--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চিগাৰেট হুপি বিপদত পৰিল এগৰাকী অভিনেত্ৰী। চিগাৰেট হুপি থকাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী। এই ঘটনা পাকিস্তানৰ। জনপ্ৰিয় পাকিস্তানী টিভি অভিনেত্ৰী আলিজেহ শ্বাহে চিগাৰেট হুপি যেন নিজলৈ মাতি আনিলে বিপদ। পাকিস্তানৰ অধিকাংশ লোকেই চোকা সমালোচনা কৰিছে আলিজেহ শ্বাহক। পাকিস্তানৰ একাংশ ধৰ্মীয় কট্টৰপন্থী লোকে মহিলাই চিগাৰেট হুপাটো ইছলামৰ নিময়বিৰোধী বুলি কোৱাৰ লগতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ফটোৱা জাৰি কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে।

এখন চাৰিচকীয়া বাহনত বহি আলিজেহ শ্বাহে চিগাৰেট হুপি থকাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই ইছলাম লোকসকল ক্ষুদ্ধ হৈ উঠিছে। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ এটা অংশই ৰাজহুৱা স্থানত চিগাৰেট সেৱন কৰা বাবে আৰু আন কিছুমানে চিগাৰেট সেৱন কৰা স্বাস্থ্যৰ পক্ষে বেয়া বাবে আৰু একাংশই আলিজেহ নাৰী হৈয়ো পাকিস্তানৰ পুৰুষৰ দৰে সমান অধিকাৰ আৰু স্বাধীনতা বাবে সমালোচনা কৰিছে। একাংশই অভিনেত্ৰীগৰাকীৰ ওপৰত আধাৰিত মিম শ্বেয়াৰ কৰি আছে ছচিয়েল মিডিয়াত। আনহাতে আলিজেহ শ্বাহে তাইৰ ধূমপানৰ ভিডিঅ' অনলাইনত বন্দী কৰা আৰু শ্বেয়াৰ কৰা লোকসকলৰ বিৰুদ্ধে সৰৱ হৈছে। এই লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সকীয়নী দিছে।

আলিজেহ শ্বাহৰ সমৰ্থনত থিয় দি ফেডাৰেল ইনভেষ্টিগেচন এজেন্সিৰ মূৰব্বী ইমৰান ৰিয়াজে কয় যে "এজন ব্যক্তিৰ সন্মতি অবিহনে তেওঁৰ ভিডিঅ' কেপচাৰ কৰা, আপলোড কৰা, শ্বেয়াৰ কৰা, পুনৰ টুইট কৰা আৰু প্ৰেৰণ কৰাটো ছাইবাৰ অপৰাধৰ অধীনত পৰে আৰু এই কাৰ্য্যত জড়িত লোকসকলক কমেও তিনি বছৰৰ বাবে কাৰাবাস হ'ব পাৰে বা ১০ লাখ টকাৰ আৰ্থিক জৰিমনা হ'ব পাৰে।" উল্লেখ্য যে পাকিস্তানৰ অধিকাংশ লোকেই আলিজেহ শ্বাহক ককৰ্থনা কৰিলেও কিছুসংখ্যক লোক তেওঁৰ পক্ষত থিয় দিছে।

আৰু পঢ়কঃ প্ৰকৃতিৰ আজৱ লীলা! বৰষুণৰ সৈতে আকাশৰ পৰা সৰি পৰিল মাছ, কেঁকোৰা, ভেকুলী!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু