--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিলিং ফেনৰ দৰে সামগ্ৰীৰো এতিয়া বাঢ়িব দাম৷ আপাততঃ তেন্ সম্ভাৱনাই দেখা দিছে৷  চিলিং ফেনৰ দাম  ৮ ৰ পৰা ২০  শতাংশ বৃদ্ধি হ’ব৷ কাৰণ  চিলিং ফেনত  ১ জানুৱাৰীৰ পৰা বাধ্যতামূলকভাবে  ষ্টাৰ লেবেল লগোৱা হৈছে৷ ষ্টাৰ লেবেলৰ  অধীনলৈ অহাৰ পিছতে চিলিং ফেনৰ দাম পাব পাৰে৷ 

সংশোধিত শক্তি দক্ষতা ব্যুৰো (বিইই)ৰ নিয়ম অনুসৰি  ষ্টাৰ লেবেলিঙে শক্তিৰ খৰচৰ কথা সূচায়৷   এটা ষ্টাৰ থকা লেবেস লগোৱা মানে  নূ্যনতম  ৩০  শতাংশ শক্তি সঞ্চয়, ৫ টা তাৰকা ৰেটেড মানে কমেও  ৫০  শতাংশতকৈ অধিক শক্তিৰ খৰচ কমকৈ হোৱাটোকে বুজায়।  হেভেলছ, অৰিয়েণ্ট ইলেক্ট্ৰিক আৰু ঊষা ইণ্টাৰনেচনেলৰ দৰে আগশাৰীৰ নিৰ্মাতাসকলে এই পদক্ষেপক আদৰণি জনাইছে৷ 

কোম্পানীসমূহৰ মতে ষ্টাৰ লগোৱাৰ ফলত  চিলিং ফেনৰ দাম  ৮ ৰ পৰা ২০  শতাংশ বৃদ্ধি হ'ব৷  কিয়নো কম  শক্তি খৰচ কৰা  ৫-ষ্টাৰ ৰেটেড ফেনৰ বাবে নতুনকৈ আমদানি কৰা উন্নত মটৰ আৰু ইলেক্ট্ৰনিক সঁজুলিৰ  প্ৰয়োজন হ'ব।

নতুন আদেশ অনুসৰি এতিয়া নিৰ্মাতাসকলে গ্ৰাহকক  ১ ৰ পৰা ৫ টা তাৰকাৰ মাজত থকা  তাৰকা ৰেটিং প্ৰদৰ্শন কৰিব লাগিব। এনে পদক্ষেপক এক "বৃহৎ পৰিৱৰ্তন" বুলি অভিহিত কৰি অৰিয়েণ্ট ইলেক্ট্ৰিকৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰাকেশ খান্নাই কয় যে এতিয়া গ্ৰাহকসকলে উৎকৃষ্ট সামগ্ৰী লাভ  কৰিব , যিয়ে যথেষ্ট কম শক্তি খৰচ কৰিব৷। অৱশ্যে, তেওঁ লগতে কয় যে কিছু পৰিমাণে মূল্য বৃদ্ধি হ'ব কিয়নো নিৰ্মাতাসকলে নতুন তাৰকা ৰেটিঙৰ সৈতে অধিকউন্নত সঁজুলি ব্যৱহাৰ কৰিব লাগিব৷ 

গড় হিচাপত, গড় ভাৰতীয় পৰিয়ালে ব্যৱহাৰ কৰা বিদ্যুতৰ প্ৰায় ২০ শতাংশ ফেনৰ বাবে হয়। নতুন ব্যৱস্থাই  শক্তি সঞ্চয় কৰিব আৰু কাৰ্বনৰ নিৰ্গমন   হ্ৰাস কৰিব বুলি ধাৰণা কৰিছে বহুতে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক