--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সোধাৰ অভিযোগত সাংসদ পদ বাতিল হোৱা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই সোমবাৰে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ শৰাণাপন্ন হয়।  মহুৱাই তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰাৰ বিৰুদ্ধে আজি  উচ্চতম ন্যায়ালয়ত আবেদন জনায়। যোৱা সপ্তাহত লোকসভাৰ এথিক্স সমিতিয়ে মহুৱাক ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদাপন্ন কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰাৰ পিছতে  মহুৱাৰ  সাংসদ পদ খাৰিজ  কৰা হৈছিল৷ এই সিদ্ধান্তৰ পিছতে মহুৱা মৈত্ৰাই কৈ আহিছে  যে এথিক্স সমিতিৰ তেওঁক বহিষ্কাৰ কৰাৰ ক্ষমতা নাই৷ 

তেওঁ লগতে কয় যে তেওঁ ব্যৱসায়ীজনৰ পৰা নগদ ধন গ্ৰহণ কৰাৰো কোনো প্ৰমাণ নাই। উল্লেখ্য  ধনৰ বিনিময়ত সংসদত আদানী সন্দৰ্ভত প্ৰশ্ন কৰাৰ অভিযোগত অৱশেষত সাংসদ পদ বাতিল হৈছিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ।  শুকুৰবাৰে এঘণ্টা ধৰি চলা আলোচনাৰ অন্তত   মহুৱাৰ সাংসদ পদ খাৰিজ কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত দিনা   মহুৱাক আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ দিয়া হোৱা নাছিল।  

লোকসভাৰ এথিক্স সমিতিৰ মুৰব্বী আৰু বিজেপি সাংসদ বিজয় সোণকাৰে শুকুৰবাৰে  দুপৰীয়া ১২ বজাত টিএমচিৰ সাংসদগৰাকীৰ  বিৰুদ্ধে সংসদত  প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনখনত  পৰামৰ্শ দিয়া হয় যে মহুৱাক এগৰাকী সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা উচিত। এথিক্স সমিতিৰ প্ৰতিবেদন  দাখিলৰ পিছতে সংদত তীব্ৰ হুলস্থূল আৰম্ভ হয়। বিৰোধীৰ প্ৰতিবাদৰ বাবে   সদন দিনৰ ২  বজালৈ স্থগিত ৰাখিবলগীয়া হয়।   অৱশ্যে সদন পুনৰ আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষই মহুৱাৰ বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে সংসদৰ সন্মান হানি কৰিব পৰা কোনো বিষয়ক প্ৰশ্ৰয় দিয়া নহ’ব।   ওম বিৰলাই এই বিষয়ে আলোচনা কৰিবলৈ আধা ঘণ্টা সময় দিছিল। 

 
অধ্যক্ষৰ ঘোষণাৰ পিছতে তৃণমূলৰ  সুদীপ বন্দোপাধ্যায়ে  এই বিষয়ত আলোচনা কৰিবলৈ অধিক সময়ৰ বাবে অনুৰোধ জনাইছিল । টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে পুনৰ মহুৱাক আত্মপক্ষ সমৰ্থন কৰাৰ  সুযোগ দিবলৈ আহ্বান জনাইছিল। অৱশ্যেঅধ্যক্ষই তেনে অনুৰোধৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল। কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী, মনীষ তিৱাৰী, টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ  সাংসদসকলে মৈত্ৰৰ সমৰ্থনত থিয় দিয়ে যদিও অধ্যক্ষই কোনো কথাই শুনিবলৈ অস্বীকাৰ কৰিছিল। বিৰোধী সাংসদসকলে  মহুৱাৰ  মৌলিক অধিকাৰ উলংঘা  অভিযোগ উত্থাপন কৰিছিল।  

সংসদৰ নিয়ম অনুসৰণ কৰি ধ্বনি ভোটৰ জড়িয়তে  সিদ্ধান্ত লোৱা হয়  যে মহুয়া মৈত্ৰৰ সাংসদ পদ অযোগ্য ঘোষণা কৰাৰ লগতে সেয়া বাতিল কৰা  হৈছে। লক্ষ্যণীয় কথাটো ’ল  বেছিভাগ বিৰোধী সাংসদেই ধ্বনি ভোটৰ সময়ত সদনৰ পৰা ওলাই গৈছিল।
 সদনত আদানীৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ টকাকে ধৰি আন বহু সুবিধা গ্ৰহণ কৰিছিল বুলি মহুৱাৰ বিৰুদ্ধে অভিযোগ আনিছিল উদ্যোগপতি দৰ্শন হিৰানন্দনীয়ে । মহুৱাৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ সময়তে মহুৱা মৈত্ৰই  এক্স হেণ্ডেলত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। সংবাদ মাধ্যমত প্ৰচাৰিত এক বিবৃতিত হিৰানন্দনীয়ে দাবী কৰে যে মহুয়াই ব্যৱসায়িক লাভালাভ প্ৰদানৰ নামত তেওঁৰ পৰা বহু  সুবিধা লৈছিল। অৱশ্যে টিএমচিৰ সাংসদগৰাকীয়ে  বিবৃতিটোৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

মহুয়া মৈত্ৰই হিৰানন্দনী গোটৰ পৰা ধন লৈ আদানি গোটৰ বিষয়ে সংসদত  প্ৰশ্ন কৰিছিল বুলি বিজেপি সাংসদ নিশিকান্ত দুবেই অভিযোগ কৰাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।  ইয়াৰ দুদিনৰ পিছত শ্বেতপত্ৰত লিখা দৰ্শন হিৰানন্দনীৰ এটা বিবৃতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰে। সেই বিবৃতিত, দৰ্শনে (দৰ্শন হিৰানন্দনী) মহুৱাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেওঁৰ মন্তব্যই   বিজেপি সাংসদগৰাকীৰ  অভিযোগক বৈধতা প্ৰদান কৰে। অৱশ্যে, বিবৃতিটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে মহুৱাই। বিবৃতিটো অনুসৰি, দৰ্শন হিৰানন্দনীয়ে ব্যৱসায়িক লাভালাভ পোৱাৰ আশাত মহুৱাক বহু   লাভালাভ প্ৰদান কৰিছে।  যেনে অতি ব্যয়বহুল উপহাৰ, বিদেশ ভ্ৰমণৰ  খৰচ, দিল্লীত বাংলো মেৰামতিৰ খৰচ আদি দিয়া। একে সময়তে, বিবৃতিটোত দাবী কৰা হৈছে যে মহুৱাই  দৰ্শন হিৰানন্দনীয়ে সংসদৰ ৱেবছাইটত লগ ইন কৰিবলৈ তাৰ পাছৱৰ্ডো দৰ্শনক দিছিল।  

মহুৱাৰ হৈ তেওঁৱেই গৌতম আদানি আৰু আদানি উদ্যোগৰ বিৰুদ্ধে লোকসভাৰ ৱেবছাইটত প্ৰশ্ন পোষ্ট কৰিছিল বুলি অভিযোগ উঠিছিল। বিষয়টো শেষত সংসদৰ এথিক্স সমিতিলৈ ঠেলি দিয়া হৈছিল আৰু এথিক্স সমিতিয়ে শুকুৰবাৰে সংসদত এই সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰাৰ পিছতে মহুৱাৰ সাংসদ পদ খাৰিজ কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক