--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাৰীক দেৱীতুল্য জ্ঞান কৰি পূজা কৰা ভাৰতবৰ্ষত নিৰ্যাতন তথা ধৰ্ষণৰ পৰা সুৰক্ষিত নহয় নাৰী। নাৰী সুৰক্ষাৰ বিষয়টো এতিয়াও আৱদ্ধ কাগজ-কলমত, অথবা মেল-মিটিঙৰ জ্ঞান গভীৰ বক্তৃতাত। আধুনিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সময়তো দেশত হ্ৰাস পোৱা নাই নাৰী নিৰ্যাতনৰ দৰে নিন্দনীয় তথা ঘৃণনীয় কাণ্ড, তাৰ পৰিৱৰ্তে ব্যাপক হাৰত বৃদ্ধিহে পাইছে নাৰীৰ ওপৰত হোৱা অত্যাচাৰ তথা ধৰ্ষণৰ দৰে নিশংস কাণ্ড।

২০২০ চনৰ এক সমীক্ষা মতে দেশত প্ৰতি দিনতে ৰুজু কৰা হৈছে গড়ে ৮৮ টাকৈ ধৰ্ষণৰ গোচৰ। আনহাতে প্ৰকাশ নোপোৱাকৈয়ে হয়তো খবৰৰ মাজতে হেৰাই গৈছে এনে শত শত ধৰ্ষণৰ খবৰ। তাৰ পিছতো দেশত পূৰ্ণোদ্যমে চলি আছে নাৰী পূজাৰ কথা!

ভাৰতীয় সমাজত দ্ৰুতগতিত বাঢ়ি অহা এনে নিকৃষ্ট কাণ্ডৰ মাজতে মধ্যপ্ৰদেশত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক চৰম বিভৎস ঘটনা। ৰাজ্যখনত ধৰ্ষণৰ গোচৰত কাৰাবাস খাটি জামিনত মুকলি হৈ অহাৰ পিছতে পুনৰ একেগৰাকী মহিলাকে ধৰ্ষণ কৰিছে এজন পাষাণ ব্যক্তিয়ে । মধ্য প্ৰদেশৰ জবলপুৰত সংঘটিত হৈছে এই ঘৃণনীয় কাণ্ড।

ধৰ্ষণৰ অভিযোগ উত্থাপিত হোৱা অভিযুক্ত ব্যক্তিগৰাকীক ২০২০ চনত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ গোচৰত কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। প্ৰায় এটা বছৰ কাৰাবাস খটাৰ পিছত ব্যক্তিগৰাকীক জামিনত মুক্তি দিয়া হৈছিল।

যি গৰাকী কিশোৰীক এই ব্যক্তিগৰাকীয়ে ২০২০ চনত ধৰ্ষণ কৰিছিল, সেই কিশোৰী গৰাকীৰ বয়স এতিয়া ১৯ বছৰ। যোৱা বছৰ জামিনত মুকলি হৈ অহা এই বিভৎস চৰিত্ৰৰ লোকজনে এটা বছৰ কাৰাগাৰত কটোৱাৰ পিছতো মানসিক দ্বন্দত ভোগাৰ পৰিৱৰ্তে কাৰাবাস খাটিবলগীয়া হোৱাৰ বাবে প্ৰতিশোধ পৰায়ণহে হৈ পৰে।

এনে প্ৰতিশোধৰ তাড়নাতে ব্যক্তিগৰাকীয়ে কিছুদিন পূৰ্বে মহিলাগৰাকীক পুনৰ ধৰ্ষণ কৰে। এইবাৰ ব্যক্তিগৰাকীয়ে অকলেই নহয়, লগত কেইজনমান বন্ধুসহ মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগত মহিলাগৰাকীয়ে এই কথা উল্লেখ কৰিছে।

তেওঁ কোৱা মতে, কেইদিনমান পূৰ্বে ব্যক্তিগৰাকীয়ে লগত কেইজনমান বন্ধুৰ সৈতে তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু আটাইকেইজনে মিলি তেওঁক উপুৰ্যুপৰি ধৰ্ষণ কৰিছিল। ধৰ্ষণ কৰাৰ লগতে তেওঁলোকে মহিলাগৰাকীক চুৰী দেখুৱাই ভাবুকি প্ৰদান কৰি পূৰ্বে দাখিল কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

ধৰ্ষণকাৰী সকলে এই সমগ্ৰ ঘটনাটোৰ এটা ভিডিঅ’ প্ৰস্তুত কৰিছে আৰু যদি গোচৰটো প্ৰত্যাহাৰ কৰা নহয়, তেওঁলোকে ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকি দিয়ে বুলিও মহিলাগৰাকীয়ে আৰক্ষীৰ আগত উল্লেখ কৰিছে।

ভুক্তভোগী মহিলাগৰাকীৰ এই অভিযোগৰ পিছতে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা ভাষ্য অনুসৰি অভিযুক্ত দুৰ্বৃত্তগৰাকীক বিবেক পেটেল বুলি চিনাক্ত কৰা হৈছে। তেওঁ বৰ্তমান পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত অভিযুক্ত সকলক আটক কৰাৰ বাবে ইতিমধ্যে এক অনুসন্ধান অভিযান আৰম্ভ কৰিছে বুলি লগতে জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ