--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰ্দাত তেওঁ সদায়ে দুৰ্দান্ত, অপৰাজেয়। যিকোনো প্ৰতিদ্বন্দ্বীকে তেওঁ ধৰাশায়ী কৰি তোলে অনায়াসে। পিছে ৰীয়েল লাইফত সদায় এনে চমৎকাৰিত্ব সম্ভৱ নহয়। অবাঞ্চিত বহু বিঘিনি বিপৰ্যয়ে বাট ভেটে সন্মুখৰ। ছুপাৰষ্টাৰ ছলমানৰ ক্ষেত্ৰতো সেয়ে হ’ল। জন্মদিনলৈ মাজত এটা মাত্ৰ দিন থকা অৱস্থাত তেওঁ হাস্পতালৰ বিছনা পাবগৈলগীয়া হ’ল। কোনো ৰোগ বা অসুস্থতাৰ বাবে পিছে নহয় তেওঁ হাস্পতালৰ বিছনা পাবগৈলগীয়া হ’ল সৰ্পদংশনৰ বাবেহে। যোৱা শনিবাৰে ছলমান মুখামুখি হ’বলগীয়া এই অবাঞ্চিত পৰিস্থিতিৰ। তেওঁৰ পানৱেলত থকা ফাৰ্ম হাউছত তেওঁক তিনিবাৰকৈ দংশন কৰিলে এডাল সাপে। অৱশ্যে সৌভাগ্যক্ৰমে সাপডাল বিষাক্ত নাছিল বাবে ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিল ছল্লু ভাই। ছলমানে এই ভয়ংকৰ অভিজ্ঞতাৰ কথা অতি সৰসভাৱে বৰ্ণনা কৰিছে সংবাদ মাধ্যমৰ আগত। নৱী মুম্বাইৰ কামোথেৰ এখন হাস্পতালত প্ৰায় ছঘণ্টা চিকিৎসা গ্ৰহণৰ পাছত দেওবাৰে পুৱাহে তেওঁ হাস্পতালৰ পৰা মুকলি হয়। লগে লগে তেওঁৰ অনুৰাগীসকলৰ উৎকণ্ঠাৰো অৱসান ঘটে। হাস্পতালৰ পৰা মুকলি হোৱাৰ পাছতে ছলমানে সাংবাদিকসকলৰ আগত এই বিষয়ে সৰস বৰ্ণনা দাঙি ধৰে।


তেওঁ কয় সাপডাল উদ্ধাৰ হোৱাৰ পাছতে তেওঁ তাক মৰমেৰে দাঙি নি আঁতৰাই পঠিয়াব খুজিছিল যদিও যিডাল লাঠীৰে তেওঁ তাক কঢ়িয়াই নিয়াৰ চেষ্টা কৰিছিল সেই লাঠীডালত বগুৱা বাই আহি সাপটোৱে তেওঁক প্ৰথমে দুবাৰ খোঁট মাৰে। তাৰ পাছতে ওচৰে-পাঁজৰে থকা লোকসকলে চিঞৰ-বাখৰ আৰম্ভ কৰে আৰু হাস্পতাল, হাস্পতাল বুলি চিঞৰিবলৈ ধৰে। সেই সময়তে তৃতীয়টো খোঁট মাৰে সাপটোৱে। তাৰ পাছত ছলমান কিছু বিচলিত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। হাস্পতালত তেওঁক এণ্টিভেনম প্ৰদান কৰাৰ পাছত ভালেমান সময় নিৰীক্ষণৰ মাজত ৰখা হয়। দেওবাৰে তেওঁ ফাৰ্ম হাউছত উপস্থিত হৈ জন্মদিন পালন কৰে। তেওঁ সাপে খোঁটা বুলি জনাৰ পাছতে তেওঁৰ ভগ্নী অৰ্পিতা অতি শংকিত হৈ পৰা বুলি ছলমানে সদৰি কৰে। ছলামানে সাপটোৰ ফটো উঠাই অৰ্পিতা হাস্পতালৰ পৰা অহাৰ পাছত দেখুৱাই ৰসিকতা কৰাৰ কথাও প্ৰকাশ কৰে। ছলমানে তেওঁক দংশন কৰা সাপটো সুকলমে জংঘললৈ উভতি যোৱা বুলিও তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয়, ‘হাস্পতালৰ পৰা উভতি অহাৰ পাছত মই জানিব পাৰিছিলোঁ যে, অৰ্পিতা অতি শংকিত হৈ পৰিছে। সেয়ে মই সাপটোৰ সৈত ফটো উঠাই তাইক দেখুৱাইছিলোঁ আৰু কৈছিলোঁ যে, এতিয়া সাপৰ সৈতে বন্ধুত্ব হৈ গ’ল। মোৰ দেউতাই মোক সুধিছিল, কি হ’ল? সাপটো জীয়াই আছেনে? মই উত্তৰ দিছিলোঁ, হয় সাঁপ ভী জিন্দা হ্যে, টাইগাৰ ভী জিন্দা হ্যে… সাপো জীয়াই আছে, টাইগাৰো জীয়াই আছে…’ উদ্বিগ্ন পিতৃক প্ৰবোধ দিবলৈ ছলমানে এনে ৰসিকতাৰে উত্তৰ দিছিল। এনে আকস্মিক দুৰ্যোগৰ পাছতো ছলমানৰ এই ৰসিকতা আৰু নিৰ্ভীক মনোবৃত্তিয়ে সকলোকে আমোদ দিয়া দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ