--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ব: দেশৰ সীমান্তৱৰ্তী অঞ্চলেৰে চুবুৰীয়া দেশৰ সৈতে চোৰাং যুদ্ধাস্ত্ৰ সৰবৰাহৰ এক বৃহৎ বজাৰ গঢ়ি তুলিছে কিছু চোৰাং চক্ৰই। এনে এক চক্ৰই সীমান্তৰ সিপাৰলৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ এক বৃহৎ ভাণ্ডাৰ সৰবৰাহৰ চেষ্টা চলাওঁতেই জালত পৰিছে পঞ্জাৱ আৰক্ষীৰ। আজি পঞ্জাৱ আৰক্ষীয়ে এক অভিযান চলাই সীমান্তৰ সিটো পাৰলৈ অস্ত্ৰৰ চোৰাং সৰবৰাহত জড়িত চক্ৰৰ তিনি সদস্যক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ভাণ্ডাৰ উদ্ধাৰ কৰে।

আৰক্ষীয়ে এই তিনি ব্যক্তিৰ পৰা ১.০১ কোটি টকা নগদ, ৫০০ গ্ৰাম হেৰ’ইন, ১৭ টা পিষ্টল আৰু ৪০০ টা কাৰ্ট্ৰিজ, এটা এমপি-৪ ৰাইফল আৰু ৩০০ ৰাউণ্ড গুলী, দুটা ওজন জোখাৰ যন্ত্ৰ আৰু দুটা মুদ্ৰা গণনা যন্ত্ৰ উদ্ধাৰ কৰিছে।

ধৃত ব্যক্তি তিনিগৰাকীক তৰণ তৰণৰ বৰৱালা গাঁৱৰ সুৰিন্দৰ সিং, অমৃতসৰৰ ভালতোহাৰ ভাতৃ হৰচান্দ সিং আৰু গুৰচাহিব সিং বুলি চিনাক্ত কৰা হৈছে। চোৰাং ব্যৱসায়ৰ সৈতে জড়িত অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে পাঁচজনক গ্ৰেপ্তাৰ কৰিছে।

বুধবাৰে পঞ্জাৱ আৰক্ষীৰ কাউণ্টাৰ ইণ্টেলিজেঞ্চ, অমৃতসৰৰ এটা দলে চক্ৰটোৰ দুগৰাকী সদস্য ক্ৰমে জস্কৰণ সিং আৰু তেওঁৰ সহায়ক ৰতনবীৰ সিং নামৰ ব্যক্তি দুগৰাকী গ্ৰেপ্তাৰ কৰে। ইফালে অভিযানকাৰী দলটোৱে দুই ধৃত ব্যক্তিয়ে দেখুৱাই দিয়া স্থানৰ পৰা ১০ টা বিদেশত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰিছিল।

ৰাজ্যখনৰ  আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) গৌৰৱ যাদৱে এক বিবৃতিত উল্লেখ কৰা মতে নিজৰ ভাষ্যত জচকৰণ আৰু ৰতনবীৰে তেওঁলোকৰ আন এগৰাকী সহযোগী সুৰিন্দৰৰ নাম প্ৰকাশ কৰাত এই তথ্য ব্যৱহাৰ কৰি আৰক্ষীয়ে শুকুৰবাৰে সুৰিন্দৰক গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement