--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছুপ্ৰীম কোৰ্টৰ ন্যায়াধীশ ৰূপে শুকুৰবাৰে শপতগ্রহণ কৰিলে অসম সন্তান উজ্জ্বল ভূঞাই। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব আছে উজ্জ্বল ভূঞা।

ছুপ্ৰীম কোৰ্টৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে শপত বাক্য পাঠ কৰোৱাই উজ্জ্বল ভূঞাক। তেওঁৰ লগতে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ ভি ভাট্টিয়েও শপত গ্রহণ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ হিচাপে। আজিৰে পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৩২ গৰাকীলৈ বৃদ্ধি হয়।

২০১১ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব লোৱা ভূঞাই বিগত বৰ্ষৰ ২৮ জুনৰ পৰা তেলেংগানাৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব পালন কৰি আছে। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ ব'ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব পালন কৰিছিল।

১৯৬৪ চনত গুৱাহাটীত জন্মগ্রহণ কৰা ন্যায়াধীশ ভূঞাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল এম ডিগ্ৰী গ্ৰহণ কৰাৰ পিচত ১৯৯১ চনত গুৱাহাটীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ বাৰ কাউন্সিলৰ সৈতে জড়িত হৈছিল। ২০১১ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।


২০১৯ চনত তেওঁ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব গ্রহণ কৰিছিল। কলেজিয়ামাৰ পৰামৰ্শ অনুসৰি ন্যায়াধীশ ভূঞাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে দায়িত্ব লাভ কৰিলে সর্বোচ্চ ন্যায়ালয়ত অসমৰ ন্যায়াধীশৰ সংখ্যা দুজনলৈ বৃদ্ধি পাব।

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত অসম সন্তান ন্যায়াধীশ হৃষীকেশ ৰয়ে উচ্চতম ন্যায়ালয়ৰ ন্যয়াধীশৰূপে শপত গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৫ চনলৈকে আছে।

কলেজিয়ামৰ প্ৰস্তাৱত উজ্জল ভূঞা সম্পৰ্কত কোৱা হৈছে, “ন্যায়াধীশ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে আৰু তেলেংগানা ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দীৰ্ঘদিনীয়া কাৰ্যকালত ন্যায়াধীশ ভূঞাই আইনৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অভিজ্ঞতা আহৰণ কৰিছে। তেওঁ কৰ আইনত বিশেষজ্ঞতা তথা জ্ঞানৰ দখল আহৰণ কৰিছে। তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও কাম কৰি আহিছে আৰু কৰ  সংক্ৰান্তকে ধৰি বহুতো গোচৰৰ সৈতে মোকাবিলা কৰিছে।তেওঁৰ ৰায়দানসমূহে আইন আৰু ন্যায়ৰ সৈতে জড়িত বিস্তৃত বিষয়সমূহ সামৰি লৈছে। ন্যায়াধীশ উজ্জ্বল ভূঞা এগৰাকী সততা আৰু দক্ষতাৰ বাবে সুনাম থকা ন্যায়াধীশ।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন