--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া জলপানসমূহ অসমীয়া খাদ্য-সংস্কৃতিৰ এক সন্মানীয় অংগ। অসমীয়া জলপানসমূহ প্ৰচুৰ পুষ্টিগুণেৰে ভৰা। পিঠাগুড়ি, কৰাইগুড়ি, চিৰা-মুড়ি, আখৈ আদিত খাদ্যপ্রাণ পোৱা যায়।দৈ, গাখীৰ, গুড় বা চেনী, কলৰ লগত কোমল চাউল-চিৰা আদি খাবলৈ সোৱাদ হোৱাৰ লগতে শৰীৰে ইয়াৰ পৰা প্ৰচুৰ খাদ্যগুণ লাভ কৰে। 

ৰাতিপুৱাৰ আহাৰৰ বিশেষ গুৰুত্ব থাকে। পুৱাৰ আহাৰত বহু মানুহে জলপান খাই ভালপায় আৰু কিছুমানে ৰুটী-ভাজি বা অন্যান্য খাদ্যবস্তু খায়। ৰাতিপুৱাৰ আহাৰত বহু মানুহেই চিৰা অন্তৰ্ভুক্ত কৰিব বিচাৰে। চিৰাত আৱশ্যকীয় ভিটামিন, প্ৰ’টিন, কেলচিয়াম, স্নেহ পদার্থ যথেষ্টভাৱে নিহিত থাকে। ৰাতিপুৱাৰ আহাৰত চিৰা সপ্তাহত কমেও দুই বা চাৰিবাৰ খাব লাগে। কাৰণ চিৰা বহু পুষ্টিৰে সমৃদ্ধ। ইয়াক খোৱাৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। ৰাতিপুৱাৰ আহাৰত চিৰা কিয় খাব লাগে জানো আহক।

১)শক্তি পোৱা যায়ঃ ৰাতিপুৱাৰ আহাৰত চিৰা খোৱাটোৱে শৰীৰক শক্তি প্ৰদান কৰে। চিৰাই আপোনাক দিনটোলৈ সক্ৰিয় ৰখাত সহায় কৰে। চিৰাত যথেষ্ট পৰিমাণৰ কাৰ্বোহাইড্ৰেট থাকে যি শৰীৰক শক্তি প্ৰদান কৰে। চিৰাই পেটটো দীঘলীয়া সময়ৰ বাবে ভৰাই ৰাখে।

২)আইৰণৰ অভাৱ পূৰণ হয়ঃ চিৰাই শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰে। যিসকলৰ শৰীৰত তেজ কম থাকে তেওঁলোকে ৰাতিপুৱাৰ আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিব পাৰে। চিৰাৰ যথেষ্ট আইৰণৰ গুণাগুণ আছে। চিৰাই ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।

৩)ব্লাড চুগাৰ নিয়ন্ত্ৰণঃ চিৰাত উচ্চ আঁহ বা ফাইভাৰ আৰু আইৰণ থাকে। চিৰা খাই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। চিৰা ডায়েবেটিচ ৰোগীসকলৰ বাবে এটা ভাল ৰাতিপুৱাৰ আহাৰ হ'ব পাৰে।

৪)গেছ বা বদহজমৰ কোনো সমস্যা নাইঃ ৰাতিপুৱাৰ আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিলে গেছ আৰু বদহজমৰ দৰে সমস্যা নহয়। একে সময়তে, কোষ্ঠকাঠিন্য হ্ৰাস হোৱাত চিৰাই সহায় কৰে। ইয়াক খোৱাৰ ফলত পেট গধুৰো নহয়।

৫)সোৱাদৰ সৈতে পুষ্টিঃ চিৰাই সোৱাদৰ লগতে পুষ্টিও যোগান ধৰে। চিৰা মিঠা জলপান হিচাপে খোৱা হয় যদিও কিছুমানে কেতিয়াবা ইয়াক নিমখীয়া হিচাপেও গ্ৰহণ কৰে। নিমখীয়াকে প্ৰস্তুত কৰিবলৈ হলে তিয়াই থোৱা চিৰাখিনি কম তেল ব্যৱহাৰ কৰি ভাজিব লাগে আৰু তাত ভিন্ন পাচলি, কাজু-কিচমিচ আদি ব্যৱহাৰ কৰা হয়। যেনেদৰে খালেও চিৰাৰ পৰা শৰীৰে পুষ্টি লাভ কৰে।


গতিকে অসমীয়া স্বাস্থ্যসন্মত জলপান চিৰা খাই নিজেও স্বাস্থ্যৱান হৈ থাকক আৰু পৰিয়ালটোকো স্বাস্থ্যৱান কৰি ৰখাত গুৰুত্ব প্ৰদান কৰক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক