--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাৰিকলৰ এটা নহয় বহু উপকাৰ আছে। ইয়াৰ দৈনিক সেৱনে সদায় চুলি আৰু ছালৰ উন্নতি সাধন কৰে। নাৰিকলৰ মোহনীয় গুণৰ বিষয়ে প্ৰায় সকলোৱেই সচেতন নিশ্চয়। কিন্তু নাৰিকলৰ খোলা বা বাকলিৰ বৈশিষ্ট্য কমেইহে জানে। প্ৰায়ে দেখা গৈছে যে নাৰিকল সেৱনৰ পাছত মানুহে ইয়াৰ বাকলি পেলাই দিয়ে। কিন্তু নাৰিকলৰ বাকলি কেতিয়াও পেলাই দিব নালাগে। ইয়াক ব্যৱহাৰ কৰি আপুনি আপোনাৰ বহু সমস্যা সমাধান কৰিব পাৰে। নাৰিকলৰ বাকলি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি জানো আহক। 

১) নাৰিকলৰ বাকলিৰে প্ৰদাহ দূৰ কৰে: আঘাতৰ বাবে আমি প্ৰায়ে নাৰিকল তেল ব্যৱহাৰ কৰো। আমিও কোনো আঘাত হ’লে ফুলা অংশত নাৰিকল তেল লগাওঁ। আপুনি জানি আচৰিত হ'ব যে নাৰিকলৰ বাকলিৰে আঘাতৰ ফলত ফুলি যোৱা সমস্যা আঁতৰাব পাৰে। নাৰিকলৰ বাকলিৰ গুড়ি বনাই হালধিৰ লগত মিহলাই প্ৰদাহ হোৱা ঠাইত লগালে ফুলা কম হয়।

২) দাঁত উজ্জ্বল কৰাত সহায়ক হয়: দাঁত হালধীয়া হোৱাৰ সমস্যা মানুহৰ মাজত সাধাৰণ। নাৰিকলৰ খোলা ব্যৱহাৰ কৰিও দাঁতৰ হালধীয়া হোৱা দূৰ কৰিব পাৰে। ইয়াৰ বাবে নাৰিকলৰ বাকলি জ্বলাই গুড়ি বনাব লাগে। এই পাউদাৰত চ'ডা মিহলাই দাঁতত লাহে লাহে মালিচ কৰক। কেইদিনমানৰ পাছত ইয়াৰ প্ৰভাৱ দেখা পাব।

৩) চুলি ক’লা হৈ পৰে: বগা চুলি ক’লা কৰিবলৈও নাৰিকলৰ খোলা ব্যৱহাৰ কৰা হয়। কেৰাহীত নাৰিকলৰ খোলা গৰম কৰি পাউদাৰ বনাওক। এই গুড়ি নাৰিকল তেলত মিহলাই লওক। এই দ্ৰৱটো চুলিত লগালে চুলি ক’লা হৈ পৰিব। দ্ৰৱটো লগোৱাৰ এঘণ্টাৰ পাছত চুলিখিনি ধুব লাগে।

৪) নাৰিকলৰ বাকলি অৰ্শ ৰোগৰ বাবে উপকাৰী: নাৰিকলৰ বাকলি ব্যৱহাৰ কৰিও অৰ্শৰ সমস্যা দূৰ কৰিব পাৰি। নাৰিকলৰ বাকলি জ্বলাই গুড়ি বনাওক। দৈনিক খালী পেটত পানীৰ সৈতে এই গুড়ি সেৱন কৰিলে পাইলৰ সমস্যা দূৰ হ’ব। নাৰিকলৰ খোলাত থকা আঁহে শৰীৰৰ বহু সমস্যা দূৰ কৰে।

৫) নাৰিকলৰ বাকলিয়ে পিৰিয়ডত সকাহ দিয়ে: মাহেকীয়াৰ সময়ত হোৱা বিষৰ সমস্যাত নাৰিকলৰ বাকলি সকাহ দিয়ে। নাৰিকলৰ বাকলি জ্বলাই মিহি গুড়ি বনাওক। পানীৰ লগত খালে বিষৰ পৰা উপশম পোৱা যায়। কিন্তু আপুনাৰ যদি নাৰিকল বা ইয়াৰ বাকলিৰ দ্বাৰা এলাৰ্জীত ভুগিব লগা হয় তেন্তে ইয়াক তৎক্ষণাত ব্যৱহাৰ বন্ধ কৰি চিকিৎসকৰ পৰামৰ্শ লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ