--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী পৰিয়ালৰ সৈতে লণ্ডনত থাকিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। টি-২০ বিশ্বকাপ জয় কৰাৰ পিছত একেদিনাই লণ্ডনলৈ গৈছিল পত্নী অনুষ্কা শৰ্মাক লগ কৰিবলৈ। সেই জল্পনা-কল্পনাৰ মাজতে বিৰাটৰ এটা পোষ্টে জল্পনা-কল্পনা বঢ়াইছে।

বিৰাট এতিয়া লণ্ডনত। তাৰ পৰাই তেওঁ এটা ভিডিঅ’ পোষ্ট কৰিলে। মুম্বাইৰ সমীপৰ আলিগবাগত তেওঁৰ ঘৰ নিৰ্মাণ কৰি থকা হৈছে। বিৰাটে সেই ঘৰৰ বিভিন্ন প্ৰান্তৰ ভিডিঅ’ পোষ্ট কৰিছিল। বিৰাটে ঘৰটো নিৰ্মাণ কৰা সংস্থাটোক ধন্যবাদ জনায়। তেওঁ লগতে লিখিছে, "প্ৰিয়জনৰ সৈতে এই ঘৰত থাকিবলৈ অপেক্ষা কৰি আছো।"

অৱশ্যে বিৰাট সেই ঘৰতে স্থায়ীভাৱে থাকিব নে নাই সেয়া স্পষ্ট হোৱা নাই। কাৰণ ভিডিঅ’টোত বিৰাটে কোৱা শুনা গৈছে যে, “এইটো ছুটী কটাবলৈ বৰ ভাল ঠাই। সকলোৰে মাজতো সকলোৰে পৰা পৃথক হোৱা সম্ভৱ। ইয়াত বিশ্বমানৰ স্পা আছে। মোৰ বাবে ই অতি আকৰ্ষণীয়। ড্ৰয়িং ৰূমটোও বৰ ভাল। মই বিচাৰিছিলো কোঠাটোত প্ৰাকৃতিক পোহৰ হওক। সেইটো কৰা হৈছে। ব্যৱস্থাটো বৰ ‘ক্লাছি’। ইয়াত বহি থাকিলে সকলো চিন্তা দূৰ হয়।”

কেৱল ছুটীৰ বাবে আলিবাগলৈ আহিব বুলি বিৰাটে বুজাইছে নেকি? এই সন্দৰ্ভত নতুন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। টি-২০ বিশ্বকাপৰ পিছত বিৰাটক জিৰণি দিয়া হৈছে। অনাগত দিনত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব নোৱাৰিবও পাৰে। কিছুদিন জিৰণি লৈ খেলপথাৰলৈ উভতি আহিব বিৰাট। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ