--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বপ্ৰসিদ্ধ পপ গায়ক মাইকেল জেকচনৰ জীৱনৰ ওপৰত আধাৰিত এখন ছবি নিৰ্মাণ হ’ব। মাইকেল জেকচনৰ আধাৰত নিৰ্মিত এই ছবিখনত তেওঁৰ ভতিজা জাফৰ জেকচনে মুখ্য চৰিত্ৰত অভিনয় কৰিব। সোমবাৰে ছচিয়েল মিডিয়াত এই কথা ঘোষণা কৰিছে জি কে ষ্টুডিঅ’ই। এই ছবিখন পৰিচালনা কৰিব এণ্টোৱান ফুকুৱাই, আনহাতে বিখ্যাত প্ৰযোজক গ্ৰেহাম কিঙে বায়’পিকখন প্ৰযোজনা কৰিব। দীৰ্ঘদিন ধৰি মাইকেলৰ চৰিত্ৰটোৰ বাবে প্ৰস্তুতি চলাই আহিছে জাফৰে।
Michael Jackson's Nephew Jaafar to Star as Late Singer in Biopic – Rolling  Stone
মাইকেল জেকচনৰ এষ্টেট আৰু মনোৰঞ্জনৰ অধিবক্তা জন ব্ৰাংকাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰকাশ কৰিছে যে তেওঁৰ ভতিজা জাফৰক বায়’পিকখনত মাইকেলৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হৈছে। ব্ৰাংকাই ভিডিঅ’টোত কয়- ‘মাইকেল জেকচনৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনত জাফৰ জেকচনে মুখ্য চৰিত্ৰত অভিনয় কৰিব বুলি ঘোষণা কৰি আমি অতিশয় উৎসাহিত হৈছো। বিশেষ কথাটো হ’ল জাফৰ মাইকেল জেকচনৰ ভতিজা, মাইকেলৰ লগত তেওঁৰ বিশেষ সম্পৰ্ক আছে।

ব্ৰাংকাই লগতে কয়- ‘‘জাফৰক দেখিলে তেওঁৰ চকুত মাইকেলৰ আভাস এটা দেখা যায়। তেওঁৰ কণ্ঠ মাইকেলৰ লগত বহুত মিল আছে, এই ভূমিকাৰ বাবে তেওঁ যোৱা ৬ মাহ ধৰি কঠোৰ পৰিশ্ৰম কৰি আছে।’’

উল্লেখ্য যে জাফৰ জেকচন মাইকেল জেকচনৰ ডাঙৰ ভাতৃ জেৰমেইন জেকচনৰ পুত্ৰ, যি পেছাত এগৰাকী গায়ক আৰু প্ৰযোজক। দীৰ্ঘদিন ধৰি তেওঁ গায়ন-বায়ন আৰু চলচ্চিত্ৰ নিৰ্মাণৰ কাম কৰি আহিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মাইকেল জেকচনৰ ৯২ বছৰীয়া মাতৃ কেথেৰিন জেকচনে কয়- ‘‘জাফৰ মোৰ ল’ৰা মাইকেলৰে আন এক ৰূপ। তেওঁক মাইকেলৰ চৰিত্ৰত পৰ্দাত দেখাটো সঁচাকৈয়ে বিশেষ।’’
Michael Jackson biopic casts lead — and it's the King of Pop's nephew -  National | Globalnews.ca - TechiAzi
ইনষ্টাগ্ৰামত এই পোষ্টটো শ্বেয়াৰ কৰি জাফৰে লিখিছে- ‘‘মই অত্যন্ত সুখী আৰু গৌৰৱান্বিত যে মই মাইকেল খুড়াৰ কাহিনী বিশ্বৰ আগলৈ লৈ আহিম। বিশ্বৰ সকলো অনুৰাগীক এই কথা ক'ব বিচাৰিছো যে আমি অতি সোনকালে লগ পাম।’’









FOLLOW US F
POPULAR
FEATURE
TRENDY
ধিঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ধন লৈ পলাল এগৰাকী মহিলা
দীপাৱলীৰ বতৰত জয়পুৰত দেশৰ সবাতোকৈ দামী মিঠাই
বালিত পোত গ'ল পঞ্জাবৰ ৩ লাখ হেক্টৰ কৃষিভূমি
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক