--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিক্ষা আৰু জ্ঞান হৈছে মানৱতাৰ আটাইতকৈ শক্তিশালী আহিলা যিয়ে মানৱ জীৱন আৰু সমাজ গঢ়ি তোলাত সহায় কৰে। কিন্তু শিক্ষিত ব্যক্তি কোন সেইটো নিৰ্ণয় হয় কলেজ-ইউনিভাৰ্ছিনিটিৰ পৰা লাভ কৰা ডিগ্ৰীৰ ওপৰত। যিমানেই বেছি ডিগ্ৰী থাকে সিমানেই শিক্ষিত হয়। সেই দৃষ্টিকোণৰ পৰা নিকোলাওছ জিনিয়াছ সম্ভৱতঃ পৃথিৱীৰ আটাইতকৈ শিক্ষিত ব্যক্তি।

গ্ৰীক মূলৰ ব্ৰিটিছ নাগৰিক নিকোলাওছ এজন প্ৰখ্যাত গৱেষক আৰু শিক্ষাবিদ। জনস্বাস্থ্য, চিকিৎসা গৱেষণা আৰু শিক্ষা—এই তিনিটা ক্ষেত্ৰত তেওঁৰ বহু কৃতিত্ব আছে।

অবিশ্বাস্যভাৱে নিকোলাছে সাতখন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰিছে যিবোৰ ডক্টৰেট ডিগ্ৰীৰ সমতুল্য। ইয়াৰ উপৰিও নিকোলাছে তিনিটা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। তেওঁ সাতটা বৈজ্ঞানিক সংস্থাত পাঠদানৰ সৈতেও জড়িত তেওঁ। বৈজ্ঞানিক সংগঠনেও তেওঁক সদস্যপদ দিছে।

ইয়াৰ উপৰিও নিকোলাছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু পেৰিছ বিশ্ববিদ্যালয়ৰ দৰে কেইবাখনো প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ পৰা পাঁচটা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ২০২৪ চনৰ ভিতৰত তেওঁ আন এক ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ কথা আছে।

কাৰিজমা বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞান আৰু জনস্বাস্থ্যত পি এইচ ডি লাভ কৰাৰ উপৰিও নিকোলাছে হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ দৰে সন্মানীয় প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰী লাভ কৰিছে।


প্ৰেছ ৰিপৰ্ট অনুসৰি নিকোলাওছৰ গৱেষণাই বৈজ্ঞানিক সমাজ আৰু বিশ্বৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। বিভিন্ন ক্ষেত্ৰত তেওঁৰ অপৰিসীম জ্ঞান আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নিকোলাছে বৰ্তমান যিবোৰ বিষয়ৰ ওপৰত গৱেষণা কৰি আছে, সেইবোৰে ভৱিষ্যতে বিজ্ঞানৰ নতুন নতুন ক্ষেত্ৰ মুকলি কৰিব।

পৃথিৱীত এনে পুৰুষ কমেইহে আছে যিয়ে নিকোলাওছক একাডেমিক হিচাপে সমান বা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। বিজ্ঞান আৰু শিল্প দুয়োটা দিশতে তেওঁৰ পাণ্ডিত্য অপৰিসীম। নিকোলাওছৰ বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞতা আছে—যেনে জনস্বাস্থ্য, চিকিৎসা গৱেষণা, ব্যৱসায়িক প্ৰশাসন, অপৰাধমূলক ন্যায়, চোৰাংচোৱা, আৰু বিশ্ব নিৰাপত্তা।

নিকোলাওছ কেইবাটাও ব্যক্তিগত সংস্থাৰ সৈতেও জড়িত। প্ৰচুৰ দৰমহাৰ বিনিময়ত তেওঁক বিভিন্ন সংস্থাত পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ ব্যৱসায়ৰ লগতে মানৱ শৰীৰ আৰু চিকিৎসা ক্ষেত্ৰৰ গৱেষণাৰ অধ্যয়ন কৰিছিল। গতিকে ছাত্ৰ-ছাত্ৰীৰ পৰা অধ্যাপকলৈকে সকলোৱে তেওঁৰ গৱেষণা পত্ৰ পঢ়িবলৈ আগ্ৰহী।

নিকোলাওছৰ চিকিৎসক হিচাপে কাম কৰাৰ অভিজ্ঞতাও আছে। হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ পৰা ইমিউন’লজী, ফাৰ্মাক’লজী, জেনেটিক্স, কেন্সাৰ জিন’মিক্স আৰু ক’ভিড অধ্যয়ন কৰিছিল। নিকোলাছে তেজৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি এনে এক খাদ্য প্ৰস্তুত কৰিছে যিয়ে চিকিৎসা বিজ্ঞানৰ নতুন দিশ মুকলি কৰিব বুলি বিশেষজ্ঞসকলৰ মতে।

নিকোলাছে বিভিন্ন বিষয়ত ৫০খনতকৈও অধিক গৱেষণা পত্ৰ লিখিছে। ইয়াৰে কেইবাটাও কেন্সাৰৰ সৈতে জড়িত। তেওঁৰ গৱেষণা পত্ৰসমূহ প্ৰায়ে সুনামধন্য চিকিৎসা আলোচনীত প্ৰকাশ পায়। ইতিমধ্যে নিকোলাছে চিকিৎসা বিজ্ঞানৰ ওপৰত দুখন কিতাপ লিখিছে।

নিকোলাওছ এজন ব্যক্তি যিয়ে নিজৰ জীৱনটো শিক্ষাৰ বাবে উৎসৰ্গা কৰিছে। তেওঁৰ দ্বাৰা সৃষ্টি হোৱা বেচৰকাৰী সংস্থাটোৱে আৰ্তজনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰে।

নিকোলাওছে বিশ্বাস কৰে যে নতুন ধাৰণা আৰু পদক্ষেপেই হৈছে অৰ্থনৈতিক সমৃদ্ধিৰ চাবিকাঠি। নতুন ব্যৱসায়িক উদ্যোগে যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সুযোগৰ সৃষ্টি কৰে।

ইয়াৰ উপৰিও নিকোলাওছ এয়েও ভাবে যে পৃথিৱীখন অহৰহ নতুন তথ্যৰ ভঁৰাল হৈ পৰিছে। নিকোলাছে দাবী কৰিছে যে প্ৰতিজন ব্যক্তিৰ বাবে উপযুক্ত শিক্ষা লাভ কৰাটো গুৰুত্বপূৰ্ণ। উপযুক্ত শিক্ষাই মানুহৰ কৰ্মক্ষমতা বৃদ্ধি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক সমালোচনাত্মক আৰু সৃষ্টিশীলভাৱে চিন্তা কৰিবলৈ শিকায়। আৰু সেই কাৰণেই নিক্লাউছে কয় যে তেওঁ নিজকে শিক্ষাৰ ক্ষেত্ৰখনত উৎসৰ্গা কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস