--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাকিস্তানৰ বেলুচিস্তানৰ লাচবেলাত বান সাহায্য অভিযানত নিযোজিত হৈ থকা পাক সেনাৰ এখন হেলিকপ্তাৰ সন্ধানহীন হৈ পৰিছে। হেলিকপ্তাৰ খন দুৰ্ঘটনাত পতিত হৈছে নে কোনোৱাই অপহৰণ কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। পাকিস্তানৰ আন্তঃ-সেৱা জনসম্পৰ্কৰক্ষী বিভাগে হেলিকপ্তাৰ খন নিৰুদ্দেশ হোৱাৰ কথা প্ৰকাশ কৰিছে। 

টুইটাৰযোগে পাকিস্তান সশস্ত্ৰ বাহিনীৰ আইএছপিআৰৰ মিডিয়া শাখাই কয় যে হেলিকপ্টাৰ খনে দ্বাদশ কৰ্পৰ কমাণ্ডাৰ জেনেৰেল চাৰফৰাজ আলী আৰু বেলুচিস্তানত চলি থকা বান সাহায্য অভিযানত তদাৰক কৰি থকা আন পাঁচজন জ্যেষ্ঠ সামৰিক বিষয়াক কঢ়িয়াই লৈ গৈছিল। জানিব পৰা মতে  বেলুচিস্তানৰ লাচবেলাত বান সাহায্য অভিযানত থকা পাকিস্তান সেনাৰ হেলিকপ্টাৰ খনৰ সৈতে নিয়ন্ত্ৰণ কক্ষৰ সংযোগ নোহোৱা হৈ পৰিছিল। কমাণ্ডাৰসহ ছয়জন ব্যক্তি হেলিকপ্তাৰ খনত  আছিল । 

সন্ধানহীন হৈ পৰা হেলিকপ্তাৰ খনৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰা হৈছে।পাকিস্তানৰ সংবাদ মাধ্যমৰ  বাতৰি অনুসৰি  হেলিকপ্টাৰখনে এয়াৰ ট্ৰেফিক কণ্টলৰ (এটিচি) সৈতে সম্পৰ্ক হেৰুৱাই পেলোৱাৰ পিছত যোৱা পাঁচ ঘণ্টা ধৰি সন্ধানহীন হৈ আছে। পাকিস্তানৰ বহু ঠাইত হোৱা বানপানীৰ মাজতে পাক সেনাই বেলুচিস্তান, সিন্ধু, গিলগিট-বাল্টিস্তান আৰু খাইবাৰ পাখতুনখোৱাৰ বানপীড়িত জিলাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। 

বেলুচিস্তানতশেহতীয়া  বানপানীৰ ফলত ২৯ খন জিলা ক্ষতিগ্ৰস্ত হৈছে, বিশেষকৈ লাচবেলা, কেচ, কোৱেটা, চিব্বি, খুজদাৰ আৰু কোহলৌত বহু লোক গৃহহাৰা হৈ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক