--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন দিল্লীৰ নৰ্থ ব্লকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত হ’ল ঐতিহাসিক শান্তি চুক্তি৷ শান্তি চুক্তি স্বাক্ষৰৰ পাছতেই সংবাদমেল সম্বোধন কৰে আলোচনাপন্থী আলফা নেতা অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া আৰু শশধৰ চৌধুৰীয়ে৷

সংবাদমেল সম্বোধন কৰি শশধৰ চৌধুৰীয়ে কয়, আজি আলফাৰ বাবে এক ঐতিহাসিক দিন। ৪৪ বছৰ সংগ্ৰামৰ পাছত আজি আলফা চুক্তি স্বাক্ষৰিত হ’ল৷ আমি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ধন্যবাদ দিব বিচাৰিছোঁ। আজিৰ দিনটোত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ কয়, ২০১১ত প্ৰথমবাৰৰ বাবে আমাৰ লগত ভাৰত চৰকাৰে আলোচনা কৰিবলৈ আগবাঢ়ি আহিছিল৷

শশধৰ চৌধুৰীয়ে কয়, আলোচনাৰ সময়ত আমি সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টোক যথেষ্ট গুৰুত্ব দিছিলোঁ। খিলঞ্জীয়া লোকৰ হাতত ৰাজনৈতিক অধিকাৰ থকা বিষয়টোও আহি পৰিছিল আলোচনাৰ সময়ত। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আমি আগবঢ়াই নিব বিচাৰিছিলোঁ৷

আলোচনাপন্থী আলফাই এতিয়া সমাধান বিচাৰিছে বুলি উল্লেখ কৰি শশধৰ চৌধুৰীয়ে আলফাৰ কোনো প্ৰতিনিধিয়ে ভৱিষ্যতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগনবঢ়ায় বুলি স্পষ্ট কৰি দিয়ে৷

তেওঁ লগতে কয়, আলফাৰ সকলো কেডাৰক চাকৰিত নিয়োগ কৰাটো সম্ভৱ নহয়৷ এইক্ষেত্ৰত বয়সৰ বিষয়টো আহি পৰিব।

আনহাতে পৰেশ বৰুৱা সম্পৰ্কত মন্তব্য কৰি তেওঁ কয়, পৰেশ বৰুৱা শান্তি আলোচনাৰ বাবে আহিলে আকৌ শান্তি চুক্তিৰ যোগেদি আহিব নে নাহে সেয়া আমি নাজানো। পৰেশ বৰুৱাই আমাক নেতৃত্ব দিছিল৷ মই তেওঁক অনুৰোধ জনাইছোঁ তেওঁ আমাৰ এই চুক্তিক সমৰ্থন কৰক আৰু আমি আশাবাদী যে পৰেশ বৰুৱাই আমাক সমৰ্থন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু