--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ মৰমলগা দম্পতী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ শেহতীয়াকৈ পিতৃ-মাতৃ হোৱা খবৰে বৰ্তমান শিৰোনামা দখল‌ কৰি আছে। নিজৰ ছ’চিয়েল একাউণ্টত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰি আলিয়াই ঘোষণা কৰিছে  ঘৰলৈ কন্যা অহাৰ সুখবৰ। একে সময়তে তেতিয়াৰ পৰাই তেওঁৰ বাবে অভিনন্দন পোৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে। ইফালে এই খবৰটো ওলোৱাৰ পাছৰে পৰা আলিয়া আৰু কনমানি ছোৱালীজনীৰ প্ৰথম আভাস চাবলৈ সকলোৱে আগ্ৰহী হৈ পৰিছে। আজি আলিয়াক হস্পিতালৰ পৰা ৰিলিজ দিয়া হৈছে যদিও কন্যাৰ মুখখন দেখুৱাৰ পৰা দুয়ো দম্পতী বিৰত আছিল।  কিন্তু পাপাৰাজীয়ে গোপনে কণমানিজনীক কেমেৰাত বন্দী কৰিছে। 

আচলতে এনে খবৰ ইতিমধ্যে আহিছিল যে আলিয়া-ৰণবীৰে হস্পিতালৰ পৰা ওলাই অহাৰ পাছত তেওঁলোকৰ কেঁচুৱা ছোৱালীজনীৰ মুখখন দেখুৱাব নোৱাৰিব। এই বাতৰিবোৰত অনুৰাগীসকল অতি দুখী হৈছিল যদিও বহুতে আশা কৰিছিল যে দুয়োজনে কন্যাৰ আভাস দেখুৱাব। অৱশ্যে তেওঁলোকৰ সিদ্ধান্তত আঁঠু লৈ আলিয়া-ৰণবীৰে কেমেৰাৰ আগত প'জ নিদিয়াকৈ  যাবলৈ ধৰে।

একে সময়তে আলিয়া-ৰণবীৰৰ গাড়ীখন চিকিৎসালয়ৰ পৰা ওলাই অহা দেখি পাপাৰাজীয়ে ফটো তুলিবলৈ আৰম্ভ কৰিলে। বহুতে গোপনে আলিয়া-ৰণবীৰৰ ভিতৰৰ ফটো তুলিছিল। এই ফটোবোৰত দেখা গৈছিল কনমানিজনী দেখা গৈছিল দেউতাকৰ কোলাত। ৰণবীৰে কোলাত লৈ বগা ৰঙৰ বেবী বেডিং এখনেৰে আলফুলে ঢাকি ৰাখিছিল সন্তানক। চাওক দেউতাক ৰণবীৰৰ সৈতে কনমানিজনীৰ ভাইৰেল ছবি-

Alia-Ranbir Baby First Photo

উল্লেখযোগ্য যে ৭ অক্টোবৰত আলিয়াই ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি ঘোষণা কৰিছিল তেওঁ সন্তানক লৈ তেওঁৰ ঘৰলৈ আহিব। এতিয়ালৈকে তেওঁ  ছোৱালীজনীৰ মুখখন দেখুৱাও নাই আৰু তেওঁৰ নামৰ সন্দৰ্ভতো কোনো ঘোষণা কৰা নাই। এতিয়া অনুৰাগীসকলে অপেক্ষা কৰি আছে যে কেতিয়া এই দম্পতীহালে নিজৰ কন্যাৰ প্ৰথম আভাস বিশ্ববাসীক দেখুৱাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী