--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাকিস্তানৰ বেলুচিস্তানৰ লাচবেলাত বান সাহায্য অভিযানত নিযোজিত হৈ থকা পাক সেনাৰ এখন হেলিকপ্তাৰ সন্ধানহীন হৈ পৰিছে। হেলিকপ্তাৰ খন দুৰ্ঘটনাত পতিত হৈছে নে কোনোৱাই অপহৰণ কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। পাকিস্তানৰ আন্তঃ-সেৱা জনসম্পৰ্কৰক্ষী বিভাগে হেলিকপ্তাৰ খন নিৰুদ্দেশ হোৱাৰ কথা প্ৰকাশ কৰিছে। 

টুইটাৰযোগে পাকিস্তান সশস্ত্ৰ বাহিনীৰ আইএছপিআৰৰ মিডিয়া শাখাই কয় যে হেলিকপ্টাৰ খনে দ্বাদশ কৰ্পৰ কমাণ্ডাৰ জেনেৰেল চাৰফৰাজ আলী আৰু বেলুচিস্তানত চলি থকা বান সাহায্য অভিযানত তদাৰক কৰি থকা আন পাঁচজন জ্যেষ্ঠ সামৰিক বিষয়াক কঢ়িয়াই লৈ গৈছিল। জানিব পৰা মতে  বেলুচিস্তানৰ লাচবেলাত বান সাহায্য অভিযানত থকা পাকিস্তান সেনাৰ হেলিকপ্টাৰ খনৰ সৈতে নিয়ন্ত্ৰণ কক্ষৰ সংযোগ নোহোৱা হৈ পৰিছিল। কমাণ্ডাৰসহ ছয়জন ব্যক্তি হেলিকপ্তাৰ খনত  আছিল । 

সন্ধানহীন হৈ পৰা হেলিকপ্তাৰ খনৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰা হৈছে।পাকিস্তানৰ সংবাদ মাধ্যমৰ  বাতৰি অনুসৰি  হেলিকপ্টাৰখনে এয়াৰ ট্ৰেফিক কণ্টলৰ (এটিচি) সৈতে সম্পৰ্ক হেৰুৱাই পেলোৱাৰ পিছত যোৱা পাঁচ ঘণ্টা ধৰি সন্ধানহীন হৈ আছে। পাকিস্তানৰ বহু ঠাইত হোৱা বানপানীৰ মাজতে পাক সেনাই বেলুচিস্তান, সিন্ধু, গিলগিট-বাল্টিস্তান আৰু খাইবাৰ পাখতুনখোৱাৰ বানপীড়িত জিলাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। 

বেলুচিস্তানতশেহতীয়া  বানপানীৰ ফলত ২৯ খন জিলা ক্ষতিগ্ৰস্ত হৈছে, বিশেষকৈ লাচবেলা, কেচ, কোৱেটা, চিব্বি, খুজদাৰ আৰু কোহলৌত বহু লোক গৃহহাৰা হৈ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু