--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক শোকাৱহ জাহাজ দুৰ্ঘটনাত ৯ জন কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাৰ লগতে ২জন লোক সন্ধানহীন হৈ আছে। চীনত সংঘটিত হৈছে এই শোকৱাহ দুৰ্ঘটনা। এখন মালবাহী জাহাজ সাগৰৰ মাজত দুৰ্ঘটনাত পতিত হয়। চীনৰ চানদং প্ৰদেশৰ সাগৰীয় উপকূলত দেওবাৰে সংঘটিত হয় এই দুৰ্ঘটনাটো। এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে উদ্ধাৰকাৰী দলে ৩ জন লোকক সাগৰৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰ অভিযানত ব্যাৱহাৰ হোৱা এখন হেলিকপ্তাৰ আৰু এখন জাহাজে বৰ্তমানেও সন্ধানহীন হৈ থকা দুজন লোকৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

চীনৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মালবাহী জাহাজখনত নাবিক আৰু অন্যান্য কৰ্মীকে ধৰি মুঠ ১৪ গৰাকী লোকে ভ্ৰমণ কৰি আছিল। পৰিবহণ মন্ত্ৰালয়ৰ বেইহাই উদ্ধাৰ ব্যুৰোয়ে কয় যে পূব চীনৰ চানদং প্ৰদেশৰ য়ানটাই চহৰৰ উপকূলত তেওঁলোকৰ মালবাহী জাহাজ ডুবি যোৱাৰ ফলত নজন কৰ্মচাৰীৰ মৃত্যু হৈছে। 'তিয়ানফেং ৩৬৯' নামৰ মালবাহী জাহাজখন দেওবাৰে পুৱা ইয়ানটাইৰ পৰা যাত্ৰা কৰোতে উত্তৰ-পূবত সাগৰৰ পানীত ডুব গৈছিল। মুঠ ১৪ জন ক্ৰু সদস্য অভিশপ্ত জাহাজখনত আছিল।

উদ্ধাৰকাৰী দলে দুৰ্ঘটনাটোৰ খবৰ পুৱা ৪:৪৩ বজাত লাভ কৰে আৰু তাৰপাছত উদ্ধাৰ অভিযান চলাবলৈ এখন উদ্ধাৰকাৰী হেলিকপ্টাৰ আৰু এখন উদ্ধাৰকাৰী জাহাজ প্ৰেৰণ কৰে। নিশা ১০ বজালৈকে উদ্ধাৰকাৰীসকলে ১২ জন লোকক পানীৰ পৰা উদ্ধাৰ কৰিছিল। ইয়াৰ ৯ জনকে মৃত অৱস্থাত পোৱা গৈছিল। তিনিজনক জীৱন্তে পোৱা গৈছিল আৰু দুজনৰ বৰ্তমানেও কোনো সন্ধান নাই। বাকী দুজন সন্ধানহীন কৰ্মচাৰীৰ উদ্ধাৰ অভিযান তীব্ৰগতিত চলাই থকা হৈছে। জাহাজখন চানদং প্ৰদেশৰ শৌগুয়াং চহৰৰ তিয়ানফেং মেৰিন শ্বিপিং কোম্পানী লিমিটেডৰ মালিকানাধীন আছিল।

আৰু পঢ়কঃ বিৰুষ্কাৰ ওচৰ-চুবুৰীয়া হ’ব বিকৰিনা! হেঁপাহৰ অন্ত নাই অনুৰাগীৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ