--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অৰিজিত সিং৷ নামটো উচ্চাৰিত হ’লেই আমাৰ মনলৈ আহে এখন গানৰ পৃথিৱীলৈ৷ কেৱল গানেৰে তেওঁ জগত জিনিছে৷ নম্ৰ আৰু অমায়িক স্বভাৱৰ বাবেই মানুহৰ মাজত তেওঁ সদায় প্ৰিয়৷ বলীউডৰ প্লে’ বেক’ গায়ক অৰিজিতৰ সিং আটাইতকৈ সফল গায়কসকলৰ মাজৰ এজন বুলিব পাৰি। তেওঁ ২০১৩ চনত "তুম হি হো" আৰু "চাহুন মই য়া না" কৰাৰ বাবে খ্যাতি লাভ কৰিছিল। বৰ্তমান তেওঁক 'প্লেবেক চিংগিং ৰ ৰজা' বুলি ক’ব পাৰি, স্বভাৱত শান্ত-শিষ্ট প্ৰকৃতিৰ লোকজনৰো আছে কেতবোৰ বিৰ্তকিত অধ্যায়৷ যিবিলাক বিতৰ্কই সেই সময়ত সংবাদ শিৰোনাম দখল কৰিছিল।

২০১৮ চনত, অৰ্জিত সিঙৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল য'ত তেওঁক তেওঁৰ লাইভ প্ৰদৰ্শনৰ সময়ত এটা অশ্লীল শব্দ উচ্চাৰণ কৰা দেখা গৈছিল। ভিডিঅ'টোত, তেওঁক ৰণবীৰ কাপুৰৰ ৰকষ্টাৰৰ নাদান পৰিন্দে গান টো গাই থকা দেখা গৈছিল আৰু হঠাতে তেওঁক খঙাল মোডত দেখা গৈছিল, "কোনোবাই (এটা বেয়া কথা…Somebody f*cking fix this mic!) এই মাইকটো ঠিক কৰে যেন!" যেতিয়া মাইকটো তৎক্ষণাৎ ঠিক কৰা হৈছিল আৰু তেওঁ পুনৰ গীত গাবলৈ আৰম্ভ কৰিছিল, কিন্তু তাৰ পাছতে ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

ইফালে, অৰিজিতৰ সিঙে কালি ছ'চিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰে যে তেওঁ আৰু তেওঁৰ পত্নীয়ে কোভিড-১৯ ৰ ইতিবাচক পৰীক্ষ৩ৰ ফলাফল আহিছে, আৰু নিজকে আছুতীয়াকৈ ৰাখিছে। তেওঁ সামাজিক মাধ্যমত লিখিছিল যে, "মই আৰু মোৰ পত্নীয়ে কোভিড পজিটিভ পৰীক্ষা কৰিছো আৰু ফলাফল পজিটিভ আহিছে। আমি সকলো বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ আৰু আপোনালোকৰ পৰা আৰ্শীবাদ বিছাৰিছোঁ৷ তেওঁ ছ'চিয়েল মিডিয়াত এইটো ঘোষণা কৰাৰ পিছতে, তেওঁৰ অনুৰাগীসকলে তেওঁক মৰম উপচাই পেলাইছে। তেওঁৰ কেইবাজনো অনুৰাগীয়ে তেওঁৰ সোনকালে আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু