--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ফুটবলাৰ লিয়নেল মেছিৰ খ্যাতি কোৱাৰ প্ৰয়োজন নাই। মেছিয়ে যতেই যায় তাতেই তেওঁক আগুৰি থাকে অনুৰাগীৰ ভিৰ। আৰ্জেণ্টিনাৰ ফুটবলাৰগৰাকীৰ অগণন অনুৰাগীয়ে তেওঁক এবাৰ স্পৰ্শ কৰিবলৈ আগ্ৰহী। কিন্তু মেছি স্পৰ্শ কৰাটো ইমান সহজ নহয়। স্পৰ্শ কৰাৰ লগে লগে ছয় ফুট দীঘল এক বাধাৰ সন্মুখত পৰিব লগা হয়। তেওঁ আন কোনো নহয়, মেছিৰ দেহৰক্ষী ইয়াচিন চুয়েকো। শেহতীয়াকৈ ছচিয়েল মিডিয়া ৰেডিটত এটা ভিডিঅপ্ৰকাশ পোৱাৰ পিছৰে পৰা ইয়াচিনক লৈ যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছে।

 

সেই ভিডিঅটোত দেখা গল যে ইয়াছিনে কেনেকৈ মেছিক অনুৰাগীৰ ভিৰৰ পৰা ৰক্ষা কৰি আছে। ফুটবলাৰজনৰ কাষ চাপিব দিয়া নহয় কাকো। ইতিমধ্যে এই ভিডিঅটো ছচিয়েল মিডিয়াত বহু লোকে দেখিছে। ছচিয়েল মিডিয়া পেজত য়াচিনক লৈ বহুতে মন্তব্য কৰিছে। আনকি কিছুমানে তেওঁক দানৱবুলিও উল্লেখ কৰিছে।

 

স্পৰ্টছ ইলাষ্ট্ৰেটেডৰ তথ্য অনুসৰি ইয়াচিন হৈছে ইৰাক আৰু আফগানিস্তানত সেৱা আগবঢ়োৱা আমেৰিকাৰ সৈনিক। খবৰ অনুসৰি ইণ্টাৰ মিয়ামি ক্লাবৰ সভাপতি তথা প্ৰাক্তন ফুটবলাৰ ডেভিদ বেকহামৰ ব্যক্তিগত পৰামৰ্শৰ পিছত মেছিক সুৰক্ষা দিবলৈ ইয়াছিনক নিযুক্তি দিয়া হৈছিল।

 

মেছিৰ সৰ্বকালৰ সংগী ইয়াচিন। খেলপথাৰৰ বাহিৰত ষ্টেডিয়ামত থিয় হৈ থাকে। তেওঁৰ দৃষ্টিভংগী মেছিৰ সুৰক্ষাৰ ওপৰত। হঠাতে কোনোবা মেছিৰ ফালে আহিলেই য়াছিন দৌৰি গল। মেছিৰ ওচৰ পোৱাৰ আগতেই নিজৰ অনুৰাগীক ৰখাই দিলে।

 

মন কৰিবলগীয়া যে ইয়াচিনৰ নিজৰ অনুৰাগীৰ সংখ্যাও কম নহয়। ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা বৰ্তমান প্ৰায় আঠ লাখ।

 

 

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ