--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰ্দাত তেওঁ সদায়ে দুৰ্দান্ত, অপৰাজেয়। যিকোনো প্ৰতিদ্বন্দ্বীকে তেওঁ ধৰাশায়ী কৰি তোলে অনায়াসে। পিছে ৰীয়েল লাইফত সদায় এনে চমৎকাৰিত্ব সম্ভৱ নহয়। অবাঞ্চিত বহু বিঘিনি বিপৰ্যয়ে বাট ভেটে সন্মুখৰ। ছুপাৰষ্টাৰ ছলমানৰ ক্ষেত্ৰতো সেয়ে হ’ল। জন্মদিনলৈ মাজত এটা মাত্ৰ দিন থকা অৱস্থাত তেওঁ হাস্পতালৰ বিছনা পাবগৈলগীয়া হ’ল। কোনো ৰোগ বা অসুস্থতাৰ বাবে পিছে নহয় তেওঁ হাস্পতালৰ বিছনা পাবগৈলগীয়া হ’ল সৰ্পদংশনৰ বাবেহে। যোৱা শনিবাৰে ছলমান মুখামুখি হ’বলগীয়া এই অবাঞ্চিত পৰিস্থিতিৰ। তেওঁৰ পানৱেলত থকা ফাৰ্ম হাউছত তেওঁক তিনিবাৰকৈ দংশন কৰিলে এডাল সাপে। অৱশ্যে সৌভাগ্যক্ৰমে সাপডাল বিষাক্ত নাছিল বাবে ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিল ছল্লু ভাই। ছলমানে এই ভয়ংকৰ অভিজ্ঞতাৰ কথা অতি সৰসভাৱে বৰ্ণনা কৰিছে সংবাদ মাধ্যমৰ আগত। নৱী মুম্বাইৰ কামোথেৰ এখন হাস্পতালত প্ৰায় ছঘণ্টা চিকিৎসা গ্ৰহণৰ পাছত দেওবাৰে পুৱাহে তেওঁ হাস্পতালৰ পৰা মুকলি হয়। লগে লগে তেওঁৰ অনুৰাগীসকলৰ উৎকণ্ঠাৰো অৱসান ঘটে। হাস্পতালৰ পৰা মুকলি হোৱাৰ পাছতে ছলমানে সাংবাদিকসকলৰ আগত এই বিষয়ে সৰস বৰ্ণনা দাঙি ধৰে।


তেওঁ কয় সাপডাল উদ্ধাৰ হোৱাৰ পাছতে তেওঁ তাক মৰমেৰে দাঙি নি আঁতৰাই পঠিয়াব খুজিছিল যদিও যিডাল লাঠীৰে তেওঁ তাক কঢ়িয়াই নিয়াৰ চেষ্টা কৰিছিল সেই লাঠীডালত বগুৱা বাই আহি সাপটোৱে তেওঁক প্ৰথমে দুবাৰ খোঁট মাৰে। তাৰ পাছতে ওচৰে-পাঁজৰে থকা লোকসকলে চিঞৰ-বাখৰ আৰম্ভ কৰে আৰু হাস্পতাল, হাস্পতাল বুলি চিঞৰিবলৈ ধৰে। সেই সময়তে তৃতীয়টো খোঁট মাৰে সাপটোৱে। তাৰ পাছত ছলমান কিছু বিচলিত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। হাস্পতালত তেওঁক এণ্টিভেনম প্ৰদান কৰাৰ পাছত ভালেমান সময় নিৰীক্ষণৰ মাজত ৰখা হয়। দেওবাৰে তেওঁ ফাৰ্ম হাউছত উপস্থিত হৈ জন্মদিন পালন কৰে। তেওঁ সাপে খোঁটা বুলি জনাৰ পাছতে তেওঁৰ ভগ্নী অৰ্পিতা অতি শংকিত হৈ পৰা বুলি ছলমানে সদৰি কৰে। ছলামানে সাপটোৰ ফটো উঠাই অৰ্পিতা হাস্পতালৰ পৰা অহাৰ পাছত দেখুৱাই ৰসিকতা কৰাৰ কথাও প্ৰকাশ কৰে। ছলমানে তেওঁক দংশন কৰা সাপটো সুকলমে জংঘললৈ উভতি যোৱা বুলিও তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয়, ‘হাস্পতালৰ পৰা উভতি অহাৰ পাছত মই জানিব পাৰিছিলোঁ যে, অৰ্পিতা অতি শংকিত হৈ পৰিছে। সেয়ে মই সাপটোৰ সৈত ফটো উঠাই তাইক দেখুৱাইছিলোঁ আৰু কৈছিলোঁ যে, এতিয়া সাপৰ সৈতে বন্ধুত্ব হৈ গ’ল। মোৰ দেউতাই মোক সুধিছিল, কি হ’ল? সাপটো জীয়াই আছেনে? মই উত্তৰ দিছিলোঁ, হয় সাঁপ ভী জিন্দা হ্যে, টাইগাৰ ভী জিন্দা হ্যে… সাপো জীয়াই আছে, টাইগাৰো জীয়াই আছে…’ উদ্বিগ্ন পিতৃক প্ৰবোধ দিবলৈ ছলমানে এনে ৰসিকতাৰে উত্তৰ দিছিল। এনে আকস্মিক দুৰ্যোগৰ পাছতো ছলমানৰ এই ৰসিকতা আৰু নিৰ্ভীক মনোবৃত্তিয়ে সকলোকে আমোদ দিয়া দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু