--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ পৰা অনা সপ্তমটো চিতাৰ মৃত্যুৰ কেইদিনমান পাছত নামিবিয়াৰ পৰা স্থানান্তৰিত চিতা সূৰুজৰ শুকুৰবাৰে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হয়। যোৱা পাঁচ মাহত মৃত্যু হোৱা অষ্টমজন চিতা সূৰুজ।

সূৰুজৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। সূৰুজৰ মৃত্যুৰ পাছত দহটা চিতা কুনো ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া হয়। ইয়াৰ পূৰ্বে মঙলবাৰে চিতা তেজছৰ আঘাতৰ পাছত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

২৭ মাৰ্চত প্ৰথম চিতাৰ মৃত্যুৰ খবৰ পোৱা গৈছিল- বৃক্কৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল মহিলা চিতা ছাছাৰ। এপ্ৰিল মাহত দক্ষিণ আফ্ৰিকাৰ মতা চিতাবোৰৰ ভিতৰত অন্যতম উদয়ৰ হৃদযন্ত্ৰৰ সমস্যাত মৃত্যু হয়। ইয়াৰ পূৰ্বে মে’ মাহত দক্ষিণ আফ্ৰিকাৰ দক্ষা নামৰ মাইকী চিতা দুটা মতা চিতাৰ সৈতে হোৱা কাজিয়াত মৃত্যু হৈছিল।

মাৰ্চ মাহত ছিয়ায়া (জ্বালা)ৰ চাৰিটা পোৱালিৰ জন্ম হয়। কিন্তু দুমাহমানৰ পাছত মে’ মাহত কুনোত চিতা ছিয়ায়াৰ দুমহীয়া পোৱালি এটাৰ মৃত্যু হয়। প্ৰাইমা ফেচি, দুৰ্বলতাৰ বাবে পোৱালিটোৰ মৃত্যু হয়। প্ৰথম পোৱালিটোৰ মৃত্যুৰ কিছুদিন পাছত সেই মাহতে আৰু দুটা চিয়ায়াৰ পোৱালিৰ মৃত্যু হয়।

উল্লেখ্য যে, নামিবিয়াৰ পৰা ৮টা চিতা ভাৰতলৈ আনি যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত কুনোত মুকলি কৰি দিয়া হৈছিল। ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২টা চিতা অনা হৈছিল ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল