--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক শোকাৱহ জাহাজ দুৰ্ঘটনাত ৯ জন কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাৰ লগতে ২জন লোক সন্ধানহীন হৈ আছে। চীনত সংঘটিত হৈছে এই শোকৱাহ দুৰ্ঘটনা। এখন মালবাহী জাহাজ সাগৰৰ মাজত দুৰ্ঘটনাত পতিত হয়। চীনৰ চানদং প্ৰদেশৰ সাগৰীয় উপকূলত দেওবাৰে সংঘটিত হয় এই দুৰ্ঘটনাটো। এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে উদ্ধাৰকাৰী দলে ৩ জন লোকক সাগৰৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰ অভিযানত ব্যাৱহাৰ হোৱা এখন হেলিকপ্তাৰ আৰু এখন জাহাজে বৰ্তমানেও সন্ধানহীন হৈ থকা দুজন লোকৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

চীনৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মালবাহী জাহাজখনত নাবিক আৰু অন্যান্য কৰ্মীকে ধৰি মুঠ ১৪ গৰাকী লোকে ভ্ৰমণ কৰি আছিল। পৰিবহণ মন্ত্ৰালয়ৰ বেইহাই উদ্ধাৰ ব্যুৰোয়ে কয় যে পূব চীনৰ চানদং প্ৰদেশৰ য়ানটাই চহৰৰ উপকূলত তেওঁলোকৰ মালবাহী জাহাজ ডুবি যোৱাৰ ফলত নজন কৰ্মচাৰীৰ মৃত্যু হৈছে। 'তিয়ানফেং ৩৬৯' নামৰ মালবাহী জাহাজখন দেওবাৰে পুৱা ইয়ানটাইৰ পৰা যাত্ৰা কৰোতে উত্তৰ-পূবত সাগৰৰ পানীত ডুব গৈছিল। মুঠ ১৪ জন ক্ৰু সদস্য অভিশপ্ত জাহাজখনত আছিল।

উদ্ধাৰকাৰী দলে দুৰ্ঘটনাটোৰ খবৰ পুৱা ৪:৪৩ বজাত লাভ কৰে আৰু তাৰপাছত উদ্ধাৰ অভিযান চলাবলৈ এখন উদ্ধাৰকাৰী হেলিকপ্টাৰ আৰু এখন উদ্ধাৰকাৰী জাহাজ প্ৰেৰণ কৰে। নিশা ১০ বজালৈকে উদ্ধাৰকাৰীসকলে ১২ জন লোকক পানীৰ পৰা উদ্ধাৰ কৰিছিল। ইয়াৰ ৯ জনকে মৃত অৱস্থাত পোৱা গৈছিল। তিনিজনক জীৱন্তে পোৱা গৈছিল আৰু দুজনৰ বৰ্তমানেও কোনো সন্ধান নাই। বাকী দুজন সন্ধানহীন কৰ্মচাৰীৰ উদ্ধাৰ অভিযান তীব্ৰগতিত চলাই থকা হৈছে। জাহাজখন চানদং প্ৰদেশৰ শৌগুয়াং চহৰৰ তিয়ানফেং মেৰিন শ্বিপিং কোম্পানী লিমিটেডৰ মালিকানাধীন আছিল।

আৰু পঢ়কঃ বিৰুষ্কাৰ ওচৰ-চুবুৰীয়া হ’ব বিকৰিনা! হেঁপাহৰ অন্ত নাই অনুৰাগীৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু