--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ পৰিস্ফূট হৈছে দেশৰ নিবনুৱা সমস্যাৰ এখন শোচনীয় ছবি৷ শেহতীয়াকৈ CMEIয়ে প্ৰকাশ কৰা তথ্য অনুসৰি গ্ৰাম্য অঞ্চলত ঋতুভিত্তিক নিবনুৱা সমস্যাৰ ফলত এই বছৰ তৃতীয়বাৰৰ বাবে ভাৰতৰ নিবনুৱাৰ হাৰ ৮%ৰ ওপৰলৈ বৃদ্ধি পাইছে।
 
চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ তথ্য অনুসৰি জুন মাহত নিবনুৱাৰ হাৰ ৭.৬৮%ৰ পৰা ৮.৪৫% লৈ বৃদ্ধি পাইছে। যোৱা জুন মাহত চহৰ অঞ্চলত নিবনুৱাৰ হাৰ ৭.৮৭% লৈ হ্ৰাস পোৱাৰ বিপৰীতে ভাৰতৰ গ্ৰাম্য অঞ্চলত নিবনুৱাৰ হাৰ দুবছৰৰ সৰ্বোচ্চ- ৮.৭৩%।
Chart
জুন মাহত সাধাৰণতে কৃষি খণ্ডৰ বাবে ক্ষীণ ঋতু, যিটো দেশৰ গ্ৰাম্য জনসাধাৰণৰ বাবে জীৱিকাৰ এক মূল উৎস। ভাৰতৰ গাঁওসমূহত জুন মাহত নিবনুৱা সমস্যা ঐতিহাসিকভাৱে আকাশলংঘী হয় কাৰণ মে’ মাহত খেতি চপোৱাৰ কাম শেষ হয় আৰু নতুন শস্যৰ বাবে বীজ সিঁচি জুলাই মাহতহে গতি লাভ কৰে যেতিয়া বাৰিষাৰ বৰষুণে সকলোকে সকাহ দিয়ে৷

চলিত বৰ্ষৰ শেষৰ ফালে দহ লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে চাকৰি নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ নিবনুৱা সমস্যা শেষ কৰাৰ হুংকাৰ দিছিল কিন্তু তাৰ বিপৰীতে বৰ্তমান গ্ৰামাঞ্চলৰ নিবনুৱা সমস্যাৰ এখন পৃথক ছবিহে পোহৰলৈ আহিছে৷

বিশেষকৈ ভাৰতৰ প্ৰায় দুই তৃতীয়াংশ জনসংখ্যা বাস কৰা গ্ৰাম্য অঞ্চলত শ্ৰম বজাৰৰ ধাৰাবাহিক দুৰ্বলতাই ২০২৪ চনৰ নিৰ্বাচনত তেওঁৰ পুনৰ নিৰ্বাচনৰ দাবীক অধিক প্ৰত্যাহ্বানমূলক কৰি তুলিব পাৰে আৰু ভাৰতৰ বিশ্বগুৰু হোৱাৰ অপৰিহাৰ্য অস্ত্ৰ অৰ্থনৈতিক বিকাশৰ বাটত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি বহু অৰ্থনীতিবিদে দাবী কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দুলীয়াজানৰ তৈলখাদত লোহাৰ পাইপ খহি গাত পৰাত শ্ৰমিক কিৰণ গগৈৰ কৰুণ মৃত্যু
মাজবাটত একাংশ মুছলিমৰ কাণ্ডই লাজত পেলাইছে মুছলমান সমাজক! এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত সজাগতা সভা
ফলমূল,শাক-পাছলি, মাছৰ পৰা মৌলৈকে কি নাই! বোকাখাতত কৃষি বিপ্লৱৰ চমক প্ৰাক্তন নৌ সেনাৰ ডুবাৰু চম্পক ডেকাৰ
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ