--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে দেশবাসীৰ সন্মুখত এক প্ৰধান ইচ্ছ্যু হিচাপে দাঙি ধৰিছিল বিদেশত জমা থকা ভাৰতীয়ৰ ক’লাধনৰ প্ৰসঙ্গ। দুৰ্নীতি আৰু ক'লাধনৰ বিষয়ৰ উত্থাপনেৰে সেই সময়ৰ কংগ্ৰেছ চৰকাৰক থকা-সৰকা কৰিছিল বিজেপি নেতৃত্বই। আজিৰ প্ৰধানমন্ত্ৰী তথা সেই সময়ত বিজেপিয়ে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ প্ৰতিগৰাকী নেতাৰ মুখত আখৈ ফুটাদি ফুটিছিল বিদেশত থকা ক'লা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি। এখাপ ওপৰলৈ গৈ নৰেন্দ্ৰ মোদীয়ে এখন নিৰ্বাচনী সভাত দাঙি ধৰিছিল এক অভিনৱ হিচাপ। মোদীৰ মতে, বিদেশত জমা থকা সকলো ক’লা ধন উভতাই আনিলে দেশৰ প্ৰতিগৰাকী লোকৰ বেংক একাউন্টত ভৰাই দিব পৰা যাব ১৫ লাখকৈ টকা! 

বাকপটু মোদীৰ বাকপটুতাত মুগ্ধ হ’ল দেশৰ জনগণ। মোদীসহ বিজেপিয়ে দাঙি ধৰা অসংখ্য প্ৰতিশ্ৰুতিৰ লগতে বিদেশৰ পৰা ক’লাধন ঘূৰাই অনাৰ এই চমক সৃষ্টিকাৰী প্ৰতিশ্ৰুতিৰ ভৰত বিপুল ভোটেৰে কংগ্ৰেছক উফৰাই শাসনত অধিষ্ঠিত কৰা হ’ল বিজেপিক। প্ৰধানমন্ত্ৰীৰ আসনত বহিল নৰেন্দ্ৰ মোদী। সেই তেতিয়াৰ পৰা এতিয়ালৈ বাগৰি গ’ল ৮ টাকৈ বছৰ। দ্বিতীয়বাৰৰ বাৰৰ বাবে শাসনলৈ আহিল বিজেপি, মোদীয়ে পালে দ্বিতীয়টো কাৰ্যকাল। কিন্তু মোদী তথা বিজেপিৰ সেই বিয়াগোম প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল। এই আঠটা বছৰে দেশলৈ ঘূৰি নাহিল ভাৰতীয়ই জমা থোৱা ক’লাধন। 

কেৱল সিমানেই নহয়, ২০১৬ চনত আচম্বিতে বিজেপি চৰকাৰে ঘোষণা কৰিলে বিমুদ্ৰাকৰণ নীতি। নিশাটোৰ ভিতৰতে অচল হৈ পৰিল পুৰণি ১০০০ আৰু ৫০০ টকীয়া নোট। এই বিমুদ্ৰাকৰণৰ এক অন্যতম উদ্দেশ্য হিচাপে বিজেপি চৰকাৰে দাঙি ধৰিলে দুৰ্নীতি তথা বিদেশত ক’লাধন জমা বন্ধ কৰাৰ যুক্তি। কিন্তু মোদী তথা বিজেপিৰ এই সকলো প্ৰতিশ্ৰুতি তথা ঘোষণা-চমক কাৰ্যত: হ’ল ফুটুকাৰ ফেন।

বিজেপি চৰকাৰৰ জনসাধাৰণৰ মন মোহা এনে সকলো প্ৰতিশ্ৰুতি আৰু ঘোষণাক মিছা প্ৰমাণিত কৰি দেশলৈ ঘূৰি অহাৰ পৰিৱৰ্তে বৃদ্ধিহে পালে বিদেশত ভাৰতীয়ৰ জমা ধনৰ পৰিমাণ। দেশৰ বিৰোধী ৰাজনৈতিক দল তথা বিজেপি বিৰোধীসকলৰ কথা বাদেই, খোদ বিজেপি চৰকাৰৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়েই স্বীকাৰ কৰিছে এই কথা। 

ছুইচ বেংকত ভাৰতীয়ৰ জমা টকা সন্দৰ্ভত সংসদত সম্প্ৰতি তীব্ৰ বাদানুবাদ চলিছে। ৰাজ্যসভাৰ সদস্য তথা কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে ৰাজ্যসভাত এই বিষয়টোক লৈ যথেষ্ট সৰৱ হৈ পৰাৰ লগতে কেন্দ্ৰৰ বিজেপি চৰকাৰক জবাবদিহি কৰিছে। ছুইচ বেংকত থকা ভাৰতীয় ধনৰ বৃদ্ধি হোৱা বুলি দাবী কৰি তেওঁ আজি এই বিষয়টোত শূন্যকালীন প্ৰশ্নোত্তৰ সময়ৰ জাননী দাখিল কৰি। ইয়াৰ পূৰ্বে ২৯ জুলাইতো তেওঁ এই বিষয়ে আলোচনা কৰিবলৈ জাননী দিয়াৰ লগতে ৰাজ্যসভাৰ মহাসচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

"এইটো গুৰুতৰ চিন্তাৰ বিষয় যে চুইছ বেংকৰ পুঁজিকে ধৰি অন্যান্য বিদেশী বেংকসমূহক নিয়ন্ত্ৰণহীন ভাৱে অধিক প্ৰতিষ্ঠানলৈ স্থানান্তৰ কৰা হৈছে, যাৰ ফলত ক'লা ধনৰ বিপদাশংকা বৃদ্ধি পাইছে," সাংসদজনে পত্ৰখনত কয়।

পত্ৰখনত তেওঁ দাবী কৰে যে ছুইজাৰলেণ্ডৰ চেণ্ট্ৰেল বেংকে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদন অনুসৰি ভাৰতীয় ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহে ২০২১ চনত চুইছ বেংকত ৩০,৫০০ কোটি টকা জমা কৰিছিল। এই পৰিমাণে বিগত ১৪ বৰ্ষৰ অভিলেখ ভংগ কৰিছে বুলিও তেওঁ উল্লেখ কৰিছিল।  কেন্দ্ৰীয় চৰকাৰক প্ৰত্যক্ষ আক্ৰমণ কৰি তেওঁ ৰাজ্যসভাত ‘চৰকাৰে ধন ঘূৰাই অনা বহু দূৰৰে কথা, ভাৰতীয় পুঁজি চুইছ বেংকত অধিক পৰিমাণে জমাহে কৰা হৈছে’ বুলি মন্তব্য কৰিছিল।

প্ৰমোদ তিৱাৰীয়ে সঁচাকৈয়ে ছুইচ বেংকত ভাৰতীয় নাগৰিক আৰু কোম্পানীসমূহে জমা কৰা ধনৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য চৰকাৰৰ ওচৰত নাই। কিন্তু সংবাদ মাধ্যমৰ শেহতীয়া কিছুমান প্ৰতিবেদনত ২০২০ চনৰ তুলনাত ২০২১ চনত ছুইচ বেংকত ভাৰতীয়ৰ পুঁজি বৃদ্ধি পোৱাৰ বিষয়ে প্ৰকাশ পাইছে বুলি সীতাৰমণে মন্তব্য কৰিছিল। অৰ্থাৎ মন্ত্ৰীগৰাকীয়ে পৰোক্ষভাৱে হ’লেও ছুইচ বেংকত ভাৰতীয় ধন বৃদ্ধি পোৱা বুলি মানি লৈছিল।

এতিয়া প্ৰশ্ন হয়, ক’লাধনৰ বিষয়টোক সফলভাৱে উত্থাপন কৰি শাসনৰ গাদীলৈ অহা বিজেপিয়ে কেতিয়া নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব? নে কেৱল ক্ষমতা দখলৰ লোভতহে বিজেপিয়ে ভাৰতীয় জনসাধাৰণৰ সন্মুখত এই ফোঁপোলা প্ৰতিশ্ৰুতি দাঙি ধৰিছিল? আনহাতে দেশৰ অধিকাংশ পুঁজিপতি তথা ধনৱন্ত লোকৰ সৈতে বিজেপিৰ ঘনিষ্ঠতা থকা বুলি মুকলিকৈ অভিযোগ উত্থাপন হৈ আহিছে। এই সুসম্পৰ্কৰ বাবেই বিজেপিয়ে এতিয়া ক’লাধন সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ নকৰা হ’ল বুলিও সন্দেহৰ আঙুলি উঠিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?