--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ৮ জুলাইত অনুষ্ঠিত হ’ব এক ভাৰতৰ সাৰ্বভৌমত্ব বিৰোধী ৰেলী৷ কানাডাত হ’বলগীয়া এই ভাৰতবিৰোধী খালিস্তান ৰেলীক লৈ ভাৰতে কানাডাৰ কৰ্তৃপক্ষক উদ্বেগ প্ৰকাশ কৰিছে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে ‘স্বাধীনতা ৰেলী’ৰ পোষ্টাৰ।

ইপিনে ভাৰত চৰকাৰ কৰ্তৃপক্ষই কানাডাত থকা ভাৰতীয় বিষয়াসকলৰ প্ৰতি ভাবুকিও সৃষ্টি কৰিছে। খালিস্তানী পোষ্টাৰখনত অট’ৱাত থকা সঞ্জয় কুমাৰ ভাৰ্মা ইণ্ডিয়াৰ উচ্চায়ুক্ত আৰু টৰন্টোত কনছুলেট জেনেৰেল অপূৰ্ব শ্ৰীবাস্তৱক ভাবুকি দিয়া হৈছে। পোষ্টাৰত উল্লেখ কৰা অনুসৰি অহা ৮ জুলাইৰ নিশা ১২.৩০ বজাত ‘খালিস্তান ফ্ৰিডম ৰেলী’ অনুষ্ঠিত হ’ব। গ্ৰেট পঞ্জাব বিজনেছ চেণ্টাৰৰ পৰা আৰম্ভ হ’বলগীয়া এই ৰেলী টৰন্টোত থকা ভাৰতীয় দূতাবাসত শেষ হ’ব বুলি পোষ্টাৰখনত দাবী কৰা হৈছে।

যোৱা ১৮ জুনত কানাডাৰ ছাৰেত লক্ষ্য কৰি গুলীচালনাত নিহত হোৱা খালিস্তানী সন্ত্ৰাসবাদী হৰজিৎ সিং নিজাৰ ওৰফে হৰদীপ সিং নিজ্জাৰৰ নামত এই সমাৱেশ অনুষ্ঠিত হৈছে। খালিস্তান টাইগাৰ ফৰ্চ (কে টি এফ)ৰ মুৰব্বী আছিল নিজ্জাৰ আৰু ভাৰত চৰকাৰে প্ৰকাশ কৰা তালিকাত আন ৪০ জন নিযুক্ত সন্ত্ৰাসবাদীৰ নামো অন্তৰ্ভুক্ত কৰা হৈছিল।



কানাডাত খালিস্তানীৰ পোষ্টাৰত ভাৰতীয় কূটনীতিবিদৰ নাম লিখা বিষয়টোকলৈ বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘আমি আমাৰ অংশীদাৰ দেশ যেনে কানাডা, আমেৰিকা, ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াক অনুৰোধ কৰিছো যাতে খালিস্তানীসকলক তেওঁ ঠাই নিদিয়ে। ইয়াৰ ফলত আমাৰ সম্পৰ্কত প্ৰভাৱ পৰিব। এই পোষ্টাৰৰ বিষয়টো আমি এই দেশসমূহৰ চৰকাৰৰ আগত উত্থাপন কৰিম"।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস