--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিলিং ফেনৰ দৰে সামগ্ৰীৰো এতিয়া বাঢ়িব দাম৷ আপাততঃ তেন্ সম্ভাৱনাই দেখা দিছে৷  চিলিং ফেনৰ দাম  ৮ ৰ পৰা ২০  শতাংশ বৃদ্ধি হ’ব৷ কাৰণ  চিলিং ফেনত  ১ জানুৱাৰীৰ পৰা বাধ্যতামূলকভাবে  ষ্টাৰ লেবেল লগোৱা হৈছে৷ ষ্টাৰ লেবেলৰ  অধীনলৈ অহাৰ পিছতে চিলিং ফেনৰ দাম পাব পাৰে৷ 

সংশোধিত শক্তি দক্ষতা ব্যুৰো (বিইই)ৰ নিয়ম অনুসৰি  ষ্টাৰ লেবেলিঙে শক্তিৰ খৰচৰ কথা সূচায়৷   এটা ষ্টাৰ থকা লেবেস লগোৱা মানে  নূ্যনতম  ৩০  শতাংশ শক্তি সঞ্চয়, ৫ টা তাৰকা ৰেটেড মানে কমেও  ৫০  শতাংশতকৈ অধিক শক্তিৰ খৰচ কমকৈ হোৱাটোকে বুজায়।  হেভেলছ, অৰিয়েণ্ট ইলেক্ট্ৰিক আৰু ঊষা ইণ্টাৰনেচনেলৰ দৰে আগশাৰীৰ নিৰ্মাতাসকলে এই পদক্ষেপক আদৰণি জনাইছে৷ 

কোম্পানীসমূহৰ মতে ষ্টাৰ লগোৱাৰ ফলত  চিলিং ফেনৰ দাম  ৮ ৰ পৰা ২০  শতাংশ বৃদ্ধি হ'ব৷  কিয়নো কম  শক্তি খৰচ কৰা  ৫-ষ্টাৰ ৰেটেড ফেনৰ বাবে নতুনকৈ আমদানি কৰা উন্নত মটৰ আৰু ইলেক্ট্ৰনিক সঁজুলিৰ  প্ৰয়োজন হ'ব।

নতুন আদেশ অনুসৰি এতিয়া নিৰ্মাতাসকলে গ্ৰাহকক  ১ ৰ পৰা ৫ টা তাৰকাৰ মাজত থকা  তাৰকা ৰেটিং প্ৰদৰ্শন কৰিব লাগিব। এনে পদক্ষেপক এক "বৃহৎ পৰিৱৰ্তন" বুলি অভিহিত কৰি অৰিয়েণ্ট ইলেক্ট্ৰিকৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰাকেশ খান্নাই কয় যে এতিয়া গ্ৰাহকসকলে উৎকৃষ্ট সামগ্ৰী লাভ  কৰিব , যিয়ে যথেষ্ট কম শক্তি খৰচ কৰিব৷। অৱশ্যে, তেওঁ লগতে কয় যে কিছু পৰিমাণে মূল্য বৃদ্ধি হ'ব কিয়নো নিৰ্মাতাসকলে নতুন তাৰকা ৰেটিঙৰ সৈতে অধিকউন্নত সঁজুলি ব্যৱহাৰ কৰিব লাগিব৷ 

গড় হিচাপত, গড় ভাৰতীয় পৰিয়ালে ব্যৱহাৰ কৰা বিদ্যুতৰ প্ৰায় ২০ শতাংশ ফেনৰ বাবে হয়। নতুন ব্যৱস্থাই  শক্তি সঞ্চয় কৰিব আৰু কাৰ্বনৰ নিৰ্গমন   হ্ৰাস কৰিব বুলি ধাৰণা কৰিছে বহুতে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু