--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে টুইটাৰে হাজাৰ হাজাৰ কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়াৰ পিছত এইবাৰ এমাজনেও ১৮০০০ কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে৷ এমাজনৰ  মুখ্য কাৰ্যবাহী বিষয়া এণ্ডি জেছিয়ে কয় যে অতি শীঘ্ৰে কোম্পানীটোৰ পৰা ১৮০০০ কৰ্মচাৰীক অৱসৰ দিয়া হ’ব৷ 

 ই-কমাৰ্চ কোম্পানীটোৰ সৈতে লাখ লাখ লোক নিয়োজিত হৈ আছে৷ এমাজনৰ  এনে সিদ্ধান্তই মূলতঃ ষ্ট'ৰ আৰু পিএক্সটি (পিপল, এক্সপিৰিয়েঞ্চ, এণ্ড টেকন'লজী,এইচআৰ) ৰ  কৰ্মীসকলক ঘতিগ্ৰস্ত  কৰিব৷  কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডি জেছিয়ে এটা ব্লগ পোষ্টত কয় যে এমাজনে সাধাৰণতে এনে সিদ্ধান্তবোৰ  আভ্যন্তৰীণভাৱে জনায়, যদিও কোম্পানীটোৱে এতিয়া এয়া  ৰাজহুৱা মঞ্চত উপস্থাপন কৰিছে৷   কিয়নো কৰ্মচাৰীসকলে "এই তথ্য লিক কৰিছে।" ছাটাই প্ৰক্ৰিয়াটো ১৮ জানুৱাৰীৰ পৰা আৰম্ভ  হ'ব বুলিও  চিইঅ' জেছিয়ে উল্লেখ কৰিছে৷ 

পোষ্টটোত উল্লেখ কৰা হৈছে যে কোম্পানীটোৱে অব্যাহতি দিয়া কৰ্মচাৰীসকলক উপযুক্ত ক্ষতিপূৰণ আদায় দিহে বিদায় দিব৷ উল্লেখ্য ২০২২ চনৰ নৱেম্বৰত কোম্পানীটোৱে প্ৰায় ১০,০০০ কৰ্মচাৰীক ছাটাই কৰিছিল। যোৱা বছৰৰ শেষৰ ফালে ই-কমাৰ্চ কোম্পানীটোৱে  আনকি এই বছৰত নতুন  নিয়োগো স্থগিত ৰাখিছে। বৰ্ধিত মুদ্ৰাস্ফীতি আৰু অৱনমিত  অৰ্থনীতিৰ বাবেই  ব্যয় হ্ৰাস কৰিবলৈ এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক