--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ভাৰতীয় ছাত্ৰক কানাডিয়ান চাবৱেত গুলীয়াই হত্যা কৰা হৈছে। ২১ বছৰীয়া কাৰ্তিক বাসুদেৱ নামৰ ভাৰতীয় যুৱকজনৰ মৃত্য হৈছে। ছাত্ৰজনৰ মৃত্যুত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শোক প্ৰকাশ কৰিছে

কাৰ্তিক বাসুদেৱে কানাডাৰ টৰণ্টো চহৰত কাম কৰিছিল। ঘৰৰ পৰা কৰ্মক্ষেত্ৰলৈ উলাই যাওঁতে, সাবৱে’চহৰত প্ৰৱেশ কৰোঁতে, তেওঁক দুৰ্বৃত্তই গুলীয়াইছিল। টৰণ্টো চিটী পুলিচে কয় যে, কাৰ্তিকক বৃহস্পতিবাৰে নিশা গ্লেন ৰোড চাবৱেত প্ৰৱেশ কৰাৰ সময়ত গুলীয়াই হত্যা কৰা হৈছিল। তেওঁক এজন পেৰামেডিকেল কৰ্মচাৰীয়ে ৰক্তক্ষয়ী অৱস্থাত উদ্ধাৰ কৰিছিল। আঘাতপ্ৰাপ্ত ভাৰতীয় ছাত্ৰজনক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অৱশ্যে, তাত থকা চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। টৰণ্টো আৰক্ষীৰ হত্যাকাৰী শাখাই ঘটনাটোৰ তদন্ত কৰি আছে।

ঘটনাটোৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা সকলো সাক্ষীক আৰক্ষীয়ে সোধা-পোছা কৰি আছে। ঘটনাস্থলীৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ঘটনাটোক লৈ গভীৰভাৱে চিন্তিত। তেওঁ টুইট কৰে, ‘আমি অতি শংকিত। এই দুৰ্ভাগ্যজনক ঘটনাটোত মই দুঃখিত। কালি টৰণ্টোত কাৰ্তিক বাসুদেৱ নামৰ এজন ছাত্ৰৰ হত্যাৰ সন্দৰ্ভত ভাৰতীয় দূতাবাসৰ সৈতে ইতিমধ্যে যোগাযোগ কৰা হৈছে। ঘটনাৰ সৱিশেষ জানিবলৈ  চেষ্টা কৰা হৈছে। লগতে তেওঁ কয় যে, ‘আমি মৃত ছাত্ৰজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছো। আমি পৰিয়ালৰ লোকৰ প্ৰতি সহানুভূতি শীল।’ প্ৰসংগক্ৰমে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধত এজন ভাৰতীয় ছাত্ৰ নিহত হৈছিল। খাৰকিভ চহৰত ৰকেট আক্ৰমণত অধ্যয়ন কৰি থকা কৰ্ণাটকৰ এজন ছাত্ৰৰ দুৰ্ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি