--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ভাৰতীয় ছাত্ৰক কানাডিয়ান চাবৱেত গুলীয়াই হত্যা কৰা হৈছে। ২১ বছৰীয়া কাৰ্তিক বাসুদেৱ নামৰ ভাৰতীয় যুৱকজনৰ মৃত্য হৈছে। ছাত্ৰজনৰ মৃত্যুত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শোক প্ৰকাশ কৰিছে

কাৰ্তিক বাসুদেৱে কানাডাৰ টৰণ্টো চহৰত কাম কৰিছিল। ঘৰৰ পৰা কৰ্মক্ষেত্ৰলৈ উলাই যাওঁতে, সাবৱে’চহৰত প্ৰৱেশ কৰোঁতে, তেওঁক দুৰ্বৃত্তই গুলীয়াইছিল। টৰণ্টো চিটী পুলিচে কয় যে, কাৰ্তিকক বৃহস্পতিবাৰে নিশা গ্লেন ৰোড চাবৱেত প্ৰৱেশ কৰাৰ সময়ত গুলীয়াই হত্যা কৰা হৈছিল। তেওঁক এজন পেৰামেডিকেল কৰ্মচাৰীয়ে ৰক্তক্ষয়ী অৱস্থাত উদ্ধাৰ কৰিছিল। আঘাতপ্ৰাপ্ত ভাৰতীয় ছাত্ৰজনক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অৱশ্যে, তাত থকা চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। টৰণ্টো আৰক্ষীৰ হত্যাকাৰী শাখাই ঘটনাটোৰ তদন্ত কৰি আছে।

ঘটনাটোৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা সকলো সাক্ষীক আৰক্ষীয়ে সোধা-পোছা কৰি আছে। ঘটনাস্থলীৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ঘটনাটোক লৈ গভীৰভাৱে চিন্তিত। তেওঁ টুইট কৰে, ‘আমি অতি শংকিত। এই দুৰ্ভাগ্যজনক ঘটনাটোত মই দুঃখিত। কালি টৰণ্টোত কাৰ্তিক বাসুদেৱ নামৰ এজন ছাত্ৰৰ হত্যাৰ সন্দৰ্ভত ভাৰতীয় দূতাবাসৰ সৈতে ইতিমধ্যে যোগাযোগ কৰা হৈছে। ঘটনাৰ সৱিশেষ জানিবলৈ  চেষ্টা কৰা হৈছে। লগতে তেওঁ কয় যে, ‘আমি মৃত ছাত্ৰজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছো। আমি পৰিয়ালৰ লোকৰ প্ৰতি সহানুভূতি শীল।’ প্ৰসংগক্ৰমে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধত এজন ভাৰতীয় ছাত্ৰ নিহত হৈছিল। খাৰকিভ চহৰত ৰকেট আক্ৰমণত অধ্যয়ন কৰি থকা কৰ্ণাটকৰ এজন ছাত্ৰৰ দুৰ্ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন