--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্রিষ্টিয়ানো ৰোনাল্ডো বনাম খাভিচা কাৰাটস্কেলিয়া। CR7 বনাম VK7। মতাদৰ্শ বনাম ভক্ত। বুধবাৰে ইউৰোৰ মঞ্চত ফুটবল জগতখনে এই যুঁজখন দেখিবলৈ পাইছিল। সেই যুঁজত দ্বিতীয় ব্যক্তিয়ে প্ৰথম ব্যক্তিক পৰাস্ত কৰিছিল। 

১১ বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ক্রিষ্টিয়ানো ৰোনাল্ডোক লগ পাইছিল। তেতিয়া খাভিচা কাৰাটস্কেলিয়াৰ বয়স আছিল ১২ বছৰ। তেতিয়া ৰিয়েল মাদ্রিদৰ জার্চি পিন্ধি বিশ্বক জোকাৰি আছিল ৰোনাল্ডো। জৰ্জিয়াৰ কিশোৰগৰাকীয়ে নায়কৰ সৈতে এখন ফটো তোলাৰ সুযোগ লাভ কৰে। 

কালি নিশা পৰ্তুগালক ২-০ গ’লত পৰাস্ত কৰাৰ সময়তে খবিচাৰে পিন্ধিব নিজৰ দেশৰ ৭ নম্বৰ জাৰ্চি। ২ মিনিটৰ অন্তত খাবিচাৰে গ’ল দি জৰ্জিয়াই আগবাঢ়ি যায়।

যোৱা সপ্তাহত খাভিচাই সতীৰ্থসকললৈ লিখিছিল, ‘ৰোনাল্ডো মোৰ আইডল। সুযোগ পালে তেওঁৰ লগত নিশ্চয় জাৰ্চি সলনি কৰিম। তাৰ অৰ্থ এইটো নহয় যে আমি পৰ্তুগালৰ বিৰুদ্ধে জয়ী নহ’ম।’

এইবাৰৰ ইউৰো কাপত খেলা দলসমূহৰ ভিতৰত জৰ্জিয়া টেবুলৰ তলত আছে। সেই ‘দুৰ্বল’ দলটোৰ বিৰুদ্ধে পৰ্তুগালে ০-২ গ’লত পৰাস্ত হ’বলগীয়া হৈছিল। গোটেই মেচখনত ৰোনাল্ডোক খেলাব পৰা নাছিল। প্ৰশিক্ষকে তেওঁক তুলি ল’বলৈ বাধ্য হ’ল। ৰোনাল্ডোৰ খং উঠিছিল স্বাভাৱিক। পথাৰতে খং প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
Advertisement