--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সময়ে সময়ে প্ৰকৃতিৰ কিছুমান আজৱ লীলা সংঘটিত হয়। আমেৰিকাৰ টেক্সাছত এক অভাৱনীয় ঘটনা সংঘটিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত বৰষুণৰ সৈতে আকাশৰ পৰা সৰি পৰিল মাছ। বৰষুণৰ সৈতে মাছ সৰি পৰাৰ পাছত চহৰখনৰ নাগৰিকসকল আচৰিত হৈ পৰাৰ লগতে একাংশ লোক আতংকিত হৈ পৰে।

আমেৰিকাৰ টেক্সাছত হোৱা বৰষুণত কেৱল মাছেই নহয় ভেকুলী কেঁকোৰা আদিৰ দৰে জলজ প্ৰাণীও পৃথিৱীৰ বুকুলৈ সৰি পৰে। এই খবৰে সমগ্ৰ আমেৰিকাবাসীকে চিন্তিত কৰি ৰাখে। বৰষুণৰ সৈতে সৰি পৰা মাছৰ দৃশ্য বহু লোকেই ফটো আৰু ভিডিঅ' হিচাপে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। কিছুমানে এই ঘটনাক অমংগলৰ চিন বুলি কোৱাৰ লগতে একাংশই যি হয় ভালৰ বাবেই হয় বুলি নিজৰ মনক পতিয়ন নিয়াইছে। উল্লেখ্য যে এনে বৰষুণক 'এনিমেল ৰেইন' বুলি কোৱা হয়।

এনেদৰে বৰষুণ হোৱা এয়াই প্ৰথম ঘটনা নহয়। ১৮৬১ চনত ছিংগাপুৰত প্ৰথম এনে ঘটনা সংঘটিত হৈছিল। নেচনেল জিঅ'গ্ৰাফিকৰ এক প্ৰতিবেদন অনুসৰি ''প্ৰকৃতিত টৰ্ণেডো সৃষ্টি হ'লে এনিমেল ৰেইন হয়। এই ঘটনাটো পুখুৰী আৰু হ্ৰদৰ দৰে পানীৰ অংশত সৃষ্টি হোৱা এক প্ৰকাৰৰ টৰ্ণেডো। এই টৰ্ণেডোৱে এক ঘূৰ্ণীবতাহ সৃষ্টি কৰে যি বায়ু, পানী আৰু পানীত থকা বস্তুবোৰ টানি আনে। টৰ্ণেডো শক্তিশালী হোৱাৰ লগে লগে ই পানীত থকা সৰু সৰু জীৱবোৰক অধিক ৰূপত টানি আনে। তাৰপাছত ই মাটিৰ ফালে আগবাঢ়ে। যেতিয়া ধুমুহাৰ গতি হ্ৰাস হয় তেতিয়া ইয়াত থকা মাছ আদি জীৱবোৰ মাটিত সৰি পৰিবলৈ আৰম্ভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত সংঘটিত হোৱা ঘটনাও টৰ্ণেডোৰ বাবেই সংঘটিত হৈছে।'' কিছুমানে বিজ্ঞানৰ এই ভাষাক স্বীকাৰ কৰি লৈছে যদিও একাংশই এয়া প্ৰকৃতিৰ মিৰাকল বুলি অভিহিত কৰিছে।

আৰু পঢ়কঃ পীয়ূষৰ ঘৰত ভুলতে সোমাইছিল আয়কৰ বিভাগ; উদ্ধাৰ ২৫৭ কোটি টকা আৰু অজস্ৰ সম্পদ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ