--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী পৰিয়ালৰ সৈতে লণ্ডনত থাকিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। টি-২০ বিশ্বকাপ জয় কৰাৰ পিছত একেদিনাই লণ্ডনলৈ গৈছিল পত্নী অনুষ্কা শৰ্মাক লগ কৰিবলৈ। সেই জল্পনা-কল্পনাৰ মাজতে বিৰাটৰ এটা পোষ্টে জল্পনা-কল্পনা বঢ়াইছে।

বিৰাট এতিয়া লণ্ডনত। তাৰ পৰাই তেওঁ এটা ভিডিঅ’ পোষ্ট কৰিলে। মুম্বাইৰ সমীপৰ আলিগবাগত তেওঁৰ ঘৰ নিৰ্মাণ কৰি থকা হৈছে। বিৰাটে সেই ঘৰৰ বিভিন্ন প্ৰান্তৰ ভিডিঅ’ পোষ্ট কৰিছিল। বিৰাটে ঘৰটো নিৰ্মাণ কৰা সংস্থাটোক ধন্যবাদ জনায়। তেওঁ লগতে লিখিছে, "প্ৰিয়জনৰ সৈতে এই ঘৰত থাকিবলৈ অপেক্ষা কৰি আছো।"

অৱশ্যে বিৰাট সেই ঘৰতে স্থায়ীভাৱে থাকিব নে নাই সেয়া স্পষ্ট হোৱা নাই। কাৰণ ভিডিঅ’টোত বিৰাটে কোৱা শুনা গৈছে যে, “এইটো ছুটী কটাবলৈ বৰ ভাল ঠাই। সকলোৰে মাজতো সকলোৰে পৰা পৃথক হোৱা সম্ভৱ। ইয়াত বিশ্বমানৰ স্পা আছে। মোৰ বাবে ই অতি আকৰ্ষণীয়। ড্ৰয়িং ৰূমটোও বৰ ভাল। মই বিচাৰিছিলো কোঠাটোত প্ৰাকৃতিক পোহৰ হওক। সেইটো কৰা হৈছে। ব্যৱস্থাটো বৰ ‘ক্লাছি’। ইয়াত বহি থাকিলে সকলো চিন্তা দূৰ হয়।”

কেৱল ছুটীৰ বাবে আলিবাগলৈ আহিব বুলি বিৰাটে বুজাইছে নেকি? এই সন্দৰ্ভত নতুন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। টি-২০ বিশ্বকাপৰ পিছত বিৰাটক জিৰণি দিয়া হৈছে। অনাগত দিনত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব নোৱাৰিবও পাৰে। কিছুদিন জিৰণি লৈ খেলপথাৰলৈ উভতি আহিব বিৰাট। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু