--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চোৰাং বেহা তথা অস্ত্ৰ সৰবৰাহৰ বাবে নিৰাপদ পথত পৰিণত হৈছে নেকি বিমানবন্দৰ সমূহ? দেখাত কটকটীয়া যেন লাগিলেও বিমানবন্দৰত নিয়োজিত নিৰাপত্তা ব্যৱস্থাত আছে নেকি বৃহৎ সুৰুঙা বা কেৰোণ ?শেহতীয়া কিছুমান কৰ্মকাণ্ডৰ প্ৰশ্ন ব্যাপক ৰূপত উত্থাপন হ'বলৈ ধৰিছে। কিছুদিন পূৰ্বে শতাধিক বন্য জীৱ-জন্তুৰ সৈতে বেংককৰ এটা বিমানবন্দৰত গ্ৰেপ্তাৰ হৈছিল এটা ভাৰতীয় দম্পতী। বেগৰ ভিতৰত সোমোৱাই অনা এই জীৱ-জন্তু সমূহৰ সৈতে দম্পতীহাল চেন্নাই অভিমুখী বিমানত উঠাৰ আগে আগে গ্ৰেপ্তাৰ হৈছিল। তাৰ কিছুদিন পূৰ্বে দেশৰে এটা বিমানবন্দৰৰ বন্য জন্তসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

এইবাৰ বিমানবন্দৰত এহাল দম্পতীৰ বেগত ওলাইছে ৪৫ টাকৈ বন্দুক। নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শুল্ক বিভাগে ৪৫ টা পিষ্টল কঢ়িয়াই অনা দুই ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে বন্দুকবোৰ সঁচা হয় নে নহয় নিৰ্ধাৰণ কৰিবলৈ তদন্ত কৰি থকা হৈছে। গোচৰটোৰ তদন্ত কৰি সন্ত্ৰাসবাদ বিৰোধী গোট নেচনেল চিকিউৰিটি গাৰ্ডে (এনএছজি) উদ্ধাৰ হোৱা এই বন্দুকবোৰ সঁচা হয় বুলি সন্দেহ প্ৰকাশ কৰিছে।

বন্দুক কঢ়িয়াই অনাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা দম্পতীহালক জগজিৎ সিং আৰু জচবিন্দৰ কৌৰ বুলি চিনাক্ত কৰা হৈছে। দম্পতীহাল ১০ জুলাইত ভিয়েটনামৰ হো চি মিন চিটিৰ পৰা ভাৰতলৈ উভতি আহিছিল আৰু তেওঁলোকক পৰীক্ষণৰ সময়তে ট্ৰলীবেগত পিষ্টলৰ উপস্থিতি ধৰা পৰিছিল। দিয়া দুটা ট্ৰলীবেগত পিষ্টলৰ সৈতে ধৰা পৰিছিল।

শুল্ক বিষয়াসকলৰ এক বিবৃতিত প্ৰকাশিত ভাষ্য অনুসৰি জগজিৎ সিঙক তেওঁৰ ভাতৃ মনজিৎ সিঙে ফ্ৰান্সৰ পেৰিছৰ পৰা ভিয়েটনামত অৱতৰণ কৰাৰ পিছত এই বেগবোৰ দিছিল। জগজিৎ সিঙৰ হাতত বেগবোৰ দিয়াৰ পিছত মনজিৎ সিঙ বিমানবন্দৰৰ পৰা ওলাই গৈছিল।

জগজিৎ সিঙে কঢ়িয়াই অনা এই দুটা ট্ৰলী বেগ পৰীক্ষাৰ পিছত ৪৫ টা বিভিন্ন ব্ৰেণ্ডৰ বন্দুক উদ্ধাৰ হয়। এই বন্দুকসমূহৰ আনুমানিক মূল্য ২২.৫ লাখ টকা হ’ব বুলি বিবৃতিটোত লগতে যোগ দিয়া হৈছে।

উল্লেখ্য যে অভিযুক্ত দম্পতীহালে পূৰ্বেও তুৰস্কৰ পৰা ভাৰতলৈ ২৫ টা পিষ্টল এনেদৰে আনিছিল বুলি স্বীকাৰ কৰিছে। এই স্বীকাৰোক্তিৰ পাছত বিমানবন্দৰৰ কটকটীয়া নামধাৰী নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ স্পষ্টৰূপত প্ৰতিফলিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটী বিশ্ববিদ্যালয়ত 'পেছাৰ বাবে প্ৰস্তুতি' শীৰ্ষক অনুষ্ঠানৰ সামৰণি
আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি, উদ্বিগ্ন ৰাজ্য চৰকাৰ
মাৰ্ঘেৰিটাত কিশোৰীক হাত-ভৰি বান্ধি নিজ গৃহতে কেইবাদিনো বলাৎকাৰ খ্ৰীষ্টান ধৰ্মগুৰুৰ
ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং প্রতিযোগিতাৰ ফাইনেলত লাভলীনা, অংকুশিতা আৰু গীতিমণি
৯ মাহৰ ভিতৰত সৰ্বনিম্ন দেশৰ ঔদ্যোগিক উৎপাদন
বাতিল হ’ব নেকি ভাৰত-বাংলাদেশৰ শৃংখলা ?