--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া কেৱল বৃদ্ধসকলেই যে পেঞ্চন পাব তেনে নহয়, বিয়া নাপাতিলেও এখন ৰাজ্যত দিয়া হ’ব পেঞ্চন। হয়, বিয়া নপতাকৈ থকা লোকসকলক(ল’ৰা-ছোৱালী উভয়ে)  হাৰিয়ানাৰ চৰকাৰে এক নিৰ্দিষ্ট বয়সৰ পিছত পেঞ্চন দিব। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ চৰকাৰে অবিবাহিত পুৰুষ আৰু মহিলাৰ বাবে পেঞ্চন আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। খট্টৰে প্ৰকাশ কৰা মতে  তেওঁৰ চৰকাৰে ৰাজ্যখনত ৪৫ ৰ পৰা ৬০ বছৰ বয়সৰ অবিবাহিতসকলৰ বাবে এটা পেঞ্চন আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

হাৰিয়ানাৰ কৰ্ণাল জিলাৰ কমলপুৰা গাঁৱত 'জন সংবাদ' কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেনেদৰে কয়। তেওঁ লগতে কয় যে  অবিবাহিত লোকসকলৰ বাবে পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ বিষয়টোকলৈ চৰকাৰ  বহুতৰে  প্ৰশ্নৰ সন্মুখীন হৈছে। কিন্তু এনে আঁচনিয়ে বহুতকে উপকৃত কৰিব বুলি খট্টৰে কয়।  খট্টৰে কয়, "ৰাজ্য চৰকাৰে শীঘ্ৰেই অবিবাহিতসকলৰ বাবে পেঞ্চন আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰে এমাহৰ ভিতৰত প্ৰকল্পটোৰ বিষয়ত সিদ্ধান্ত ল'ব’’। হাৰিয়ানা চৰকাৰৰ প্ৰস্তাৱিত আঁচনিখনে ৰাজ্যখনৰ প্ৰায় দুই লাখ লোকক লাভান্বিত কৰিব বুলি আশা কৰা হৈছে।

খট্টৰে হাৰিয়ানাত  বৃদ্ধ পেঞ্চনত ২৫০  টকাকৈ  বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে।  অবিবাহিত লোকসকলৰ বাবে পেঞ্চন আঁচনিৰ পৰিমাণ বৃদ্ধ বয়সৰ ভাট্টাৰ সমান হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে।  অৰ্থাৎ বৃদ্ধ পেঞ্চনৰ দৰেই অবিবাহিতসকলেও মাহিলী ৩ হাজাৰ টকাকৈ লাভ কৰিব পাৰে । অৱশ্যে, চৰকাৰে আঁচনিখনৰ বাবে প্ৰদান কৰিবলগীয়া ধনৰ সঠিক পৰিমাণ এতিয়াও ঘোশণা কৰা নাই। হাৰিয়ানা চৰকাৰে ইতিমধ্যে ৰাজ্যখনত জ্যেষ্ঠ নাগৰিক, বিধৱা, বিকলাঙ্গ, বাহ্মণ আৰু ট্ৰেন্সজেণ্ডাৰসকলৰ বাবে পেঞ্চন আঁচনি আৰম্ভ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ