--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চিগাৰেট হুপি বিপদত পৰিল এগৰাকী অভিনেত্ৰী। চিগাৰেট হুপি থকাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী। এই ঘটনা পাকিস্তানৰ। জনপ্ৰিয় পাকিস্তানী টিভি অভিনেত্ৰী আলিজেহ শ্বাহে চিগাৰেট হুপি যেন নিজলৈ মাতি আনিলে বিপদ। পাকিস্তানৰ অধিকাংশ লোকেই চোকা সমালোচনা কৰিছে আলিজেহ শ্বাহক। পাকিস্তানৰ একাংশ ধৰ্মীয় কট্টৰপন্থী লোকে মহিলাই চিগাৰেট হুপাটো ইছলামৰ নিময়বিৰোধী বুলি কোৱাৰ লগতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ফটোৱা জাৰি কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে।

এখন চাৰিচকীয়া বাহনত বহি আলিজেহ শ্বাহে চিগাৰেট হুপি থকাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই ইছলাম লোকসকল ক্ষুদ্ধ হৈ উঠিছে। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ এটা অংশই ৰাজহুৱা স্থানত চিগাৰেট সেৱন কৰা বাবে আৰু আন কিছুমানে চিগাৰেট সেৱন কৰা স্বাস্থ্যৰ পক্ষে বেয়া বাবে আৰু একাংশই আলিজেহ নাৰী হৈয়ো পাকিস্তানৰ পুৰুষৰ দৰে সমান অধিকাৰ আৰু স্বাধীনতা বাবে সমালোচনা কৰিছে। একাংশই অভিনেত্ৰীগৰাকীৰ ওপৰত আধাৰিত মিম শ্বেয়াৰ কৰি আছে ছচিয়েল মিডিয়াত। আনহাতে আলিজেহ শ্বাহে তাইৰ ধূমপানৰ ভিডিঅ' অনলাইনত বন্দী কৰা আৰু শ্বেয়াৰ কৰা লোকসকলৰ বিৰুদ্ধে সৰৱ হৈছে। এই লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সকীয়নী দিছে।

আলিজেহ শ্বাহৰ সমৰ্থনত থিয় দি ফেডাৰেল ইনভেষ্টিগেচন এজেন্সিৰ মূৰব্বী ইমৰান ৰিয়াজে কয় যে "এজন ব্যক্তিৰ সন্মতি অবিহনে তেওঁৰ ভিডিঅ' কেপচাৰ কৰা, আপলোড কৰা, শ্বেয়াৰ কৰা, পুনৰ টুইট কৰা আৰু প্ৰেৰণ কৰাটো ছাইবাৰ অপৰাধৰ অধীনত পৰে আৰু এই কাৰ্য্যত জড়িত লোকসকলক কমেও তিনি বছৰৰ বাবে কাৰাবাস হ'ব পাৰে বা ১০ লাখ টকাৰ আৰ্থিক জৰিমনা হ'ব পাৰে।" উল্লেখ্য যে পাকিস্তানৰ অধিকাংশ লোকেই আলিজেহ শ্বাহক ককৰ্থনা কৰিলেও কিছুসংখ্যক লোক তেওঁৰ পক্ষত থিয় দিছে।

আৰু পঢ়কঃ প্ৰকৃতিৰ আজৱ লীলা! বৰষুণৰ সৈতে আকাশৰ পৰা সৰি পৰিল মাছ, কেঁকোৰা, ভেকুলী!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ