--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ মৰমলগা দম্পতী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ শেহতীয়াকৈ পিতৃ-মাতৃ হোৱা খবৰে বৰ্তমান শিৰোনামা দখল‌ কৰি আছে। নিজৰ ছ’চিয়েল একাউণ্টত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰি আলিয়াই ঘোষণা কৰিছে  ঘৰলৈ কন্যা অহাৰ সুখবৰ। একে সময়তে তেতিয়াৰ পৰাই তেওঁৰ বাবে অভিনন্দন পোৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে। ইফালে এই খবৰটো ওলোৱাৰ পাছৰে পৰা আলিয়া আৰু কনমানি ছোৱালীজনীৰ প্ৰথম আভাস চাবলৈ সকলোৱে আগ্ৰহী হৈ পৰিছে। আজি আলিয়াক হস্পিতালৰ পৰা ৰিলিজ দিয়া হৈছে যদিও কন্যাৰ মুখখন দেখুৱাৰ পৰা দুয়ো দম্পতী বিৰত আছিল।  কিন্তু পাপাৰাজীয়ে গোপনে কণমানিজনীক কেমেৰাত বন্দী কৰিছে। 

আচলতে এনে খবৰ ইতিমধ্যে আহিছিল যে আলিয়া-ৰণবীৰে হস্পিতালৰ পৰা ওলাই অহাৰ পাছত তেওঁলোকৰ কেঁচুৱা ছোৱালীজনীৰ মুখখন দেখুৱাব নোৱাৰিব। এই বাতৰিবোৰত অনুৰাগীসকল অতি দুখী হৈছিল যদিও বহুতে আশা কৰিছিল যে দুয়োজনে কন্যাৰ আভাস দেখুৱাব। অৱশ্যে তেওঁলোকৰ সিদ্ধান্তত আঁঠু লৈ আলিয়া-ৰণবীৰে কেমেৰাৰ আগত প'জ নিদিয়াকৈ  যাবলৈ ধৰে।

একে সময়তে আলিয়া-ৰণবীৰৰ গাড়ীখন চিকিৎসালয়ৰ পৰা ওলাই অহা দেখি পাপাৰাজীয়ে ফটো তুলিবলৈ আৰম্ভ কৰিলে। বহুতে গোপনে আলিয়া-ৰণবীৰৰ ভিতৰৰ ফটো তুলিছিল। এই ফটোবোৰত দেখা গৈছিল কনমানিজনী দেখা গৈছিল দেউতাকৰ কোলাত। ৰণবীৰে কোলাত লৈ বগা ৰঙৰ বেবী বেডিং এখনেৰে আলফুলে ঢাকি ৰাখিছিল সন্তানক। চাওক দেউতাক ৰণবীৰৰ সৈতে কনমানিজনীৰ ভাইৰেল ছবি-

Alia-Ranbir Baby First Photo

উল্লেখযোগ্য যে ৭ অক্টোবৰত আলিয়াই ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি ঘোষণা কৰিছিল তেওঁ সন্তানক লৈ তেওঁৰ ঘৰলৈ আহিব। এতিয়ালৈকে তেওঁ  ছোৱালীজনীৰ মুখখন দেখুৱাও নাই আৰু তেওঁৰ নামৰ সন্দৰ্ভতো কোনো ঘোষণা কৰা নাই। এতিয়া অনুৰাগীসকলে অপেক্ষা কৰি আছে যে কেতিয়া এই দম্পতীহালে নিজৰ কন্যাৰ প্ৰথম আভাস বিশ্ববাসীক দেখুৱাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক