--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ব: দেশৰ সীমান্তৱৰ্তী অঞ্চলেৰে চুবুৰীয়া দেশৰ সৈতে চোৰাং যুদ্ধাস্ত্ৰ সৰবৰাহৰ এক বৃহৎ বজাৰ গঢ়ি তুলিছে কিছু চোৰাং চক্ৰই। এনে এক চক্ৰই সীমান্তৰ সিপাৰলৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ এক বৃহৎ ভাণ্ডাৰ সৰবৰাহৰ চেষ্টা চলাওঁতেই জালত পৰিছে পঞ্জাৱ আৰক্ষীৰ। আজি পঞ্জাৱ আৰক্ষীয়ে এক অভিযান চলাই সীমান্তৰ সিটো পাৰলৈ অস্ত্ৰৰ চোৰাং সৰবৰাহত জড়িত চক্ৰৰ তিনি সদস্যক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ভাণ্ডাৰ উদ্ধাৰ কৰে।

আৰক্ষীয়ে এই তিনি ব্যক্তিৰ পৰা ১.০১ কোটি টকা নগদ, ৫০০ গ্ৰাম হেৰ’ইন, ১৭ টা পিষ্টল আৰু ৪০০ টা কাৰ্ট্ৰিজ, এটা এমপি-৪ ৰাইফল আৰু ৩০০ ৰাউণ্ড গুলী, দুটা ওজন জোখাৰ যন্ত্ৰ আৰু দুটা মুদ্ৰা গণনা যন্ত্ৰ উদ্ধাৰ কৰিছে।

ধৃত ব্যক্তি তিনিগৰাকীক তৰণ তৰণৰ বৰৱালা গাঁৱৰ সুৰিন্দৰ সিং, অমৃতসৰৰ ভালতোহাৰ ভাতৃ হৰচান্দ সিং আৰু গুৰচাহিব সিং বুলি চিনাক্ত কৰা হৈছে। চোৰাং ব্যৱসায়ৰ সৈতে জড়িত অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে পাঁচজনক গ্ৰেপ্তাৰ কৰিছে।

বুধবাৰে পঞ্জাৱ আৰক্ষীৰ কাউণ্টাৰ ইণ্টেলিজেঞ্চ, অমৃতসৰৰ এটা দলে চক্ৰটোৰ দুগৰাকী সদস্য ক্ৰমে জস্কৰণ সিং আৰু তেওঁৰ সহায়ক ৰতনবীৰ সিং নামৰ ব্যক্তি দুগৰাকী গ্ৰেপ্তাৰ কৰে। ইফালে অভিযানকাৰী দলটোৱে দুই ধৃত ব্যক্তিয়ে দেখুৱাই দিয়া স্থানৰ পৰা ১০ টা বিদেশত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰিছিল।

ৰাজ্যখনৰ  আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) গৌৰৱ যাদৱে এক বিবৃতিত উল্লেখ কৰা মতে নিজৰ ভাষ্যত জচকৰণ আৰু ৰতনবীৰে তেওঁলোকৰ আন এগৰাকী সহযোগী সুৰিন্দৰৰ নাম প্ৰকাশ কৰাত এই তথ্য ব্যৱহাৰ কৰি আৰক্ষীয়ে শুকুৰবাৰে সুৰিন্দৰক গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু