলত ৰক্তহীনতাৰ সমস্যা দূৰ হয়।

 চজিনাৰ অন্যান্য উপকাৰিতা-

১) ইয়াৰ পাতত প্ৰচুৰ পৰিমাণে ফাইটোনিউট্ৰিয়েণ্ট থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে আন বহুতো সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

২) চজিনা পাত খালে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে আৰু হৃদযন্ত্ৰক সুস্থ কৰি তোলাত সহায় কৰে।

৩) কেলছিয়াম আৰু ফছফৰাছো ইয়াত যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ হাড় শক্তিশালী কৰে আৰু ইয়াত থকা প্ৰদাহ নিবাৰণকাৰী গুণে বাতবিষ আৰু অষ্টিঅ’পৰ’ছিছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু