--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটাকৈ পাৰ্চেল বোমা বিস্ফোৰণে জোকাৰি গৈছে ম্যানমাৰৰ বিখ্যাত ইনছেইন কাৰাগাৰ। আজি পুৱা ইয়াঙ্গুনস্থিত ইনছেইন কাৰাগাৰৰ প্ৰৱেশদ্বাৰত  সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণত ৮ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে ১৮ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়। নিহতসকলৰ ভিতৰত ৩ গৰাকী কাৰাগাৰৰ কৰ্মচাৰী আৰু ৫ গৰাকী দৰ্শনাৰ্থী আছিল বুলি কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

উল্লেখ্য যে, ইনছেইন হৈছে ম্যানমাৰৰ সৰ্ববৃহৎ কাৰাগাৰ। এই কাৰাগাৰত প্ৰায় ১০ হাজাৰ কাৰাবন্দী আছে আৰু ইয়াৰে অধিকাংশই  ৰাজনৈতিক বন্দী। এইপৰ্যন্ত কোনো ব্যক্তি বা গোটে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও জুণ্টাই এই বিস্ফোৰণৰ আঁৰত সন্ত্ৰাসবাদী সংগঠন জড়িত আছে বুলি সন্দেহ কৰিছে। 

কাৰাগাৰ কৰ্তৃপক্ষই উল্লেখ কৰা মতে কাৰাগাৰৰ পোষ্টৰুমত এই বিস্ফোৰণ সংঘটিত হৈছিল। বিস্ফোৰণস্থলীত প্লাষ্টিকত মেৰিয়াই থোৱা আন এটা বোমাও পোৱা গৈছে বুলি কৰ্তৃপক্ষই লগতে জানিবলৈ দিয়ে।

শতিকা পুৰণি কাৰাগাৰখনৰ বন্দীসকলৰ সৈতে কাৰাগাৰ কৰ্তৃপক্ষই অমানৱীয় আচৰণ কৰি আহিছে বুলি মানৱ অধিকাৰ গোটসমূহে অভিযোগ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ