--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইকেইদিন বলীউডত বিয়াৰ বতৰ চলি আছে। শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় গায়িকা পলক মুছল সংগীতকাৰ মিথুনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। অতি সোনকালে কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাও বিবাহপাশত আৱদ্ধ হব। হংসিকা মটৱানীৰো বিয়াৰ খবৰ বিয়পি পৰিছে। এনে সময়তে আন এখন বহু প্ৰত্যাশিত বিয়াৰ গুণগুণনি শুনিবলৈ পোৱা গৈছে। 

অনুৰাগীসকলে বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাৰ বিয়াখনলৈ। মালাইকাই শেহতীয়াকৈ এটা পোষ্ট শ্বেয়াৰ কৰি তাৰে যেন এটা ইংগিত দিলে। ১০ নৱেম্বৰ বৃহস্পতিবাৰে মালাইকা অৰোৰাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এখন ফটো আৰু কেপশ্বনে ইংগিত দিছে যে অতি সোনকালে মালাইকাও অৰ্জুনৰ কইনা হ’বলৈ গৈ আছে।

মালাইকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ এখন ফটো শ্বেয়াৰ কৰাৰ লগতে কেপচনত লিখিছে, I said YES (মই হা বুলি ক'লো)। এই কেপচনৰ লগত তেওঁ তিনিটা লাভ ইমজীও দিছে। অৰ্থাৎ ইয়াৰ পৰা স্পষ্ট যে মলাইকাই অৰ্জুনক বিয়াৰ বাবে ‘হা’ বুলি কৈছে। এই ফটোখনত মালাইকাক ক’লা সাজ-পোছাক পিন্ধি লাজুকীয়া প’জ দিয়া দেখা গৈছে।

এই পোষ্টটোৰ পিছত অনুৰাগীসকলেও এটা কথা জানিবলৈ ব্যগ্ৰ হৈ পৰিছে যে এই দম্পতীৰ বিবাহৰ তাৰিখ কেতিয়া? একাংশ অনুৰাগীয়ে মালাইকাৰ এই পোষ্টটোকলৈ অভিনন্দন জনাইছে।

উল্লেখ্য যে অৰ্জুন কাপুৰৰ মালাইকা অৰোৰাৰ লগত বহুদিনৰ পৰা সম্পৰ্ক আছে। দুয়োজনে প্ৰায়ে একেলগে সময় কটোৱা দেখা যায়। অৰ্জুনৰ জন্মদিনত ৰোমান্টিক পোষ্ট শ্বেয়াৰ কৰি মালাইকাই ২০১৯ চনত আনুষ্ঠানিকভাৱে এই প্ৰেমৰ সম্পৰ্কৰ কথা ঘোষণা কৰিছিল। প্ৰায়ে দুয়োজনে তেওঁলোকৰ ৰোমাণ্টিক ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে। এতিয়া অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ বিবাহৰ বাবে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক