--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জুলাইৰ শেষলৈ প্ৰকাশ পাব পাৰে চিবিএছইৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণা কৰাৰ পিছত প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল cbseresults.nic.in আৰু results.gov.in ৰ পৰা জানিব পাৰিব। অবশ্যে কেতিয়া ফলাফল প্ৰকাশ কৰা হ’ব সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি  জুলাই মাহৰ শেষৰ ফালে দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ চূড়ান্ত ফলাফল প্ৰকাশ কৰিব চিবিএছইয়ে। ইয়াৰ লগত যোগ কৰা হ’ব প্ৰথম আৰু দ্বিতীয় কাৰ্যকালৰ মুঠ সংখ্যা। আনুষ্ঠানিক ফলাফল প্ৰকাশ কৰাৰ পিছত cbseresults.nic.in আৰু results.gov.in ৰ পৰা ফলাফল লাভ কৰিব। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে UMANG app, Digilocker, message ৰ জৰিয়তে ফলাফল জানিব পাৰিব। 

সামগ্ৰিক ফলাফল নিৰ্ণয় কৰিবলৈ  CBSE দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ কিমান শতাংশ যোগ কৰা হ’ব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। কেইমাহমান আগতে এটা জাননী দেখা পোৱা গৈছিল য'ত প্ৰথম টাৰ্ম পৰীক্ষাৰ ৩০ শতাংশ আৰু দ্বিতীয় টাৰ্ম পৰীক্ষাৰ ৭০ শতাংশ নম্বৰ বিবেচনা কৰা হ’ব বুলি দাবী কৰা হৈছিল। কেন্দ্ৰীয় ব’ৰ্ডে কয় এয়া ভুৱা বুলি উল্লেখ কৰিছে ।

চিবিএছইৰ দশম শ্ৰেণীৰ ফলাফল কেনেকৈ চাব পাৰি?

১)অফিচিয়েল ৱেবছাইট cbseresults.nic.in চাওক।

২) হোমপেজত থকা CBSE class 10th Result লিংকটোত ক্লিক কৰক।

৩) প্ৰয়োজনীয় তথ্যৰে লগইন কৰক। ফলাফল পৃষ্ঠাটো খোল খাব। 

৪)ভৱিষ্যতে ব্যৱহাৰৰ বাবে বা সংৰক্ষিত কৰিবৰ বাবে ডাউনলোড কৰক। 

আনহাতে চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ দ্বিতীয় টাৰ্ম পৰীক্ষাৰ বাবে এডমিড কাৰ্ড প্ৰকাশ কৰা হৈছে। Digilocker ৰ জৰিয়তে CBSE Class X Board Exam ৰ ফলাফল কেনেকৈ চাব?

ডিজিলকাৰৰ অফিচিয়েল ৱেবছাইট হৈছে digilocker.gov.in মোবাইল এপটোও ডাউনলোড কৰিব পাৰিব। আধাৰ কাৰ্ডৰ দৰে তথ্য দিব লাগিব। হোমপেজত থাকিব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড 'ফোল্ডাৰ। ইয়াত ক্লিক কৰিব লাগিব। চিবিএছইৰ দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষাৰ ফলাফল স্ক্ৰীণত প্ৰদৰ্শিত হ’ব। সেই PDF টো ডাউনলোড কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ