--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইকেইদিন বলীউডত বিয়াৰ বতৰ চলি আছে। শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় গায়িকা পলক মুছল সংগীতকাৰ মিথুনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। অতি সোনকালে কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাও বিবাহপাশত আৱদ্ধ হব। হংসিকা মটৱানীৰো বিয়াৰ খবৰ বিয়পি পৰিছে। এনে সময়তে আন এখন বহু প্ৰত্যাশিত বিয়াৰ গুণগুণনি শুনিবলৈ পোৱা গৈছে। 

অনুৰাগীসকলে বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাৰ বিয়াখনলৈ। মালাইকাই শেহতীয়াকৈ এটা পোষ্ট শ্বেয়াৰ কৰি তাৰে যেন এটা ইংগিত দিলে। ১০ নৱেম্বৰ বৃহস্পতিবাৰে মালাইকা অৰোৰাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এখন ফটো আৰু কেপশ্বনে ইংগিত দিছে যে অতি সোনকালে মালাইকাও অৰ্জুনৰ কইনা হ’বলৈ গৈ আছে।

মালাইকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ এখন ফটো শ্বেয়াৰ কৰাৰ লগতে কেপচনত লিখিছে, I said YES (মই হা বুলি ক'লো)। এই কেপচনৰ লগত তেওঁ তিনিটা লাভ ইমজীও দিছে। অৰ্থাৎ ইয়াৰ পৰা স্পষ্ট যে মলাইকাই অৰ্জুনক বিয়াৰ বাবে ‘হা’ বুলি কৈছে। এই ফটোখনত মালাইকাক ক’লা সাজ-পোছাক পিন্ধি লাজুকীয়া প’জ দিয়া দেখা গৈছে।

এই পোষ্টটোৰ পিছত অনুৰাগীসকলেও এটা কথা জানিবলৈ ব্যগ্ৰ হৈ পৰিছে যে এই দম্পতীৰ বিবাহৰ তাৰিখ কেতিয়া? একাংশ অনুৰাগীয়ে মালাইকাৰ এই পোষ্টটোকলৈ অভিনন্দন জনাইছে।

উল্লেখ্য যে অৰ্জুন কাপুৰৰ মালাইকা অৰোৰাৰ লগত বহুদিনৰ পৰা সম্পৰ্ক আছে। দুয়োজনে প্ৰায়ে একেলগে সময় কটোৱা দেখা যায়। অৰ্জুনৰ জন্মদিনত ৰোমান্টিক পোষ্ট শ্বেয়াৰ কৰি মালাইকাই ২০১৯ চনত আনুষ্ঠানিকভাৱে এই প্ৰেমৰ সম্পৰ্কৰ কথা ঘোষণা কৰিছিল। প্ৰায়ে দুয়োজনে তেওঁলোকৰ ৰোমাণ্টিক ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে। এতিয়া অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ বিবাহৰ বাবে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু