--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ফুটবলাৰ লিয়নেল মেছিৰ খ্যাতি কোৱাৰ প্ৰয়োজন নাই। মেছিয়ে য’তেই যায় তাতেই তেওঁক আগুৰি থাকে অনুৰাগীৰ ভিৰ। আৰ্জেণ্টিনাৰ ফুটবলাৰগৰাকীৰ অগণন অনুৰাগীয়ে তেওঁক এবাৰ স্পৰ্শ কৰিবলৈ আগ্ৰহী। কিন্তু মেছি স্পৰ্শ কৰাটো ইমান সহজ নহয়। স্পৰ্শ কৰাৰ লগে লগে ছয় ফুট দীঘল এক বাধাৰ সন্মুখত পৰিব লগা হয়। তেওঁ আন কোনো নহয়, মেছিৰ দেহৰক্ষী ইয়াচিন চুয়েকো। শেহতীয়াকৈ ছ’চিয়েল মিডিয়া ৰেডিটত এটা ভিডিঅ’ প্ৰকাশ পোৱাৰ পিছৰে পৰা ইয়াচিনক লৈ যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছে।

 

সেই ভিডিঅ’টোত দেখা গ’ল যে ইয়াছিনে কেনেকৈ মেছিক অনুৰাগীৰ ভিৰৰ পৰা ৰক্ষা কৰি আছে। ফুটবলাৰজনৰ কাষ চাপিব দিয়া নহয় কাকো। ইতিমধ্যে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বহু লোকে দেখিছে। ছচিয়েল মিডিয়া পেজত য়াচিনক লৈ বহুতে মন্তব্য কৰিছে। আনকি কিছুমানে তেওঁক ‘দানৱ’ বুলিও উল্লেখ কৰিছে।

 

স্প’ৰ্টছ ইলাষ্ট্ৰেটেডৰ তথ্য অনুসৰি ইয়াচিন হৈছে ইৰাক আৰু আফগানিস্তানত সেৱা আগবঢ়োৱা আমেৰিকাৰ সৈনিক। খবৰ অনুসৰি ইণ্টাৰ মিয়ামি ক্লাবৰ সভাপতি তথা প্ৰাক্তন ফুটবলাৰ ডেভিদ বেকহামৰ ব্যক্তিগত পৰামৰ্শৰ পিছত মেছিক সুৰক্ষা দিবলৈ ইয়াছিনক নিযুক্তি দিয়া হৈছিল।

 

মেছিৰ সৰ্বকালৰ সংগী ইয়াচিন। খেলপথাৰৰ বাহিৰত ষ্টেডিয়ামত থিয় হৈ থাকে। তেওঁৰ দৃষ্টিভংগী মেছিৰ সুৰক্ষাৰ ওপৰত। হঠাতে কোনোবা মেছিৰ ফালে আহিলেই য়াছিন দৌৰি গ’ল। মেছিৰ ওচৰ পোৱাৰ আগতেই নিজৰ অনুৰাগীক ৰখাই দিলে।

 

মন কৰিবলগীয়া যে ইয়াচিনৰ নিজৰ অনুৰাগীৰ সংখ্যাও কম নহয়। ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা বৰ্তমান প্ৰায় আঠ লাখ।

 

 

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু