--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ পাছত নতুন প্ৰকাৰ অ’মিক্ৰনৰ ব্যাপক সংক্ৰমণত স্তব্ধ হৈ পৰিছে আমেৰিকাৰ লগতে ইউৰোপ৷ আমেৰিকা আৰু ইউৰোপীয় দেশবোৰত জটিল পৰিস্থিতিৰ ৰূপ লৈছে অ’মিক্ৰমনে৷ সকলো ফালৰ পৰা উন্নত বুলি চিনাক্ত হোৱা এই দেশসমূহত অ’মিক্ৰনৰ সৈতে যেন হাৰ মানিছে চিকিৎসা সেৱাও৷ বিগত ২৪ ঘণ্টাত মিচিগান ৰাজ্যত ১১,৭৮৩ জন লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক অ’মিক্ৰন৷ ৰাজ্যখনৰৰ চিকিৎসালয়সমূহত ৰোগীৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে চিকিৎসালয়খনত ভেণ্টিলেটৰৰ তীব্ৰ অভাৱ ঘটিছে। তাৰ বিপৰীতে ২৩৫ জন লোকৰ মৃত্যু হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ কৰিছে।

বিশেষজ্ঞসকলৰ মতে, বৰদিনৰ বাবে বজাৰত হোৱা ভীৰৰ বাবে সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে৷ আন একাংশৰ সমীক্ষা অনুসৰি শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবে সংক্ৰমণৰ হাৰো বৃদ্ধি হৈছে৷ আনহাতে, চুইজাৰলেণ্ডে আকৌ এবাৰ লকডাউনসদৃশ পৰিস্থিতিৰ সন্মুখীন হৈছে। ইউকেতো বৃদ্ধিপাইছে কৰ’নাৰ সংক্ৰমণ৷ ইউৰোপীয় দেশ জাৰ্মানীৰ চিকিৎসকসকলে দেশখনৰ নাগৰিকসকলক এণ্টি-ক’ভিড ভেকছিনৰ চতুৰ্থ পালি দিবলৈ পৰামৰ্শ আগবঢ়াইছে। জাৰ্মানীত, এতিয়ালৈকে ১.১ নিযুত লোকক এণ্টি-ক’ভিড ভেকচিনৰ তৃতীয়পালি দিয়া হৈছে।

অ’মিক্ৰমনৰ সংক্ৰমণৰ বাবে জটিল পৰিস্থিতিৰ ফালে ধাৱমাণ হৈছে বিট্ৰেইন৷ দেশখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত অ’মিক্ৰনৰ শংকাত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ভীৰ কৰিছে জনতাই৷ আনহাতে বিজ্ঞানীসকলৰ বিশ্লেষণ অনুসৰি, যদি বিট্ৰেনত জনতাৰ সমাগম বন্ধ কৰা নহয় তেনেহ’লে ক’ভিড পৰিস্থিতি বেয়াফাললৈ ধাৱমান হ’ব৷ ফলত অহা এপ্ৰিল মাহৰ অন্তঃভাগলৈকে ২৫ৰ পৰা ৭৫ হাজাৰ লোক প্ৰাণহানি হোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে বিগত ২৪ ঘণ্টাত ৪৪৮ টা নতুন সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। যাৰফলত দেশখনত অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ১,২৬৫লৈ বৃদ্ধি হৈছে।

ভাৰততো বৃদ্ধি পাইছে অ’মিক্ৰনৰ সংক্ৰমণ৷ অন্ধ্ৰ প্ৰদেশ, চণ্ডিগড় আৰু কেৰালাত অ'মিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে৷ ভাৰতত মুঠ ৩৮লৈ বৃদ্ধিপাইছে এই সংক্ৰমণ৷ তাৰ ভিতৰত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক অ’মিক্ৰনৰ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে৷ প্ৰকাশ পোৱা তথ্য অনুসৰি, বিদেশৰ পৰা অহা পাঁচজনৰ দেহত ধৰা পৰিছিল মাৰাত্মক নতুন ভাইৰাছবিধ৷ দেশনৰ ভিতৰত ১৮জন মহাৰাষ্ট্ৰৰ, ৯ জন ৰাজস্থানৰ ব্যক্তি দেহত ধৰা পৰিছে ক’ভিড সংক্ৰমণ৷ কৰ্ণাটকৰ আৰু গুজৰাটৰ ৩ জন, ৰাজধানী দিল্লীত ২জনৰ, কেৰালা, অন্ধ্ৰ প্ৰদেশ, চণ্ডিগড় আৰু অসমৰ ১জন লোকৰ দেহত ধৰা পৰিছে কৰ’নাৰ সংক্ৰমণ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু