--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুস্বাস্থ্যৰ ৰহস্য ভাল টোপনি, কিন্তু আজিৰ সময়ত ৰাতি ভালদৰে টোপনি অহাটো অতি কঠিন বুলি প্ৰমাণিত হৈছে। আজিকালি ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰৰ বাবে শিশুসকলে প্ৰায় গোটেই ৰাতিটো টোপনি হেৰুৱাই পেলাইছে। ডি মণ্টফৰ্ট বিশ্ববিদ্যালয়ৰ ডাঃ জন শ্ব’ৰ নেতৃত্বত লেইচেষ্টাৰৰ বিদ্যালয়সমূহত কৰা এক অধ্যয়নত শিশুৰ টোপনিৰ বিষয়ে বহু কথাই প্ৰকাশ পাইছে। সাধাৰণতে শিশুসকলে ১২ ঘণ্টাৰ পৰিৱৰ্তে মাত্ৰ ৮ ঘণ্টাহে টোপনি পায়।
Childhood Insomnia and Sleep Problems - HelpGuide.org

উল্লেখযোগ্য যে এই টোপনিৰ অভাৱৰ মূল কাৰণ হিচাপে উল্লেখ কৰা হৈছে মোবাইল ফোন। এই অধ্যয়নসমূহ ১০ বছৰৰ ৬০ গৰাকী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত কৰা হৈছিল। ইয়াৰে অধিকাংশই ছ’চিয়েল মিডিয়াৰ সুবিধা লাভ কৰিছিল। ইয়াৰে ৬৯ শতাংশ শিশুৱে দিনটোত চাৰি ঘণ্টা মোবাইল ব্যৱহাৰ কৰাৰ লগতে ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা বুলি কয়। ইয়াৰে প্ৰায় ৮৯ শতাংশই নিজৰেই স্মাৰ্টফোন থকা বুলি স্বীকাৰ কৰিছে। প্ৰায় ৫৫ শতাংশ শিশুৱে টেবলেট ব্যৱহাৰ কৰে আৰু ২৩ শতাংশ শিশুৱে লেপটপ ব্যৱহাৰ কৰে।

Children who use mobiles and laptops at bedtime 'double risk of poor sleep'  - Mirror Online

কোনটো ছ’চিয়েল মিডিয়াত শিশু সক্ৰিয়?

গৱেষণাত দেখা গ’ল যে শিশুসকলে নিজকে বিভিন্ন মিডিয়া প্লেটফৰ্মত ব্যস্ত কৰি ৰাখে। ইয়াৰ ভিতৰত আছে ভিডিঅ’ শ্বেয়াৰিং এপ সমূহ। ৫৭ শতাংশ লোকে ফটো শ্বেয়াৰিং চাইট ইনষ্টাগ্ৰাম, ১৭ শতাংশ ৰেডিট ফ’ৰাম আৰু ২ শতাংশতকৈও কম লোকে ফেচবুক ব্যৱহাৰ কৰিছিল।

ছ’চিয়েল মিডিয়াত কিয় সক্ৰিয় হৈ আছে শিশু?

গৱেষণাৰ পৰা দেখা গৈছে যে শিশুৱে তেওঁলোকৰ বন্ধু-বান্ধৱীয়ে কি কৰিছে তাক লৈ চিন্তা কৰে। বন্ধু-বান্ধৱীৰ সকলো তথ্য তেওঁ ৰাখিব বিচাৰে। গৱেষণাত দেখা গৈছে যে দুই তৃতীয়াংশ লোকে টোপনিৰ পূৰ্বে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ