--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ৮ জুলাইত অনুষ্ঠিত হ’ব এক ভাৰতৰ সাৰ্বভৌমত্ব বিৰোধী ৰেলী৷ কানাডাত হ’বলগীয়া এই ভাৰতবিৰোধী খালিস্তান ৰেলীক লৈ ভাৰতে কানাডাৰ কৰ্তৃপক্ষক উদ্বেগ প্ৰকাশ কৰিছে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে ‘স্বাধীনতা ৰেলী’ৰ পোষ্টাৰ।

ইপিনে ভাৰত চৰকাৰ কৰ্তৃপক্ষই কানাডাত থকা ভাৰতীয় বিষয়াসকলৰ প্ৰতি ভাবুকিও সৃষ্টি কৰিছে। খালিস্তানী পোষ্টাৰখনত অট’ৱাত থকা সঞ্জয় কুমাৰ ভাৰ্মা ইণ্ডিয়াৰ উচ্চায়ুক্ত আৰু টৰন্টোত কনছুলেট জেনেৰেল অপূৰ্ব শ্ৰীবাস্তৱক ভাবুকি দিয়া হৈছে। পোষ্টাৰত উল্লেখ কৰা অনুসৰি অহা ৮ জুলাইৰ নিশা ১২.৩০ বজাত ‘খালিস্তান ফ্ৰিডম ৰেলী’ অনুষ্ঠিত হ’ব। গ্ৰেট পঞ্জাব বিজনেছ চেণ্টাৰৰ পৰা আৰম্ভ হ’বলগীয়া এই ৰেলী টৰন্টোত থকা ভাৰতীয় দূতাবাসত শেষ হ’ব বুলি পোষ্টাৰখনত দাবী কৰা হৈছে।

যোৱা ১৮ জুনত কানাডাৰ ছাৰেত লক্ষ্য কৰি গুলীচালনাত নিহত হোৱা খালিস্তানী সন্ত্ৰাসবাদী হৰজিৎ সিং নিজাৰ ওৰফে হৰদীপ সিং নিজ্জাৰৰ নামত এই সমাৱেশ অনুষ্ঠিত হৈছে। খালিস্তান টাইগাৰ ফৰ্চ (কে টি এফ)ৰ মুৰব্বী আছিল নিজ্জাৰ আৰু ভাৰত চৰকাৰে প্ৰকাশ কৰা তালিকাত আন ৪০ জন নিযুক্ত সন্ত্ৰাসবাদীৰ নামো অন্তৰ্ভুক্ত কৰা হৈছিল।



কানাডাত খালিস্তানীৰ পোষ্টাৰত ভাৰতীয় কূটনীতিবিদৰ নাম লিখা বিষয়টোকলৈ বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘আমি আমাৰ অংশীদাৰ দেশ যেনে কানাডা, আমেৰিকা, ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াক অনুৰোধ কৰিছো যাতে খালিস্তানীসকলক তেওঁ ঠাই নিদিয়ে। ইয়াৰ ফলত আমাৰ সম্পৰ্কত প্ৰভাৱ পৰিব। এই পোষ্টাৰৰ বিষয়টো আমি এই দেশসমূহৰ চৰকাৰৰ আগত উত্থাপন কৰিম"।





FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান