--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সময়ে সময়ে প্ৰকৃতিৰ কিছুমান আজৱ লীলা সংঘটিত হয়। আমেৰিকাৰ টেক্সাছত এক অভাৱনীয় ঘটনা সংঘটিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত বৰষুণৰ সৈতে আকাশৰ পৰা সৰি পৰিল মাছ। বৰষুণৰ সৈতে মাছ সৰি পৰাৰ পাছত চহৰখনৰ নাগৰিকসকল আচৰিত হৈ পৰাৰ লগতে একাংশ লোক আতংকিত হৈ পৰে।

আমেৰিকাৰ টেক্সাছত হোৱা বৰষুণত কেৱল মাছেই নহয় ভেকুলী কেঁকোৰা আদিৰ দৰে জলজ প্ৰাণীও পৃথিৱীৰ বুকুলৈ সৰি পৰে। এই খবৰে সমগ্ৰ আমেৰিকাবাসীকে চিন্তিত কৰি ৰাখে। বৰষুণৰ সৈতে সৰি পৰা মাছৰ দৃশ্য বহু লোকেই ফটো আৰু ভিডিঅ' হিচাপে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। কিছুমানে এই ঘটনাক অমংগলৰ চিন বুলি কোৱাৰ লগতে একাংশই যি হয় ভালৰ বাবেই হয় বুলি নিজৰ মনক পতিয়ন নিয়াইছে। উল্লেখ্য যে এনে বৰষুণক 'এনিমেল ৰেইন' বুলি কোৱা হয়।

এনেদৰে বৰষুণ হোৱা এয়াই প্ৰথম ঘটনা নহয়। ১৮৬১ চনত ছিংগাপুৰত প্ৰথম এনে ঘটনা সংঘটিত হৈছিল। নেচনেল জিঅ'গ্ৰাফিকৰ এক প্ৰতিবেদন অনুসৰি ''প্ৰকৃতিত টৰ্ণেডো সৃষ্টি হ'লে এনিমেল ৰেইন হয়। এই ঘটনাটো পুখুৰী আৰু হ্ৰদৰ দৰে পানীৰ অংশত সৃষ্টি হোৱা এক প্ৰকাৰৰ টৰ্ণেডো। এই টৰ্ণেডোৱে এক ঘূৰ্ণীবতাহ সৃষ্টি কৰে যি বায়ু, পানী আৰু পানীত থকা বস্তুবোৰ টানি আনে। টৰ্ণেডো শক্তিশালী হোৱাৰ লগে লগে ই পানীত থকা সৰু সৰু জীৱবোৰক অধিক ৰূপত টানি আনে। তাৰপাছত ই মাটিৰ ফালে আগবাঢ়ে। যেতিয়া ধুমুহাৰ গতি হ্ৰাস হয় তেতিয়া ইয়াত থকা মাছ আদি জীৱবোৰ মাটিত সৰি পৰিবলৈ আৰম্ভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত সংঘটিত হোৱা ঘটনাও টৰ্ণেডোৰ বাবেই সংঘটিত হৈছে।'' কিছুমানে বিজ্ঞানৰ এই ভাষাক স্বীকাৰ কৰি লৈছে যদিও একাংশই এয়া প্ৰকৃতিৰ মিৰাকল বুলি অভিহিত কৰিছে।

আৰু পঢ়কঃ পীয়ূষৰ ঘৰত ভুলতে সোমাইছিল আয়কৰ বিভাগ; উদ্ধাৰ ২৫৭ কোটি টকা আৰু অজস্ৰ সম্পদ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু