--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটাৰ পিছত আনটো বিপৰ্যয়ে লগ এৰা নাই টুইটাৰক৷ টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে শেহতীয়াকৈ ছিংগাপুৰত টুইটাৰৰ মুখ্য কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছিল। অনুমান কৰা হৈছিল যে ইলনে মালিকীস্বত্ব লোৱাৰ পিছত, মাইক্ৰ'ব্লগিং ছাইট টুইটাৰে লাভৰ মুখ দেখা নাই!

সংবাদ সংস্থা ৰয়টাৰৰ মতে টুইটাৰৰ ৰাজহ এবছৰত প্ৰায় ৪০ শতাংশ হ্ৰাস পাইছে!  ৰয়টাৰে এই বিষয়ে টুইটো কৰিছে। ইলন মাস্কৰ বৃহৎ ঋণ যিটো পৰিশোধ কৰাৰ কথা আছিল এতিয়াও পৰিশোধ কৰা হোৱা নাই। ইয়াৰ আগতে, টুইটাৰৰ ৰাজহ হ্ৰাস হোৱাৰ বাতৰিক লৈ বহুতো টুইটাৰ কৰ্মচাৰী চিন্তিত হৈ পৰিছে।

ইলনে  ছিংগাপুৰত টুইটাৰৰ মুখ্য কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগে লগে নানা আশংকাই গা কৰি উঠিছে। লগতে ছিংগাৰপুৰৰ কৰ্মচাৰীসকলকো ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিয়া হয়। প্ৰশ্ন হয় যে এছিয়াত টুইটাৰৰ মুখ্য কাৰ্যালয় বন্ধ হোৱাৰ পথত আছে নেকি? অৱশ্যে,এইক্ষেত্ৰত  টুইটাৰৰ পৰা কোনো ধৰণৰ প্ৰত্যুত্তৰ  পোৱা নাই।  খৰখেদাকৈ কাৰ্যালয় এৰি যোৱাৰ জাননী দিয়া ফলত  বিপদত পৰিছে  কৰ্মচাৰীসকলো ৷ ইলনে মালিকীস্বত্ব লোৱাৰ পিছত, মাইক্ৰ'ব্লগিং ছাইটটোৱে লাভ দেখা নাই নেকি? সংবাদ সংস্থাৰ টুইটে প্ৰমাণ কৰে যে এই অনুমান অতি সঁচা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু