--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাধাৰণতে চজিনা আমাৰ সকলোৰে প্ৰিয় এবিধ পাচলি। এই ঘৰুৱা পাচলি গছৰ প্ৰতিটো অংশ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, এমিনো এচিড, ফাইবাৰ, ভিটামিন-বি, চি আৰু ই থাকে। চজিনাত থকা বহুতো গুণৰ বাবে ইয়াক ছুপাৰফুডৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি। এই পাচলিন নিয়মীত সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

 চজিনা পাতৰ উপকাৰিতা-

চজিনাত এন্টিফাংগেল, এন্টিভাইৰেল আৰু এন্টিডিপ্ৰেছন গুণ আছে। যদি কোনো ব্যক্তিৰ হৃদৰোগ আৰু ডায়েবেটিছ হয়, তেন্তে ইয়াৰ পাতৰ গুড়ি তেওঁলোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয়। ইয়াৰ পাত গুড়ি বনাবলৈ প্ৰথমে পাতবোৰ ভালদৰে ৰ’দত শুকুৱাই লৈ পিহি লওক, তাৰ পাছত ইয়াৰ গুড়িটো দৈনিক কুহুমীয়া পানীৰ সৈতে খাব পাৰে, ইয়াৰ দ্বাৰা স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো লাভৱান হ’ব। চজিনাত আইৰন প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ ফলত ৰক্তহীনতাৰ সমস্যা দূৰ হয়।

 চজিনাৰ অন্যান্য উপকাৰিতা-

১) ইয়াৰ পাতত প্ৰচুৰ পৰিমাণে ফাইটোনিউট্ৰিয়েণ্ট থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে আন বহুতো সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

২) চজিনা পাত খালে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে আৰু হৃদযন্ত্ৰক সুস্থ কৰি তোলাত সহায় কৰে।

৩) কেলছিয়াম আৰু ফছফৰাছো ইয়াত যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ হাড় শক্তিশালী কৰে আৰু ইয়াত থকা প্ৰদাহ নিবাৰণকাৰী গুণে বাতবিষ আৰু অষ্টিঅ’পৰ’ছিছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ