--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ বয়স ৫৭ বছৰ। তেওঁৰ বয়সে প্ৰায় ৬ দশকৰ ঘৰ চোৱাৰ উপক্ৰম হৈছে যদিও এতিয়াও সপ্ৰতিভ হৈ আছে বলীউডৰ বাদশ্বাহ। এই বয়সতো কিং খানে অভিনয় কৰিয়েই আছে। নায়িকাৰ সৈতে ৰোমাঞ্চ কৰাই হওক বা হাই ফ্লাইং একচন ষ্টাণ্ট কৰাই হওক, শ্বাহৰুখ এতিয়াও ৩০ বছৰৰ আগৰ দৰেই সজীৱ আৰু সতেজ হৈ আছে। 

তাৰকা হোৱাৰ বাবে শ্বাহৰুখ খানে আন দহ জনতকৈ ৫গুণ বেছি শৰীৰৰ যত্ন ল’বলগীয়া হয়। খোৱা-বোৱা খোৱাৰ ক্ষেত্ৰত অতিৰিক্ত সজাগতা লক্ষ্য ৰাখিব লগা হয়। গতিকে খাদ্যপ্ৰেমী হোৱাৰ পিছতো শ্বাহৰুখে খোৱা-বোৱা খোৱাতো নিয়ন্ত্ৰণ কৰিবলগাত পৰে। কোটি কোটি টকা উপাৰ্জন কৰাৰ পাছতো তেওঁৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত হোৱা খাদ্যসমূহ জানিলে আপুনি আচৰিত হ’ব।

এবছৰতে শ্বাহৰুখে যি উপাৰ্জন কৰে, সেইখিনিৰে যিকোনো লোকে পৰিয়ালক আজীৱন পোহপাল দিব পাৰে। শ্বাহৰুখ খানে এতিয়াও দুয়ো হাতেৰে উপাৰ্জন কৰে। তেওঁ আৰু তেওঁৰ পৰিয়ালে অতি বিলাসিতাত দিন কটায়। কিন্তু খোৱা-বোৱাৰ সময়ত বলীউডৰ বাদশ্বাহে অতি সাধাৰণ খাদ্যহে বেছি পছন্দ কৰে। শ্বাহৰুখৰ অনুৰাগীয়ে জানিব বিচাৰে তেওঁলোকৰ প্ৰিয় তাৰকাৰ প্ৰিয় খাদ্য কি?

শ্বাহৰুখৰ প্ৰিয় খাদ্য চোলে ভটুৰে আৰু জেলেপি। শ্বাহৰুখ যেতিয়া দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল তেতিয়া তেওঁ কেন্টিনত ব্ৰেড পকোৰা খাই ভাল পাইছিল। শ্বাহৰুখৰ দৈনিক মেনু অতি সাধাৰণ খাদ্যৰে গঠিত। 

শ্বাহৰুখে কোনো বিখ্যাত ৰেষ্টুৰেণ্টৰ খাদ্য একেবাৰেই ভাল নাপায়। ঘৰতে বনোৱা দাইল-ভাত আৰু কেঁচা পিঁয়াজ তেওঁৰ প্ৰিয় খাদ্য! কমলাৰ ৰস আৰু কণীৰ কুহুম খায়। আৰু মাতৃয়ে ঘৰতে বনোৱা হায়দৰাবাদী মাটন বিৰিয়ানী তেওঁৰ প্ৰিয় আছিল।

কুকুৰাৰ মাংস খায়ো কিং খানে ভালপায়। বিভিন্ন চিকেন ব্যঞ্জনৰ ভিতৰত তণ্ডুৰী চিকেন তেওঁৰ প্ৰিয়। তেওঁ কেৱল খাদ্যপ্ৰেমী নহয় বৰ ভাল ৰান্ধনীও। ইটালীৰ পাস্তাৰ ৰেচিপিৰ পৰা আৰম্ভ কৰি স্পেগেটি, জালুকীয়া চিকেন শ্বাহৰুখে খুব ভালকৈ ৰান্ধিব পাৰে। তেওঁ মিঠাই বৰ ভাল নাপায়। একমাত্ৰ পত্নী গৌৰীয়ে যদি নিজৰ হাতেৰে মিঠা খাদ্য প্ৰস্তুত কৰে, তেন্তে শ্বাহৰুখে সেয়া খাই ভালপায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক