--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰৱৰ নামত বিহ খুৱাই আহিছে মেইডেন ফাৰ্মা নামৰ ভাৰতীয় ঔষধ কোম্পানীটোৱে। শেহতীয়াকৈ গাম্বিয়াত মেইডেন ফাৰ্মাৰ কফ চিৰাপ খাই ৬৬টিকৈ শিশু মৃত্যু হোৱাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে। ভাৰততো কোম্পানীটোৱে বিভিন্ন সময়ত দৰৱক লৈ হেতালি খেলি আহিছে। আনকি দেশৰ চাৰিখন ৰাজ্যত কোম্পানীটোৰ বহুতো ঔষধ যথাযোগ্য হিচাপে বিবেচনা হোৱা নাই।

আনকি ভিয়েটনামত ২০১১ চনৰ পৰা ২০১৩ চনলৈ ফাৰ্মা কোম্পানীটো নিষিদ্ধ কৰা হৈছিল। ঔষধ বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে, কোম্পানীটোৰ ঔষধসমূহ পৰ্যাপ্ত পৰিমাণে ৰোগ প্ৰতিৰোধী ক্ষমতা নাই। ভাৰতত ঔষধৰ ওপৰত নিয়ন্ত্ৰণৰ ব্যৱস্থা কঠোৰভাৱে নাই বাবেহে মেইডেন ফাৰ্মাই ব্যৱসায় কৰি আছে বুলি তেওঁলোকে কয়।

উল্লেখযোগ্য যে ভাৰতত চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেচন নামেৰে ঔষধ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থা আছে। ঠিক সেইদৰে বিভিন্ন ৰাজ্যসমূহতো নিজা নিজাকৈ নিয়ন্ত্ৰক সংস্থা আছে। সেই অনুসৰি কেৰেলা আৰু গুজৰাটত মেইডেন ফাৰ্মাৰ ঔষধক নিম্ন মানৰ বুলি বিবেচনা কৰা হৈছে। বিহাৰতো মেইডেন ফাৰ্মাৰ চিৰাপক নিষিদ্ধ কৰা হৈছে।

গাম্বিয়াত মেইডেন ফাৰ্মাৰ চিৰাপ খাই ৬৬ জনকৈ মৃত্যু হোৱাৰ পাছতে কোম্পানীটো চৰ্চাত আছে। উল্লেখযোগ্য যে আফ্ৰিকাৰ সৰু দেশখনত চৰকাৰে ঘৰে ঘৰে স্বাস্থ্য অভিযান আৰম্ভ কৰিছে। তাত মেইডেন ফাৰ্মাৰ ঔষধ ব্যৱহাৰ কৰা হৈছিল।

কিন্তু ৬৬টিকৈ শিশু মৃত্যু হোৱাৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাই কৈছিল যে মেইডেন ফাৰ্মাৰ ঔষধসমূহ সেৱন কৰিয়েই এই ঘটনা সংঘটিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই পৰীক্ষা কৰি জনাইছিল যে এইসমূহ ঔষধে শৰীৰত বিষক্ৰিয়া আৰু কিডনীৰ সমস্যাৰ সৃষ্টি কৰে। তাৰপাছতে ভাৰত চৰকাৰে কোম্পানীটোক নিৰীক্ষণত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু