--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তালিবানে পুনৰ জাৰি কৰিলে নতুন নিষেধাজ্ঞা। নতুন নিষেধাজ্ঞা অনুসৰি কাবুলত মহিলা বিউটি চেলুন নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছে তালিবানে। তালিবানৰ গুণ মন্ত্ৰালয়ৰ মুখপাত্ৰ মহম্মদ আকিফ মহাজাৰে জনোৱা মতে, নতুন মৌখিক আদেশৰ জৰিয়তে সমগ্ৰ দেশৰ কাবুল আৰু অন্যান্য প্ৰদেশত মহিলাৰ বিউটি চেলুন নিষিদ্ধ কৰা হৈছে।

তালিবানৰ গুণ মন্ত্ৰালয়ে কাবুল পৌৰসভাক তালিবান নেতাগৰাকীয়ে দিয়া এই নতুন নিষেধাজ্ঞা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে মহিলা বিউটি চেলুনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈও নিৰ্দেশ দিছে।

তালিবানৰ এই নতুন নিষেধাজ্ঞা সন্দৰ্ভত এজন মেক-আপ আৰ্টিষ্টে কয়, "পৰিয়ালৰ পুৰুষসকলৰ যদি চাকৰি থাকে, আমি ঘৰৰ পৰা ওলাই নাযাওঁ, কিন্তু চাকৰি নাথাকিলে আমি কি কৰিম? আমি অনাহাৰে থাকিব লাগিব, আমি কি কৰা উচিত? আপোনালোকে বিচাৰে নেকি আমাৰ মৃত্যু।"

আৰু এগৰাকী মেক আপ আৰ্টিষ্ট ৰেহান মুবাৰীজে কয় যে, “যেতিয়া পুৰুষ নিবনুৱা হয় আৰু যেতিয়া পুৰুষে নিজৰ পৰিয়ালৰ যত্ন ল’ব নোৱাৰে তেতিয়া মহিলাসকলে ঘৰখন চলাবলৈ ধন উপাৰ্জন কৰিবলৈ বিউটি চেলুনত কাম কৰিবলৈ বাধ্য হয়।” যদি মহিলা বিউটি চেলুন নিষিদ্ধ কৰা হয় তেন্তে আমি কি কৰিম?”

ইয়াৰ পূৰ্বে তালিবানে ছোৱালী আৰু মহিলাসকলক বিদ্যালয়, বিশ্ববিদ্যালয় আৰু এন জি অ’ত কাম কৰাৰ লগতে উদ্যান, চিনেমা হল আৰু অন্যান্য মনোৰঞ্জন স্থানৰ দৰে ৰাজহুৱা স্থান ভ্ৰমণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।

কাবুলৰ বাসিন্দা আব্দুল খাবীৰে কয় যে চৰকাৰে এই নিষেধাজ্ঞাৰ কাঠামো বনাব লাগে আৰু কাঠামো এনেকুৱা হ’ব লাগে যাতে ইছলাম বা দেশৰ কোনো ক্ষতি নহয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে