--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ছুপাৰটেক টুইন টাৱাৰ, এডিফিচ ইঞ্জিনিয়াৰিং আৰু জেট ডেম’লিশ্বন ধ্বংস কৰিবলৈ নয়ডা কৰ্তৃপক্ষই বাছনি কৰা প্ৰতিষ্ঠানসমূহে ১০ এপ্ৰিলত নয়ডাৰ চেক্টৰ ৯৩ এ-ৰ স্থানত হোৱা পৰীক্ষামূলক বিস্ফোৰণৰ পূৰ্বে চুবুৰীয়া অঞ্চলৰ বাসিন্দাসকললৈ জাৰি কৰিছে এক নিৰ্দেশনা।

মূল বিস্ফোৰণৰ বাবে প্ৰয়োজনীয় বিস্ফোৰকৰ সঠিক পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ এটা পৰীক্ষামূলক বিস্ফোৰণৰ প্ৰয়োজন। এই বিষ্ফোৰণ কাৰ্য দেওবাৰে দুপৰীয়া ২.৩০ বজাত সম্পন্ন কৰা হ'ব বুলি প্ৰকাশ পাইছে। পৰীক্ষামূলক বিস্ফোৰণৰ বাবে, পাঁচটা স্তম্ভ - বেচমেণ্টত ৪টা আৰু ১৪ নম্বৰ মহলাত এটা  ৫ কিলোগ্ৰাম বিস্ফোৰকৰ সহায়ত এপেক্স টাৱাৰত বিস্ফোৰণ ঘটোৱা হ'ব।

প্ৰকাশ পোৱা নিৰ্দেশনা অনুসৰি, সকলো আৱাসীয়ে তেওঁলোকৰ এপাৰ্টমেণ্টৰ ভিতৰত থাকিব লাগিব আৰু আবেলি ২.১৫ বজাৰ পৰা ২.৪৫ বজাৰ ভিতৰত তেওঁলোকৰ বেলকনিত থিয় হোৱাৰ পৰা বিৰত থাকিব লাগিব। এই সময়ছোৱাত দুটা টাৱাৰৰ বাহিৰত যান-বাহনৰ চলাচলতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জৰুৰীকালীন সেৱা যেনে অগ্নি নিৰ্বাপক বাহন আৰু এম্বুলেন্সকো ষ্টেণ্ড বাই কৰি ৰখা হ'ব। বিস্ফোৰণ প্ৰক্ৰিয়া সম্পাদন হোৱাৰ পাছত, এসপ্তাহৰ ভিতৰত এখন প্ৰতিবেদনো প্ৰস্তুত কৰা হ'ব। এই প্ৰতিবেদনে অহা মাহত  দুটা টাৱাৰ ধ্বংসৰ বাবে প্ৰয়োজন হোৱা বিস্ফোৰকৰ প্ৰকাৰ আৰু পৰিমাণ সম্পৰ্কীয় বিৱৰণ প্ৰদান কৰিব বুলিও জানিবলৈ পোৱা গৈছে।

২২ মে'ত নয়ডাৰ চেক্টৰ ৯৩ এ ত ছুপাৰটেক টুইন টাৱাৰ ধ্বংস কৰিবলৈ ৯ ছেকেণ্ড সময় লাগিব। নয়ডা কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ক জনাইছিল যে নয়ডাৰ দুটা ৪০ মহলীয়া টাৱাৰ ধ্বংসৰ কাম আৰম্ভ হৈছে আৰু ২২ মে'ৰ ভিতৰত সম্পূৰ্ণ হ'ব।

ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিবলৈ প্ৰায় ৩ মাহ সময় লাগিব আৰু প্ৰক্ৰিয়াটো ২২ আগষ্টৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। বিগত বৰ্ষৰ আগষ্ট মাহত, উচ্চতম ন্যায়ালয়ে দুটা ছুপাৰটেক অট্টালিকা- এপেক্স আৰু কেয়ান-ক মাটিত পেলাই দিয়াৰ নিৰ্দেশ দিছিল।

অট্টালিকা অবৈধ ঘোষণা কৰা হৈছে-

২০১৪ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে অট্টালিকাসমূহ অবৈধ ঘোষণা কৰা হৈছিল৷ ছুপাৰটেক এমাৰ্ল্ড আদালত প্ৰকল্পৰ বাসিন্দাসকলে দাবী কৰে যে, এই ভৱনবোৰ ৰাষ্ট্ৰীয় ভৱন বিধি উলংঘা কৰি নিৰ্মাণ কৰা হৈছিল। আদালতে তেতিয়া ধ্বংসৰ নিৰ্দেশ দিছিল আৰু সেই টাৱাৰবোৰত ফ্লেট বুক কৰা ক্ৰেতাসকলক বিনিয়োগ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন