--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ পৰিস্ফূট হৈছে দেশৰ নিবনুৱা সমস্যাৰ এখন শোচনীয় ছবি৷ শেহতীয়াকৈ CMEIয়ে প্ৰকাশ কৰা তথ্য অনুসৰি গ্ৰাম্য অঞ্চলত ঋতুভিত্তিক নিবনুৱা সমস্যাৰ ফলত এই বছৰ তৃতীয়বাৰৰ বাবে ভাৰতৰ নিবনুৱাৰ হাৰ ৮%ৰ ওপৰলৈ বৃদ্ধি পাইছে।
 
চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ তথ্য অনুসৰি জুন মাহত নিবনুৱাৰ হাৰ ৭.৬৮%ৰ পৰা ৮.৪৫% লৈ বৃদ্ধি পাইছে। যোৱা জুন মাহত চহৰ অঞ্চলত নিবনুৱাৰ হাৰ ৭.৮৭% লৈ হ্ৰাস পোৱাৰ বিপৰীতে ভাৰতৰ গ্ৰাম্য অঞ্চলত নিবনুৱাৰ হাৰ দুবছৰৰ সৰ্বোচ্চ- ৮.৭৩%।
Chart
জুন মাহত সাধাৰণতে কৃষি খণ্ডৰ বাবে ক্ষীণ ঋতু, যিটো দেশৰ গ্ৰাম্য জনসাধাৰণৰ বাবে জীৱিকাৰ এক মূল উৎস। ভাৰতৰ গাঁওসমূহত জুন মাহত নিবনুৱা সমস্যা ঐতিহাসিকভাৱে আকাশলংঘী হয় কাৰণ মে’ মাহত খেতি চপোৱাৰ কাম শেষ হয় আৰু নতুন শস্যৰ বাবে বীজ সিঁচি জুলাই মাহতহে গতি লাভ কৰে যেতিয়া বাৰিষাৰ বৰষুণে সকলোকে সকাহ দিয়ে৷

চলিত বৰ্ষৰ শেষৰ ফালে দহ লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে চাকৰি নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ নিবনুৱা সমস্যা শেষ কৰাৰ হুংকাৰ দিছিল কিন্তু তাৰ বিপৰীতে বৰ্তমান গ্ৰামাঞ্চলৰ নিবনুৱা সমস্যাৰ এখন পৃথক ছবিহে পোহৰলৈ আহিছে৷

বিশেষকৈ ভাৰতৰ প্ৰায় দুই তৃতীয়াংশ জনসংখ্যা বাস কৰা গ্ৰাম্য অঞ্চলত শ্ৰম বজাৰৰ ধাৰাবাহিক দুৰ্বলতাই ২০২৪ চনৰ নিৰ্বাচনত তেওঁৰ পুনৰ নিৰ্বাচনৰ দাবীক অধিক প্ৰত্যাহ্বানমূলক কৰি তুলিব পাৰে আৰু ভাৰতৰ বিশ্বগুৰু হোৱাৰ অপৰিহাৰ্য অস্ত্ৰ অৰ্থনৈতিক বিকাশৰ বাটত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি বহু অৰ্থনীতিবিদে দাবী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস