--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  নৰকত হেনো পাপীসকলক গৰম কেৰাহীত তুলি দিয়া হয়! আৰু পূণ্যবান সকলে হেনো স্থান পায় সুৱাসিত ‘অমৰাৱতী’ত। পিছে  স্বৰ্গ বা নৰকৰ এই ধাৰণা কিমান সত্য সেই বিষয়ে নানা প্ৰশ্নবোধক থাকিলেও কিন্তু বাস্তৱ পৰিস্থিতিত মানুহৰ নিষ্ঠুৰ কাৰ্যকলাপে এই পৃথিৱীখনক নৰকলৈ ৰূপান্তৰিত কৰিব পাৰে। এই কথা সময়ে সময়ে প্ৰমাণিত হৈ আহিছে। পাকিস্তানৰ সিন্ধ প্ৰদেশত তেনে এক ঘটনাৰে সম্ভেদ পোৱা গৈছে অলপতে। 

পত্নীক হত্যা কৰাৰ পিছত স্বামীয়ে গৰম কেৰাহীত উতলোৱা কথাই চকু কপালত তুলিছে সচেতন লোকৰ! শীতল মস্তিস্কৰে কৰা এই নাৰকীয় কাৰ্য্যৰ সাক্ষী আছিল তেওঁৰ ৬ সন্তান। চকুৰ সন্মুখত এনে দৃশ্য দেখি কঁপি উঠে তেওঁৰ সন্তান। পত্নীক হত্যা কৰাৰ পাছত পলাতক অভিযুক্ত স্বামী।

ঘটনাটো বুধবাৰৰ। তদন্তকাৰীয়ে সিন্ধ প্ৰদেশৰ গুলছান-ই-ইকবাল অঞ্চলৰ এখন বিদ্যালয়ৰ পাকঘৰত প্ৰৱেশ কৰাৰ পাছত এক আচৰিত দৃশ্য দেখিবলৈ পায়। এগৰাকী মহিলাৰ মৃতদেহ কাৰ্যতঃ পাকঘৰৰ এটা প্ৰকাণ্ড কেৰাহীত উতলাই থকা অৱস্থাত দেখিবলৈ পায় তদন্তকাৰী দলটোৱে! প্ৰাৰম্ভিক পৰ্যায়ত আচৰিত হৈ পৰা আৰক্ষীয়ে পৰবৰ্তী সময়ত তদন্ত আৰম্ভ কৰে। 

জানিব পৰা মতে, মহিলা গৰাকীৰ নাম নাৰ্গিছ। প্ৰথমে মুখত সোপা মাৰি হত্যা কৰা হৈছিল। তাৰ পিছত মৃতদেহৰ উতলোৱা আৰু উতলাই থকা সময়তে মৃতকৰ এটা ভৰি টানি ফালি পেলোৱা পাশৱিক কাণ্ডৰ সাক্ষী হৈ ৰয় ৬সন্তান।

সিন্ধ প্ৰদেশৰ আৰক্ষী বিষয়া আব্দুল কৰিম শ্বেৰাজীয়ে এক সংবাদ মাধ্যমক জনোৱা মতে, এইবোৰ ঘটনাৰ পিছতে নাৰ্গিছৰ অভিযুক্ত স্বামী আশিক ৩ সন্তানক লৈ পলায়ন কৰে। তাৰ পিছতে তেওঁৰ ১৫ বছৰীয়া কন্যা সন্তানে আৰক্ষীক এই বিষয়ে খবৰ দিয়ে।’ খবৰ অনুসৰি, শিশুকেইটাৰ সুৰক্ষাৰ বাবে আৰক্ষীৰ জিম্মালৈ লৈ যোৱা হৈছে। ভয়াবহ ঘটনাৰ জোকাৰণিৰ সৈতে মোকাবিলা কৰিব নোৱাৰি তেওঁলোকে এতিয়াও ভয় খাই আছে বুলি জনাইছে আৰক্ষীয়ে। কিন্তু  আশিক ইমান নিৰ্মমভাৱে পত্নীক হত্যা কৰিবলৈ কিয় কুণ্ঠাবোধ নকৰিলে? এই প্ৰশ্নৰ উত্তৰত  আৰক্ষীয়ে কয়, নাৰ্গিছ আৰু আশিকৰ মাজত বৈবাহিক নানা অশান্তিয়ে দেখা দিছিল। গুলছান-ই-ইকবাল অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়ৰ নিৰাপত্তাৰক্ষী আশিকে বিদ্যালয়খনৰ থকা-খোৱা ঠাইত পৰিয়ালৰ সৈতে বাস কৰিছিল। তেওঁ পত্নীক অবৈধ কামৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। নাৰ্গিছ সেই কথাত একমত হোৱা নাছিল। ফলত সৃষ্টি হৈছিল  অশান্তিৰ ।’

স্বাভাৱিকতে, মানুহ কিমান পাশৱিক হ’লে এনে শিহৰণকাৰী কাৰ্য সংঘটিত কৰিব পাৰে! সেই কথা ভাবি থৰকাছুটী হেৰুৱাইছে দেশৰ সচেতন নাগৰিকে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ