--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জুলাইৰ শেষলৈ প্ৰকাশ পাব পাৰে চিবিএছইৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণা কৰাৰ পিছত প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল cbseresults.nic.in আৰু results.gov.in ৰ পৰা জানিব পাৰিব। অবশ্যে কেতিয়া ফলাফল প্ৰকাশ কৰা হ’ব সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি  জুলাই মাহৰ শেষৰ ফালে দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ চূড়ান্ত ফলাফল প্ৰকাশ কৰিব চিবিএছইয়ে। ইয়াৰ লগত যোগ কৰা হ’ব প্ৰথম আৰু দ্বিতীয় কাৰ্যকালৰ মুঠ সংখ্যা। আনুষ্ঠানিক ফলাফল প্ৰকাশ কৰাৰ পিছত cbseresults.nic.in আৰু results.gov.in ৰ পৰা ফলাফল লাভ কৰিব। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে UMANG app, Digilocker, message ৰ জৰিয়তে ফলাফল জানিব পাৰিব। 

সামগ্ৰিক ফলাফল নিৰ্ণয় কৰিবলৈ  CBSE দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ কিমান শতাংশ যোগ কৰা হ’ব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। কেইমাহমান আগতে এটা জাননী দেখা পোৱা গৈছিল য'ত প্ৰথম টাৰ্ম পৰীক্ষাৰ ৩০ শতাংশ আৰু দ্বিতীয় টাৰ্ম পৰীক্ষাৰ ৭০ শতাংশ নম্বৰ বিবেচনা কৰা হ’ব বুলি দাবী কৰা হৈছিল। কেন্দ্ৰীয় ব’ৰ্ডে কয় এয়া ভুৱা বুলি উল্লেখ কৰিছে ।

চিবিএছইৰ দশম শ্ৰেণীৰ ফলাফল কেনেকৈ চাব পাৰি?

১)অফিচিয়েল ৱেবছাইট cbseresults.nic.in চাওক।

২) হোমপেজত থকা CBSE class 10th Result লিংকটোত ক্লিক কৰক।

৩) প্ৰয়োজনীয় তথ্যৰে লগইন কৰক। ফলাফল পৃষ্ঠাটো খোল খাব। 

৪)ভৱিষ্যতে ব্যৱহাৰৰ বাবে বা সংৰক্ষিত কৰিবৰ বাবে ডাউনলোড কৰক। 

আনহাতে চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ দ্বিতীয় টাৰ্ম পৰীক্ষাৰ বাবে এডমিড কাৰ্ড প্ৰকাশ কৰা হৈছে। Digilocker ৰ জৰিয়তে CBSE Class X Board Exam ৰ ফলাফল কেনেকৈ চাব?

ডিজিলকাৰৰ অফিচিয়েল ৱেবছাইট হৈছে digilocker.gov.in মোবাইল এপটোও ডাউনলোড কৰিব পাৰিব। আধাৰ কাৰ্ডৰ দৰে তথ্য দিব লাগিব। হোমপেজত থাকিব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড 'ফোল্ডাৰ। ইয়াত ক্লিক কৰিব লাগিব। চিবিএছইৰ দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষাৰ ফলাফল স্ক্ৰীণত প্ৰদৰ্শিত হ’ব। সেই PDF টো ডাউনলোড কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক