--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া কেৱল বৃদ্ধসকলেই যে পেঞ্চন পাব তেনে নহয়, বিয়া নাপাতিলেও এখন ৰাজ্যত দিয়া হ’ব পেঞ্চন। হয়, বিয়া নপতাকৈ থকা লোকসকলক(ল’ৰা-ছোৱালী উভয়ে)  হাৰিয়ানাৰ চৰকাৰে এক নিৰ্দিষ্ট বয়সৰ পিছত পেঞ্চন দিব। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ চৰকাৰে অবিবাহিত পুৰুষ আৰু মহিলাৰ বাবে পেঞ্চন আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। খট্টৰে প্ৰকাশ কৰা মতে  তেওঁৰ চৰকাৰে ৰাজ্যখনত ৪৫ ৰ পৰা ৬০ বছৰ বয়সৰ অবিবাহিতসকলৰ বাবে এটা পেঞ্চন আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

হাৰিয়ানাৰ কৰ্ণাল জিলাৰ কমলপুৰা গাঁৱত 'জন সংবাদ' কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেনেদৰে কয়। তেওঁ লগতে কয় যে  অবিবাহিত লোকসকলৰ বাবে পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ বিষয়টোকলৈ চৰকাৰ  বহুতৰে  প্ৰশ্নৰ সন্মুখীন হৈছে। কিন্তু এনে আঁচনিয়ে বহুতকে উপকৃত কৰিব বুলি খট্টৰে কয়।  খট্টৰে কয়, "ৰাজ্য চৰকাৰে শীঘ্ৰেই অবিবাহিতসকলৰ বাবে পেঞ্চন আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰে এমাহৰ ভিতৰত প্ৰকল্পটোৰ বিষয়ত সিদ্ধান্ত ল'ব’’। হাৰিয়ানা চৰকাৰৰ প্ৰস্তাৱিত আঁচনিখনে ৰাজ্যখনৰ প্ৰায় দুই লাখ লোকক লাভান্বিত কৰিব বুলি আশা কৰা হৈছে।

খট্টৰে হাৰিয়ানাত  বৃদ্ধ পেঞ্চনত ২৫০  টকাকৈ  বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে।  অবিবাহিত লোকসকলৰ বাবে পেঞ্চন আঁচনিৰ পৰিমাণ বৃদ্ধ বয়সৰ ভাট্টাৰ সমান হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে।  অৰ্থাৎ বৃদ্ধ পেঞ্চনৰ দৰেই অবিবাহিতসকলেও মাহিলী ৩ হাজাৰ টকাকৈ লাভ কৰিব পাৰে । অৱশ্যে, চৰকাৰে আঁচনিখনৰ বাবে প্ৰদান কৰিবলগীয়া ধনৰ সঠিক পৰিমাণ এতিয়াও ঘোশণা কৰা নাই। হাৰিয়ানা চৰকাৰে ইতিমধ্যে ৰাজ্যখনত জ্যেষ্ঠ নাগৰিক, বিধৱা, বিকলাঙ্গ, বাহ্মণ আৰু ট্ৰেন্সজেণ্ডাৰসকলৰ বাবে পেঞ্চন আঁচনি আৰম্ভ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান