--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ভাৰত যোড়ো  যাত্ৰা'ৰ সময়তে  ৰাহুল গান্ধীলৈ পুনৰ আহিছে হত্যাৰ  ভাবুকি। মধ্য প্ৰদেশৰ ইন্দোৰত ভৰি থোৱাৰ লগে লগে তেওঁক বোমা বিস্ফোৰণ ঘটাই হত্যা কৰা হ’ব বুলি অচিনাক্ত লোকে ভাবুকি দিছে। জুনি আৰক্ষী থানাৰ ওচৰৰ এখন মিঠাইৰ দোকানৰ বাহিৰত এখন ভাবুকি পত্ৰ উদ্ধাৰ কৰা হৈছে।পত্ত খনত ৰাহুল গান্ধীয়ে ইন্দোৰত প্ৰেশ কৰাৰ পিছতে তেওঁক বোমা বিস্ফোৰণ ঘটাই হত্যা কৰা হ’ব বুলি ভাবুকি দিয়া হৈছে। 

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক তেওঁৰ 'ভাৰত যোড়ো যাত্ৰা'ৰ সময়ত মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লোকজনক মধ্য প্ৰদেশৰ নাগদাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বুলি ৰক্ষী সূতৰই প্ৰকাশ কৰিছে। নাগদা আৰক্ষীয়ে ইতিমধ্যে ইন্দোৰৰ অপৰাধ শাখাক লোকজনৰ  গ্ৰেপ্তাৰৰ বিষয়ে অৱগত কৰিছে।

নাগদাৰ আৰক্ষী অধীক্ষক সতীন্দ্ৰ কুমাৰ শুক্লাই কয়, "ইন্দোৰৰ অপৰাধ শাখাই মোলৈ অভিযুক্তজনৰ এখন ফটো প্ৰেৰণ কৰিছিল। ইন্দোৰৰ আৰক্ষীয়ে সন্দেহ কৰিছে যে ৰাহুল গান্ধীক মৃত্যুৰ ভাবুকি দিয়াৰ  আঁৰত উক্ত মানুহজন জড়িত থাকিব পাৰে। ছবি চাই আৰক্ষীয়ে সন্দেহজনক জনক নাগদা বাইপাছৰ পৰা গ্ৰেপ্তাৰ কৰে। ''

ভাবুকি পত্ৰ পোৱাৰ পিছতে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে। ৰাহুল গান্ধীৰ  নিৰাপত্তা শক্তিশালী কৰা হৈছে। আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি অনুসন্ধান আৰম্ভ কৰিছে।  বীৰ ছাভাৰকাৰৰ বিষয়ে  ৰাহুলৰ শেহতীয়া মন্তব্যৰ বাবেই ৰাহুল গান্ধীক  হত্যাৰ  ভাবুকিৰ দিয়া বুলি বহুতে ধাৰণা কৰিছে। আৰক্ষীয়ে অভিযুক্তজনক সোধাপোছা আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক