--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছুপ্ৰীম কোৰ্টৰ ন্যায়াধীশ ৰূপে শুকুৰবাৰে শপতগ্রহণ কৰিলে অসম সন্তান উজ্জ্বল ভূঞাই। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব আছে উজ্জ্বল ভূঞা।

ছুপ্ৰীম কোৰ্টৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে শপত বাক্য পাঠ কৰোৱাই উজ্জ্বল ভূঞাক। তেওঁৰ লগতে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ ভি ভাট্টিয়েও শপত গ্রহণ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ হিচাপে। আজিৰে পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৩২ গৰাকীলৈ বৃদ্ধি হয়।

২০১১ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব লোৱা ভূঞাই বিগত বৰ্ষৰ ২৮ জুনৰ পৰা তেলেংগানাৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব পালন কৰি আছে। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ ব'ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব পালন কৰিছিল।

১৯৬৪ চনত গুৱাহাটীত জন্মগ্রহণ কৰা ন্যায়াধীশ ভূঞাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল এম ডিগ্ৰী গ্ৰহণ কৰাৰ পিচত ১৯৯১ চনত গুৱাহাটীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ বাৰ কাউন্সিলৰ সৈতে জড়িত হৈছিল। ২০১১ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।


২০১৯ চনত তেওঁ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব গ্রহণ কৰিছিল। কলেজিয়ামাৰ পৰামৰ্শ অনুসৰি ন্যায়াধীশ ভূঞাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব লাভ কৰিলে সর্বোচ্চ ন্যায়ালয়ত অসমৰ ন্যায়াধীশৰ সংখ্যা দুজনলৈ বৃদ্ধি পাব।

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত অসম সন্তান ন্যায়াধীশ হৃষীকেশ ৰয়ে উচ্চতম ন্যায়ালয়ৰ ন্যয়াধীশৰূপে শপত গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৫ চনলৈকে আছে।

কলেজিয়ামৰ প্ৰস্তাৱত উজ্জল ভূঞা সম্পৰ্কত কোৱা হৈছে, “ন্যায়াধীশ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে আৰু তেলেংগানা ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দীৰ্ঘদিনীয়া কাৰ্যকালত ন্যায়াধীশ ভূঞাই আইনৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অভিজ্ঞতা আহৰণ কৰিছে। তেওঁ কৰ আইনত বিশেষজ্ঞতা তথা জ্ঞানৰ দখল আহৰণ কৰিছে। তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও কাম কৰি আহিছে আৰু কৰ  সংক্ৰান্তকে ধৰি বহুতো গোচৰৰ সৈতে মোকাবিলা কৰিছে।তেওঁৰ ৰায়দানসমূহে আইন আৰু ন্যায়ৰ সৈতে জড়িত বিস্তৃত বিষয়সমূহ সামৰি লৈছে। ন্যায়াধীশ উজ্জ্বল ভূঞা এগৰাকী সততা আৰু দক্ষতাৰ বাবে সুনাম থকা ন্যায়াধীশ।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস