--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ শাসকসকলৰ ভুল নীতিৰ বাবে সাধাৰণ নাগৰিকসকলে এতিয়া দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছ। এনে এটা হৃদয়বিদাৰক খবৰে এতিয়া সৰ্বত্ৰে খলকনিৰ সৃষ্টি কৰিছে। পাকিস্তানৰ এনে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত ভোক নিবাৰণৰ বাবে মাতৃ-কন্যাই পেটত ইটা লৈ শুবলৈ বাধ্য হৈছে। ভিডিঅ’টো পোহৰলৈ অহাৰ পাছতে আকৌ এবাৰ চৰ্চালৈ আহিল পাকিস্তানৰ তিক্তসত্য।

 পাকিস্তানী ইউটিউবাৰে ৰেকৰ্ড কৰিলে ভিডিঅ’-

প্ৰতিবেদন অনুসৰি এই ভাইৰেল ভিডিঅ’টো পাকিস্তানৰ লাহোৰৰ। ইয়াক ৰেকৰ্ডিং কৰিছে পাকিস্তানৰ ইউটিউবাৰ চৈয়দ বাসিত আলীয়ে। বাসিত আলীয়ে কয় যে তেওঁ ওচৰ-চুবুৰীয়াৰ জৰিয়তে এগৰাকী মাতৃ আৰু কন্যাৰ বিষয়ে তথ্য লাভ কৰিছিল। মহিলাগৰাকী অসুস্থ হৈয়েই আছে আৰু চকুত ছানি পৰা দেখা গৈছে। স্বামীৰ মৃত্যু পাছত কণমানি পুত্ৰই বহু ঠাইত কামৰ চেষ্টা কৰিছিল যদিও কাম নাপালে। বাধ্যত পৰি মহিলাগৰাকীৰ কন্যাই ঘৰৰ পৰা কাম কৰিবলৈ ওলাই আহিছিল, কিন্তু সকলোতে তাইক সন্দেহৰ চকুৰে চাইছিল আৰু নানান ককৰ্থনাৰ সন্মুখীন হৈছিল।

 চৈয়দ বাসিত আলী যেতিয়া মহিলাগৰাকীৰ ঘৰত উপস্থিত হয়, তেতিয়া মহিলাগৰাকী পেটত দুটা ইটা বান্ধি বিছনাত পৰি আছিল। আটাৰ কেনিষ্টাৰকে ধৰি সকলো বাচন-বৰ্তন মহিলাগৰাকীৰ ঘৰত খালী হৈ পৰা পৰিলক্ষিত হৈছিল। হাতত এটা ফুটাকড়িও নথকা মাতৃ-কন্যাই পেটত ইটা বান্ধি লোৱাৰ কাৰণ সোধাত মহিলাগৰাকী আৰু তেওঁৰ কন্যা কান্দোনত ভাঙি পৰিছিল। মাতৃয়ে ক’লে যে ৩দিন ধৰি গোটেই পৰিয়ালটো ভোকত আছে, খাদ্যৰ দানা এটাও পেটলৈ যোৱা নাই। এতিয়া ভোক সহ্য কৰিব পৰা নাই, সেয়ে পেটত এটা ইটা বান্ধি লৈছে, যাতে ইটাৰ ভৰে পেটৰ ভোকক উকমুকনি নিদিয়ে।

 কান্দি থকা মহিলাগৰাকীয়ে পুনৰ ক’লে যে ইমৰাণ খান চৰকাৰৰ দিনত এতিয়াও পৰিয়ালটোৱে কিছু সাহায্য লাভ কৰিছিল। কিন্তু যেতিয়াৰ পৰা শ্বাহবাজ শ্বৰিফৰ নতুন চৰকাৰ আহিল, তেতিয়াৰ পৰা পৰিস্থিতি অতি বয়াৱহ হৈ পৰিছে। পুত্ৰই কোনো কাম লাভ কৰা নাই। সমাজৰ লাঞ্ছনাৰ পৰা বাচিবলৈ কন্যাও ঘৰতে আবদ্ধ হৈ আছে। কন্যাৰ বিবাহৰ যো-জা চলিছে যদিও বিয়াৰ বাবে পৰিয়ালটোৰ হাতত এটকাও নাই। ঘৰৰ ৰেছনো ৩দিন পূৰ্বে শেষ হৈছিল। দোকানীয়েও সামগ্ৰী ধাৰ দিবলৈ অস্বীকাৰ কৰে। তেতিয়াৰ পৰা গোটেই পৰিয়ালটো ভোকত দিন অতিবাহিত কৰিছে। জীয়ৰীয়ে লগতে ক’লে যে ভোক আৰু সহ্য নহয়। তেওঁৰ এটা কিডনি বিক্ৰী কৰিবলৈও সাজু আছে, যাতে কেইদিনমানৰ বাবে ৰেচনৰ ব্যৱস্থা কৰিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ