--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেলেংকাৰীৰ গোচৰত জামিন লাভ কৰি বৰ্তমান কাৰামুক্ত হৈ থকা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সম্প্ৰতি ৰাজ্যখনৰ শাসকীয় মিত্ৰজোঁট চৰকাৰৰ সহযোগী দল আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ পুনৰবাৰ কাৰাগাৰমুখী হোৱাৰ উপক্ৰম হৈছে। মনমোহন সিং নেতৃত্বাধীন ইউপিএ চৰকাৰৰ কাৰ্যকালত ৰে'লমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত লালু প্ৰসাদ যাদৱসহ তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হোৱা নিযুক্তি কেলেংকাৰী অভিযোগৰ তদন্ত কৰি থকা চিবিআইয়ে শুকুৰবাৰে চাৰ্জশ্বীট দাখিল কৰিছে। 

উল্লেখ্য যে চিবিআই- এ ১৮ মে'ত কেলেংকাৰীৰ গোচৰত লালু যাদৱৰ পৰিয়ালৰ সদস্য কেইগৰাকীৰ লগতে ৰে'লৱেত চাকৰি পোৱা ১২ গৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে লালু যাদৱৰ লগতে তেওঁৰ পত্নী ৰাবড়ী দেৱী, দুই কন্যা মিছা ভাৰতী আৰু হেমা যাদৱসহ ১৬ গৰাকী লোকৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বীট দাখিল কৰে। এই গোচৰত অভিযুক্তসকলৰ অধিকাংশই বৰ্তমান জামিনত কাৰাগাৰৰ বাহিৰত আছে।

ৰে’ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ৰে'লৱেৰ চাকৰি দিয়াৰ বাবে নিযুক্তি প্ৰত্যাশী প্ৰাৰ্থীসকলৰ পৰা ভূমি আৰু আন সম্পত্তি উৎকোচ হিচাপে গ্ৰহণ কৰিছিল বুলি চিবিআই- এ অভিযোগ কৰিছিল। আনহাতে আৰজেডি- এ দলটোৰ মুৰব্বী লালু প্ৰসাদ যাদৱক ৰাজনৈতিক আক্ৰোশ পূৰণৰ বাবেই কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰে লক্ষ্য কৰি লৈছে বুলি অভিযোগ কৰিছে।

স্মৰ্তব্য যে বিহাৰত শেহতীয়াকৈ বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰি জেডিইউ মুৰব্বী নীতিশ কুমাৰে আৰজেডিৰ সৈতে নতুনকৈ সম্পৰ্ক স্থাপন কৰি নতুন চৰকাৰ গঠন কৰিছিল। কেৱল বিহাৰৰ বুলিয়ে নহয়, দেশৰ ৰাজনীতিৰে এই দুই জনপ্ৰিয় নেতাৰ মাজৰ মিত্ৰতাই স্বাভাৱিকতেই বেকফুটলৈ ঠেলি দিছে বিজেপিক। সেয়ে আৰজেডি-এ এনে যুক্তিতে বিজেপিয়ে লালুৰ পৰিয়ালৰ বিৰুদ্ধে এনে অভিযোগ আনিছে বুলি অভিযোগ তুলিছে। 

যদি চিবিআইৰ চাৰ্জশ্বীটৰ আধাৰত আদালতে লালু যাদৱক দোষী সাব্যস্ত কৰে, তেতিয়া কাৰাগাৰৰ পৰা মুকলি হোৱা প্ৰায় ছয় মাহৰ পিছতে পুনৰ লালু যাদৱ কাৰাগাৰমুখী হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে। উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত ১৩৯ কোটি টকাৰ ডৰাণ্ডা ট্ৰেজাৰী কেলেংকাৰী গোচৰত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে লালুক জামিন প্ৰদান কৰিছিল। চিবিআইৰ এখন বিশেষ আদালতে ফেব্ৰুৱাৰীত উক্ত গোচৰত পাঁচ বছৰৰ কাৰাদণ্ডৰ লগতে ৬০ লাখ টকাৰ জৰিমনা আৰোপ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু