--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাৰিকলৰ এটা নহয় বহু উপকাৰ আছে। ইয়াৰ দৈনিক সেৱনে সদায় চুলি আৰু ছালৰ উন্নতি সাধন কৰে। নাৰিকলৰ মোহনীয় গুণৰ বিষয়ে প্ৰায় সকলোৱেই সচেতন নিশ্চয়। কিন্তু নাৰিকলৰ খোলা বা বাকলিৰ বৈশিষ্ট্য কমেইহে জানে। প্ৰায়ে দেখা গৈছে যে নাৰিকল সেৱনৰ পাছত মানুহে ইয়াৰ বাকলি পেলাই দিয়ে। কিন্তু নাৰিকলৰ বাকলি কেতিয়াও পেলাই দিব নালাগে। ইয়াক ব্যৱহাৰ কৰি আপুনি আপোনাৰ বহু সমস্যা সমাধান কৰিব পাৰে। নাৰিকলৰ বাকলি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি জানো আহক। 

১) নাৰিকলৰ বাকলিৰে প্ৰদাহ দূৰ কৰে: আঘাতৰ বাবে আমি প্ৰায়ে নাৰিকল তেল ব্যৱহাৰ কৰো। আমিও কোনো আঘাত হ’লে ফুলা অংশত নাৰিকল তেল লগাওঁ। আপুনি জানি আচৰিত হ'ব যে নাৰিকলৰ বাকলিৰে আঘাতৰ ফলত ফুলি যোৱা সমস্যা আঁতৰাব পাৰে। নাৰিকলৰ বাকলিৰ গুড়ি বনাই হালধিৰ লগত মিহলাই প্ৰদাহ হোৱা ঠাইত লগালে ফুলা কম হয়।

২) দাঁত উজ্জ্বল কৰাত সহায়ক হয়: দাঁত হালধীয়া হোৱাৰ সমস্যা মানুহৰ মাজত সাধাৰণ। নাৰিকলৰ খোলা ব্যৱহাৰ কৰিও দাঁতৰ হালধীয়া হোৱা দূৰ কৰিব পাৰে। ইয়াৰ বাবে নাৰিকলৰ বাকলি জ্বলাই গুড়ি বনাব লাগে। এই পাউদাৰত চ'ডা মিহলাই দাঁতত লাহে লাহে মালিচ কৰক। কেইদিনমানৰ পাছত ইয়াৰ প্ৰভাৱ দেখা পাব।

৩) চুলি ক’লা হৈ পৰে: বগা চুলি ক’লা কৰিবলৈও নাৰিকলৰ খোলা ব্যৱহাৰ কৰা হয়। কেৰাহীত নাৰিকলৰ খোলা গৰম কৰি পাউদাৰ বনাওক। এই গুড়ি নাৰিকল তেলত মিহলাই লওক। এই দ্ৰৱটো চুলিত লগালে চুলি ক’লা হৈ পৰিব। দ্ৰৱটো লগোৱাৰ এঘণ্টাৰ পাছত চুলিখিনি ধুব লাগে।

৪) নাৰিকলৰ বাকলি অৰ্শ ৰোগৰ বাবে উপকাৰী: নাৰিকলৰ বাকলি ব্যৱহাৰ কৰিও অৰ্শৰ সমস্যা দূৰ কৰিব পাৰি। নাৰিকলৰ বাকলি জ্বলাই গুড়ি বনাওক। দৈনিক খালী পেটত পানীৰ সৈতে এই গুড়ি সেৱন কৰিলে পাইলৰ সমস্যা দূৰ হ’ব। নাৰিকলৰ খোলাত থকা আঁহে শৰীৰৰ বহু সমস্যা দূৰ কৰে।

৫) নাৰিকলৰ বাকলিয়ে পিৰিয়ডত সকাহ দিয়ে: মাহেকীয়াৰ সময়ত হোৱা বিষৰ সমস্যাত নাৰিকলৰ বাকলি সকাহ দিয়ে। নাৰিকলৰ বাকলি জ্বলাই মিহি গুড়ি বনাওক। পানীৰ লগত খালে বিষৰ পৰা উপশম পোৱা যায়। কিন্তু আপুনাৰ যদি নাৰিকল বা ইয়াৰ বাকলিৰ দ্বাৰা এলাৰ্জীত ভুগিব লগা হয় তেন্তে ইয়াক তৎক্ষণাত ব্যৱহাৰ বন্ধ কৰি চিকিৎসকৰ পৰামৰ্শ লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু