--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰৱৰ নামত বিহ খুৱাই আহিছে মেইডেন ফাৰ্মা নামৰ ভাৰতীয় ঔষধ কোম্পানীটোৱে। শেহতীয়াকৈ গাম্বিয়াত মেইডেন ফাৰ্মাৰ কফ চিৰাপ খাই ৬৬টিকৈ শিশু মৃত্যু হোৱাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে। ভাৰততো কোম্পানীটোৱে বিভিন্ন সময়ত দৰৱক লৈ হেতালি খেলি আহিছে। আনকি দেশৰ চাৰিখন ৰাজ্যত কোম্পানীটোৰ বহুতো ঔষধ যথাযোগ্য হিচাপে বিবেচনা হোৱা নাই।

আনকি ভিয়েটনামত ২০১১ চনৰ পৰা ২০১৩ চনলৈ ফাৰ্মা কোম্পানীটো নিষিদ্ধ কৰা হৈছিল। ঔষধ বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে, কোম্পানীটোৰ ঔষধসমূহ পৰ্যাপ্ত পৰিমাণে ৰোগ প্ৰতিৰোধী ক্ষমতা নাই। ভাৰতত ঔষধৰ ওপৰত নিয়ন্ত্ৰণৰ ব্যৱস্থা কঠোৰভাৱে নাই বাবেহে মেইডেন ফাৰ্মাই ব্যৱসায় কৰি আছে বুলি তেওঁলোকে কয়।

উল্লেখযোগ্য যে ভাৰতত চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেচন নামেৰে ঔষধ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থা আছে। ঠিক সেইদৰে বিভিন্ন ৰাজ্যসমূহতো নিজা নিজাকৈ নিয়ন্ত্ৰক সংস্থা আছে। সেই অনুসৰি কেৰেলা আৰু গুজৰাটত মেইডেন ফাৰ্মাৰ ঔষধক নিম্ন মানৰ বুলি বিবেচনা কৰা হৈছে। বিহাৰতো মেইডেন ফাৰ্মাৰ চিৰাপক নিষিদ্ধ কৰা হৈছে।

গাম্বিয়াত মেইডেন ফাৰ্মাৰ চিৰাপ খাই ৬৬ জনকৈ মৃত্যু হোৱাৰ পাছতে কোম্পানীটো চৰ্চাত আছে। উল্লেখযোগ্য যে আফ্ৰিকাৰ সৰু দেশখনত চৰকাৰে ঘৰে ঘৰে স্বাস্থ্য অভিযান আৰম্ভ কৰিছে। তাত মেইডেন ফাৰ্মাৰ ঔষধ ব্যৱহাৰ কৰা হৈছিল।

কিন্তু ৬৬টিকৈ শিশু মৃত্যু হোৱাৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাই কৈছিল যে মেইডেন ফাৰ্মাৰ ঔষধসমূহ সেৱন কৰিয়েই এই ঘটনা সংঘটিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই পৰীক্ষা কৰি জনাইছিল যে এইসমূহ ঔষধে শৰীৰত বিষক্ৰিয়া আৰু কিডনীৰ সমস্যাৰ সৃষ্টি কৰে। তাৰপাছতে ভাৰত চৰকাৰে কোম্পানীটোক নিৰীক্ষণত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক