--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ভাৰত যোড়ো  যাত্ৰা'ৰ সময়তে  ৰাহুল গান্ধীলৈ পুনৰ আহিছে হত্যাৰ  ভাবুকি। মধ্য প্ৰদেশৰ ইন্দোৰত ভৰি থোৱাৰ লগে লগে তেওঁক বোমা বিস্ফোৰণ ঘটাই হত্যা কৰা হ’ব বুলি অচিনাক্ত লোকে ভাবুকি দিছে। জুনি আৰক্ষী থানাৰ ওচৰৰ এখন মিঠাইৰ দোকানৰ বাহিৰত এখন ভাবুকি পত্ৰ উদ্ধাৰ কৰা হৈছে।পত্ত খনত ৰাহুল গান্ধীয়ে ইন্দোৰত প্ৰেশ কৰাৰ পিছতে তেওঁক বোমা বিস্ফোৰণ ঘটাই হত্যা কৰা হ’ব বুলি ভাবুকি দিয়া হৈছে। 

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক তেওঁৰ 'ভাৰত যোড়ো যাত্ৰা'ৰ সময়ত মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লোকজনক মধ্য প্ৰদেশৰ নাগদাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বুলি ৰক্ষী সূতৰই প্ৰকাশ কৰিছে। নাগদা আৰক্ষীয়ে ইতিমধ্যে ইন্দোৰৰ অপৰাধ শাখাক লোকজনৰ  গ্ৰেপ্তাৰৰ বিষয়ে অৱগত কৰিছে।

নাগদাৰ আৰক্ষী অধীক্ষক সতীন্দ্ৰ কুমাৰ শুক্লাই কয়, "ইন্দোৰৰ অপৰাধ শাখাই মোলৈ অভিযুক্তজনৰ এখন ফটো প্ৰেৰণ কৰিছিল। ইন্দোৰৰ আৰক্ষীয়ে সন্দেহ কৰিছে যে ৰাহুল গান্ধীক মৃত্যুৰ ভাবুকি দিয়াৰ  আঁৰত উক্ত মানুহজন জড়িত থাকিব পাৰে। ছবি চাই আৰক্ষীয়ে সন্দেহজনক জনক নাগদা বাইপাছৰ পৰা গ্ৰেপ্তাৰ কৰে। ''

ভাবুকি পত্ৰ পোৱাৰ পিছতে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে। ৰাহুল গান্ধীৰ  নিৰাপত্তা শক্তিশালী কৰা হৈছে। আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি অনুসন্ধান আৰম্ভ কৰিছে।  বীৰ ছাভাৰকাৰৰ বিষয়ে  ৰাহুলৰ শেহতীয়া মন্তব্যৰ বাবেই ৰাহুল গান্ধীক  হত্যাৰ  ভাবুকিৰ দিয়া বুলি বহুতে ধাৰণা কৰিছে। আৰক্ষীয়ে অভিযুক্তজনক সোধাপোছা আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু