--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ছুপাৰটেক টুইন টাৱাৰ, এডিফিচ ইঞ্জিনিয়াৰিং আৰু জেট ডেম’লিশ্বন ধ্বংস কৰিবলৈ নয়ডা কৰ্তৃপক্ষই বাছনি কৰা প্ৰতিষ্ঠানসমূহে ১০ এপ্ৰিলত নয়ডাৰ চেক্টৰ ৯৩ এ-ৰ স্থানত হোৱা পৰীক্ষামূলক বিস্ফোৰণৰ পূৰ্বে চুবুৰীয়া অঞ্চলৰ বাসিন্দাসকললৈ জাৰি কৰিছে এক নিৰ্দেশনা।

মূল বিস্ফোৰণৰ বাবে প্ৰয়োজনীয় বিস্ফোৰকৰ সঠিক পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ এটা পৰীক্ষামূলক বিস্ফোৰণৰ প্ৰয়োজন। এই বিষ্ফোৰণ কাৰ্য দেওবাৰে দুপৰীয়া ২.৩০ বজাত সম্পন্ন কৰা হ'ব বুলি প্ৰকাশ পাইছে। পৰীক্ষামূলক বিস্ফোৰণৰ বাবে, পাঁচটা স্তম্ভ - বেচমেণ্টত ৪টা আৰু ১৪ নম্বৰ মহলাত এটা  ৫ কিলোগ্ৰাম বিস্ফোৰকৰ সহায়ত এপেক্স টাৱাৰত বিস্ফোৰণ ঘটোৱা হ'ব।

প্ৰকাশ পোৱা নিৰ্দেশনা অনুসৰি, সকলো আৱাসীয়ে তেওঁলোকৰ এপাৰ্টমেণ্টৰ ভিতৰত থাকিব লাগিব আৰু আবেলি ২.১৫ বজাৰ পৰা ২.৪৫ বজাৰ ভিতৰত তেওঁলোকৰ বেলকনিত থিয় হোৱাৰ পৰা বিৰত থাকিব লাগিব। এই সময়ছোৱাত দুটা টাৱাৰৰ বাহিৰত যান-বাহনৰ চলাচলতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জৰুৰীকালীন সেৱা যেনে অগ্নি নিৰ্বাপক বাহন আৰু এম্বুলেন্সকো ষ্টেণ্ড বাই কৰি ৰখা হ'ব। বিস্ফোৰণ প্ৰক্ৰিয়া সম্পাদন হোৱাৰ পাছত, এসপ্তাহৰ ভিতৰত এখন প্ৰতিবেদনো প্ৰস্তুত কৰা হ'ব। এই প্ৰতিবেদনে অহা মাহত  দুটা টাৱাৰ ধ্বংসৰ বাবে প্ৰয়োজন হোৱা বিস্ফোৰকৰ প্ৰকাৰ আৰু পৰিমাণ সম্পৰ্কীয় বিৱৰণ প্ৰদান কৰিব বুলিও জানিবলৈ পোৱা গৈছে।

২২ মে'ত নয়ডাৰ চেক্টৰ ৯৩ এ ত ছুপাৰটেক টুইন টাৱাৰ ধ্বংস কৰিবলৈ ৯ ছেকেণ্ড সময় লাগিব। নয়ডা কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ক জনাইছিল যে নয়ডাৰ দুটা ৪০ মহলীয়া টাৱাৰ ধ্বংসৰ কাম আৰম্ভ হৈছে আৰু ২২ মে'ৰ ভিতৰত সম্পূৰ্ণ হ'ব।

ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিবলৈ প্ৰায় ৩ মাহ সময় লাগিব আৰু প্ৰক্ৰিয়াটো ২২ আগষ্টৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। বিগত বৰ্ষৰ আগষ্ট মাহত, উচ্চতম ন্যায়ালয়ে দুটা ছুপাৰটেক অট্টালিকা- এপেক্স আৰু কেয়ান-ক মাটিত পেলাই দিয়াৰ নিৰ্দেশ দিছিল।

অট্টালিকা অবৈধ ঘোষণা কৰা হৈছে-

২০১৪ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে অট্টালিকাসমূহ অবৈধ ঘোষণা কৰা হৈছিল৷ ছুপাৰটেক এমাৰ্ল্ড আদালত প্ৰকল্পৰ বাসিন্দাসকলে দাবী কৰে যে, এই ভৱনবোৰ ৰাষ্ট্ৰীয় ভৱন বিধি উলংঘা কৰি নিৰ্মাণ কৰা হৈছিল। আদালতে তেতিয়া ধ্বংসৰ নিৰ্দেশ দিছিল আৰু সেই টাৱাৰবোৰত ফ্লেট বুক কৰা ক্ৰেতাসকলক বিনিয়োগ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক