--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ পৰা অনা সপ্তমটো চিতাৰ মৃত্যুৰ কেইদিনমান পাছত নামিবিয়াৰ পৰা স্থানান্তৰিত চিতা সূৰুজৰ শুকুৰবাৰে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হয়। যোৱা পাঁচ মাহত মৃত্যু হোৱা অষ্টমজন চিতা সূৰুজ।

সূৰুজৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। সূৰুজৰ মৃত্যুৰ পাছত দহটা চিতা কুনো ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া হয়। ইয়াৰ পূৰ্বে মঙলবাৰে চিতা তেজছৰ আঘাতৰ পাছত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

২৭ মাৰ্চত প্ৰথম চিতাৰ মৃত্যুৰ খবৰ পোৱা গৈছিল- বৃক্কৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল মহিলা চিতা ছাছাৰ। এপ্ৰিল মাহত দক্ষিণ আফ্ৰিকাৰ মতা চিতাবোৰৰ ভিতৰত অন্যতম উদয়ৰ হৃদযন্ত্ৰৰ সমস্যাত মৃত্যু হয়। ইয়াৰ পূৰ্বে মে’ মাহত দক্ষিণ আফ্ৰিকাৰ দক্ষা নামৰ মাইকী চিতা দুটা মতা চিতাৰ সৈতে হোৱা কাজিয়াত মৃত্যু হৈছিল।

মাৰ্চ মাহত ছিয়ায়া (জ্বালা)ৰ চাৰিটা পোৱালিৰ জন্ম হয়। কিন্তু দুমাহমানৰ পাছত মে’ মাহত কুনোত চিতা ছিয়ায়াৰ দুমহীয়া পোৱালি এটাৰ মৃত্যু হয়। প্ৰাইমা ফেচি, দুৰ্বলতাৰ বাবে পোৱালিটোৰ মৃত্যু হয়। প্ৰথম পোৱালিটোৰ মৃত্যুৰ কিছুদিন পাছত সেই মাহতে আৰু দুটা চিয়ায়াৰ পোৱালিৰ মৃত্যু হয়।

উল্লেখ্য যে, নামিবিয়াৰ পৰা ৮টা চিতা ভাৰতলৈ আনি যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত কুনোত মুকলি কৰি দিয়া হৈছিল। ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২টা চিতা অনা হৈছিল ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস