--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  নৰকত হেনো পাপীসকলক গৰম কেৰাহীত তুলি দিয়া হয়! আৰু পূণ্যবান সকলে হেনো স্থান পায় সুৱাসিত ‘অমৰাৱতী’ত। পিছে  স্বৰ্গ বা নৰকৰ এই ধাৰণা কিমান সত্য সেই বিষয়ে নানা প্ৰশ্নবোধক থাকিলেও কিন্তু বাস্তৱ পৰিস্থিতিত মানুহৰ নিষ্ঠুৰ কাৰ্যকলাপে এই পৃথিৱীখনক নৰকলৈ ৰূপান্তৰিত কৰিব পাৰে। এই কথা সময়ে সময়ে প্ৰমাণিত হৈ আহিছে। পাকিস্তানৰ সিন্ধ প্ৰদেশত তেনে এক ঘটনাৰে সম্ভেদ পোৱা গৈছে অলপতে। 

পত্নীক হত্যা কৰাৰ পিছত স্বামীয়ে গৰম কেৰাহীত উতলোৱা কথাই চকু কপালত তুলিছে সচেতন লোকৰ! শীতল মস্তিস্কৰে কৰা এই নাৰকীয় কাৰ্য্যৰ সাক্ষী আছিল তেওঁৰ ৬ সন্তান। চকুৰ সন্মুখত এনে দৃশ্য দেখি কঁপি উঠে তেওঁৰ সন্তান। পত্নীক হত্যা কৰাৰ পাছত পলাতক অভিযুক্ত স্বামী।

ঘটনাটো বুধবাৰৰ। তদন্তকাৰীয়ে সিন্ধ প্ৰদেশৰ গুলছান-ই-ইকবাল অঞ্চলৰ এখন বিদ্যালয়ৰ পাকঘৰত প্ৰৱেশ কৰাৰ পাছত এক আচৰিত দৃশ্য দেখিবলৈ পায়। এগৰাকী মহিলাৰ মৃতদেহ কাৰ্যতঃ পাকঘৰৰ এটা প্ৰকাণ্ড কেৰাহীত উতলাই থকা অৱস্থাত দেখিবলৈ পায় তদন্তকাৰী দলটোৱে! প্ৰাৰম্ভিক পৰ্যায়ত আচৰিত হৈ পৰা আৰক্ষীয়ে পৰবৰ্তী সময়ত তদন্ত আৰম্ভ কৰে। 

জানিব পৰা মতে, মহিলা গৰাকীৰ নাম নাৰ্গিছ। প্ৰথমে মুখত সোপা মাৰি হত্যা কৰা হৈছিল। তাৰ পিছত মৃতদেহৰ উতলোৱা আৰু উতলাই থকা সময়তে মৃতকৰ এটা ভৰি টানি ফালি পেলোৱা পাশৱিক কাণ্ডৰ সাক্ষী হৈ ৰয় ৬সন্তান।

সিন্ধ প্ৰদেশৰ আৰক্ষী বিষয়া আব্দুল কৰিম শ্বেৰাজীয়ে এক সংবাদ মাধ্যমক জনোৱা মতে, এইবোৰ ঘটনাৰ পিছতে নাৰ্গিছৰ অভিযুক্ত স্বামী আশিক ৩ সন্তানক লৈ পলায়ন কৰে। তাৰ পিছতে তেওঁৰ ১৫ বছৰীয়া কন্যা সন্তানে আৰক্ষীক এই বিষয়ে খবৰ দিয়ে।’ খবৰ অনুসৰি, শিশুকেইটাৰ সুৰক্ষাৰ বাবে আৰক্ষীৰ জিম্মালৈ লৈ যোৱা হৈছে। ভয়াবহ ঘটনাৰ জোকাৰণিৰ সৈতে মোকাবিলা কৰিব নোৱাৰি তেওঁলোকে এতিয়াও ভয় খাই আছে বুলি জনাইছে আৰক্ষীয়ে। কিন্তু  আশিক ইমান নিৰ্মমভাৱে পত্নীক হত্যা কৰিবলৈ কিয় কুণ্ঠাবোধ নকৰিলে? এই প্ৰশ্নৰ উত্তৰত  আৰক্ষীয়ে কয়, নাৰ্গিছ আৰু আশিকৰ মাজত বৈবাহিক নানা অশান্তিয়ে দেখা দিছিল। গুলছান-ই-ইকবাল অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়ৰ নিৰাপত্তাৰক্ষী আশিকে বিদ্যালয়খনৰ থকা-খোৱা ঠাইত পৰিয়ালৰ সৈতে বাস কৰিছিল। তেওঁ পত্নীক অবৈধ কামৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। নাৰ্গিছ সেই কথাত একমত হোৱা নাছিল। ফলত সৃষ্টি হৈছিল  অশান্তিৰ ।’

স্বাভাৱিকতে, মানুহ কিমান পাশৱিক হ’লে এনে শিহৰণকাৰী কাৰ্য সংঘটিত কৰিব পাৰে! সেই কথা ভাবি থৰকাছুটী হেৰুৱাইছে দেশৰ সচেতন নাগৰিকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ