--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন দিল্লীৰ নৰ্থ ব্লকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত হ’ল ঐতিহাসিক শান্তি চুক্তি৷ শান্তি চুক্তি স্বাক্ষৰৰ পাছতেই সংবাদমেল সম্বোধন কৰে আলোচনাপন্থী আলফা নেতা অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া আৰু শশধৰ চৌধুৰীয়ে৷

সংবাদমেল সম্বোধন কৰি শশধৰ চৌধুৰীয়ে কয়, আজি আলফাৰ বাবে এক ঐতিহাসিক দিন। ৪৪ বছৰ সংগ্ৰামৰ পাছত আজি আলফা চুক্তি স্বাক্ষৰিত হ’ল৷ আমি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ধন্যবাদ দিব বিচাৰিছোঁ। আজিৰ দিনটোত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ কয়, ২০১১ত প্ৰথমবাৰৰ বাবে আমাৰ লগত ভাৰত চৰকাৰে আলোচনা কৰিবলৈ আগবাঢ়ি আহিছিল৷

শশধৰ চৌধুৰীয়ে কয়, আলোচনাৰ সময়ত আমি সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টোক যথেষ্ট গুৰুত্ব দিছিলোঁ। খিলঞ্জীয়া লোকৰ হাতত ৰাজনৈতিক অধিকাৰ থকা বিষয়টোও আহি পৰিছিল আলোচনাৰ সময়ত। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আমি আগবঢ়াই নিব বিচাৰিছিলোঁ৷

আলোচনাপন্থী আলফাই এতিয়া সমাধান বিচাৰিছে বুলি উল্লেখ কৰি শশধৰ চৌধুৰীয়ে আলফাৰ কোনো প্ৰতিনিধিয়ে ভৱিষ্যতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগনবঢ়ায় বুলি স্পষ্ট কৰি দিয়ে৷

তেওঁ লগতে কয়, আলফাৰ সকলো কেডাৰক চাকৰিত নিয়োগ কৰাটো সম্ভৱ নহয়৷ এইক্ষেত্ৰত বয়সৰ বিষয়টো আহি পৰিব।

আনহাতে পৰেশ বৰুৱা সম্পৰ্কত মন্তব্য কৰি তেওঁ কয়, পৰেশ বৰুৱা শান্তি আলোচনাৰ বাবে আহিলে আকৌ শান্তি চুক্তিৰ যোগেদি আহিব নে নাহে সেয়া আমি নাজানো। পৰেশ বৰুৱাই আমাক নেতৃত্ব দিছিল৷ মই তেওঁক অনুৰোধ জনাইছোঁ তেওঁ আমাৰ এই চুক্তিক সমৰ্থন কৰক আৰু আমি আশাবাদী যে পৰেশ বৰুৱাই আমাক সমৰ্থন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক