--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ শাসকসকলৰ ভুল নীতিৰ বাবে সাধাৰণ নাগৰিকসকলে এতিয়া দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছ। এনে এটা হৃদয়বিদাৰক খবৰে এতিয়া সৰ্বত্ৰে খলকনিৰ সৃষ্টি কৰিছে। পাকিস্তানৰ এনে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত ভোক নিবাৰণৰ বাবে মাতৃ-কন্যাই পেটত ইটা লৈ শুবলৈ বাধ্য হৈছে। ভিডিঅ’টো পোহৰলৈ অহাৰ পাছতে আকৌ এবাৰ চৰ্চালৈ আহিল পাকিস্তানৰ তিক্তসত্য।

 পাকিস্তানী ইউটিউবাৰে ৰেকৰ্ড কৰিলে ভিডিঅ’-

প্ৰতিবেদন অনুসৰি এই ভাইৰেল ভিডিঅ’টো পাকিস্তানৰ লাহোৰৰ। ইয়াক ৰেকৰ্ডিং কৰিছে পাকিস্তানৰ ইউটিউবাৰ চৈয়দ বাসিত আলীয়ে। বাসিত আলীয়ে কয় যে তেওঁ ওচৰ-চুবুৰীয়াৰ জৰিয়তে এগৰাকী মাতৃ আৰু কন্যাৰ বিষয়ে তথ্য লাভ কৰিছিল। মহিলাগৰাকী অসুস্থ হৈয়েই আছে আৰু চকুত ছানি পৰা দেখা গৈছে। স্বামীৰ মৃত্যু পাছত কণমানি পুত্ৰই বহু ঠাইত কামৰ চেষ্টা কৰিছিল যদিও কাম নাপালে। বাধ্যত পৰি মহিলাগৰাকীৰ কন্যাই ঘৰৰ পৰা কাম কৰিবলৈ ওলাই আহিছিল, কিন্তু সকলোতে তাইক সন্দেহৰ চকুৰে চাইছিল আৰু নানান ককৰ্থনাৰ সন্মুখীন হৈছিল।

 চৈয়দ বাসিত আলী যেতিয়া মহিলাগৰাকীৰ ঘৰত উপস্থিত হয়, তেতিয়া মহিলাগৰাকী পেটত দুটা ইটা বান্ধি বিছনাত পৰি আছিল। আটাৰ কেনিষ্টাৰকে ধৰি সকলো বাচন-বৰ্তন মহিলাগৰাকীৰ ঘৰত খালী হৈ পৰা পৰিলক্ষিত হৈছিল। হাতত এটা ফুটাকড়িও নথকা মাতৃ-কন্যাই পেটত ইটা বান্ধি লোৱাৰ কাৰণ সোধাত মহিলাগৰাকী আৰু তেওঁৰ কন্যা কান্দোনত ভাঙি পৰিছিল। মাতৃয়ে ক’লে যে ৩দিন ধৰি গোটেই পৰিয়ালটো ভোকত আছে, খাদ্যৰ দানা এটাও পেটলৈ যোৱা নাই। এতিয়া ভোক সহ্য কৰিব পৰা নাই, সেয়ে পেটত এটা ইটা বান্ধি লৈছে, যাতে ইটাৰ ভৰে পেটৰ ভোকক উকমুকনি নিদিয়ে।

 কান্দি থকা মহিলাগৰাকীয়ে পুনৰ ক’লে যে ইমৰাণ খান চৰকাৰৰ দিনত এতিয়াও পৰিয়ালটোৱে কিছু সাহায্য লাভ কৰিছিল। কিন্তু যেতিয়াৰ পৰা শ্বাহবাজ শ্বৰিফৰ নতুন চৰকাৰ আহিল, তেতিয়াৰ পৰা পৰিস্থিতি অতি বয়াৱহ হৈ পৰিছে। পুত্ৰই কোনো কাম লাভ কৰা নাই। সমাজৰ লাঞ্ছনাৰ পৰা বাচিবলৈ কন্যাও ঘৰতে আবদ্ধ হৈ আছে। কন্যাৰ বিবাহৰ যো-জা চলিছে যদিও বিয়াৰ বাবে পৰিয়ালটোৰ হাতত এটকাও নাই। ঘৰৰ ৰেছনো ৩দিন পূৰ্বে শেষ হৈছিল। দোকানীয়েও সামগ্ৰী ধাৰ দিবলৈ অস্বীকাৰ কৰে। তেতিয়াৰ পৰা গোটেই পৰিয়ালটো ভোকত দিন অতিবাহিত কৰিছে। জীয়ৰীয়ে লগতে ক’লে যে ভোক আৰু সহ্য নহয়। তেওঁৰ এটা কিডনি বিক্ৰী কৰিবলৈও সাজু আছে, যাতে কেইদিনমানৰ বাবে ৰেচনৰ ব্যৱস্থা কৰিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ