--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া জলপানসমূহ অসমীয়া খাদ্য-সংস্কৃতিৰ এক সন্মানীয় অংগ। অসমীয়া জলপানসমূহ প্ৰচুৰ পুষ্টিগুণেৰে ভৰা। পিঠাগুড়ি, কৰাইগুড়ি, চিৰা-মুড়ি, আখৈ আদিত খাদ্যপ্রাণ পোৱা যায়।দৈ, গাখীৰ, গুড় বা চেনী, কলৰ লগত কোমল চাউল-চিৰা আদি খাবলৈ সোৱাদ হোৱাৰ লগতে শৰীৰে ইয়াৰ পৰা প্ৰচুৰ খাদ্যগুণ লাভ কৰে। 

ৰাতিপুৱাৰ আহাৰৰ বিশেষ গুৰুত্ব থাকে। পুৱাৰ আহাৰত বহু মানুহে জলপান খাই ভালপায় আৰু কিছুমানে ৰুটী-ভাজি বা অন্যান্য খাদ্যবস্তু খায়। ৰাতিপুৱাৰ আহাৰত বহু মানুহেই চিৰা অন্তৰ্ভুক্ত কৰিব বিচাৰে। চিৰাত আৱশ্যকীয় ভিটামিন, প্ৰ’টিন, কেলচিয়াম, স্নেহ পদার্থ যথেষ্টভাৱে নিহিত থাকে। ৰাতিপুৱাৰ আহাৰত চিৰা সপ্তাহত কমেও দুই বা চাৰিবাৰ খাব লাগে। কাৰণ চিৰা বহু পুষ্টিৰে সমৃদ্ধ। ইয়াক খোৱাৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। ৰাতিপুৱাৰ আহাৰত চিৰা কিয় খাব লাগে জানো আহক।

১)শক্তি পোৱা যায়ঃ ৰাতিপুৱাৰ আহাৰত চিৰা খোৱাটোৱে শৰীৰক শক্তি প্ৰদান কৰে। চিৰাই আপোনাক দিনটোলৈ সক্ৰিয় ৰখাত সহায় কৰে। চিৰাত যথেষ্ট পৰিমাণৰ কাৰ্বোহাইড্ৰেট থাকে যি শৰীৰক শক্তি প্ৰদান কৰে। চিৰাই পেটটো দীঘলীয়া সময়ৰ বাবে ভৰাই ৰাখে।

২)আইৰণৰ অভাৱ পূৰণ হয়ঃ চিৰাই শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰে। যিসকলৰ শৰীৰত তেজ কম থাকে তেওঁলোকে ৰাতিপুৱাৰ আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিব পাৰে। চিৰাৰ যথেষ্ট আইৰণৰ গুণাগুণ আছে। চিৰাই ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।

৩)ব্লাড চুগাৰ নিয়ন্ত্ৰণঃ চিৰাত উচ্চ আঁহ বা ফাইভাৰ আৰু আইৰণ থাকে। চিৰা খাই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। চিৰা ডায়েবেটিচ ৰোগীসকলৰ বাবে এটা ভাল ৰাতিপুৱাৰ আহাৰ হ'ব পাৰে।

৪)গেছ বা বদহজমৰ কোনো সমস্যা নাইঃ ৰাতিপুৱাৰ আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিলে গেছ আৰু বদহজমৰ দৰে সমস্যা নহয়। একে সময়তে, কোষ্ঠকাঠিন্য হ্ৰাস হোৱাত চিৰাই সহায় কৰে। ইয়াক খোৱাৰ ফলত পেট গধুৰো নহয়।

৫)সোৱাদৰ সৈতে পুষ্টিঃ চিৰাই সোৱাদৰ লগতে পুষ্টিও যোগান ধৰে। চিৰা মিঠা জলপান হিচাপে খোৱা হয় যদিও কিছুমানে কেতিয়াবা ইয়াক নিমখীয়া হিচাপেও গ্ৰহণ কৰে। নিমখীয়াকে প্ৰস্তুত কৰিবলৈ হলে তিয়াই থোৱা চিৰাখিনি কম তেল ব্যৱহাৰ কৰি ভাজিব লাগে আৰু তাত ভিন্ন পাচলি, কাজু-কিচমিচ আদি ব্যৱহাৰ কৰা হয়। যেনেদৰে খালেও চিৰাৰ পৰা শৰীৰে পুষ্টি লাভ কৰে।


গতিকে অসমীয়া স্বাস্থ্যসন্মত জলপান চিৰা খাই নিজেও স্বাস্থ্যৱান হৈ থাকক আৰু পৰিয়ালটোকো স্বাস্থ্যৱান কৰি ৰখাত গুৰুত্ব প্ৰদান কৰক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু