--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তালিবানে পুনৰ জাৰি কৰিলে নতুন নিষেধাজ্ঞা। নতুন নিষেধাজ্ঞা অনুসৰি কাবুলত মহিলা বিউটি চেলুন নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছে তালিবানে। তালিবানৰ গুণ মন্ত্ৰালয়ৰ মুখপাত্ৰ মহম্মদ আকিফ মহাজাৰে জনোৱা মতে, নতুন মৌখিক আদেশৰ জৰিয়তে সমগ্ৰ দেশৰ কাবুল আৰু অন্যান্য প্ৰদেশত মহিলাৰ বিউটি চেলুন নিষিদ্ধ কৰা হৈছে।

তালিবানৰ গুণ মন্ত্ৰালয়ে কাবুল পৌৰসভাক তালিবান নেতাগৰাকীয়ে দিয়া এই নতুন নিষেধাজ্ঞা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে মহিলা বিউটি চেলুনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈও নিৰ্দেশ দিছে।

তালিবানৰ এই নতুন নিষেধাজ্ঞা সন্দৰ্ভত এজন মেক-আপ আৰ্টিষ্টে কয়, "পৰিয়ালৰ পুৰুষসকলৰ যদি চাকৰি থাকে, আমি ঘৰৰ পৰা ওলাই নাযাওঁ, কিন্তু চাকৰি নাথাকিলে আমি কি কৰিম? আমি অনাহাৰে থাকিব লাগিব, আমি কি কৰা উচিত? আপোনালোকে বিচাৰে নেকি আমাৰ মৃত্যু।"

আৰু এগৰাকী মেক আপ আৰ্টিষ্ট ৰেহান মুবাৰীজে কয় যে, “যেতিয়া পুৰুষ নিবনুৱা হয় আৰু যেতিয়া পুৰুষে নিজৰ পৰিয়ালৰ যত্ন ল’ব নোৱাৰে তেতিয়া মহিলাসকলে ঘৰখন চলাবলৈ ধন উপাৰ্জন কৰিবলৈ বিউটি চেলুনত কাম কৰিবলৈ বাধ্য হয়।” যদি মহিলা বিউটি চেলুন নিষিদ্ধ কৰা হয় তেন্তে আমি কি কৰিম?”

ইয়াৰ পূৰ্বে তালিবানে ছোৱালী আৰু মহিলাসকলক বিদ্যালয়, বিশ্ববিদ্যালয় আৰু এন জি অ’ত কাম কৰাৰ লগতে উদ্যান, চিনেমা হল আৰু অন্যান্য মনোৰঞ্জন স্থানৰ দৰে ৰাজহুৱা স্থান ভ্ৰমণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।

কাবুলৰ বাসিন্দা আব্দুল খাবীৰে কয় যে চৰকাৰে এই নিষেধাজ্ঞাৰ কাঠামো বনাব লাগে আৰু কাঠামো এনেকুৱা হ’ব লাগে যাতে ইছলাম বা দেশৰ কোনো ক্ষতি নহয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস