--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বপ্ৰসিদ্ধ পপ গায়ক মাইকেল জেকচনৰ জীৱনৰ ওপৰত আধাৰিত এখন ছবি নিৰ্মাণ হ’ব। মাইকেল জেকচনৰ আধাৰত নিৰ্মিত এই ছবিখনত তেওঁৰ ভতিজা জাফৰ জেকচনে মুখ্য চৰিত্ৰত অভিনয় কৰিব। সোমবাৰে ছচিয়েল মিডিয়াত এই কথা ঘোষণা কৰিছে জি কে ষ্টুডিঅ’ই। এই ছবিখন পৰিচালনা কৰিব এণ্টোৱান ফুকুৱাই, আনহাতে বিখ্যাত প্ৰযোজক গ্ৰেহাম কিঙে বায়’পিকখন প্ৰযোজনা কৰিব। দীৰ্ঘদিন ধৰি মাইকেলৰ চৰিত্ৰটোৰ বাবে প্ৰস্তুতি চলাই আহিছে জাফৰে।
Michael Jackson's Nephew Jaafar to Star as Late Singer in Biopic – Rolling  Stone
মাইকেল জেকচনৰ এষ্টেট আৰু মনোৰঞ্জনৰ অধিবক্তা জন ব্ৰাংকাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰকাশ কৰিছে যে তেওঁৰ ভতিজা জাফৰক বায়’পিকখনত মাইকেলৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হৈছে। ব্ৰাংকাই ভিডিঅ’টোত কয়- ‘মাইকেল জেকচনৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনত জাফৰ জেকচনে মুখ্য চৰিত্ৰত অভিনয় কৰিব বুলি ঘোষণা কৰি আমি অতিশয় উৎসাহিত হৈছো। বিশেষ কথাটো হ’ল জাফৰ মাইকেল জেকচনৰ ভতিজা, মাইকেলৰ লগত তেওঁৰ বিশেষ সম্পৰ্ক আছে।

ব্ৰাংকাই লগতে কয়- ‘‘জাফৰক দেখিলে তেওঁৰ চকুত মাইকেলৰ আভাস এটা দেখা যায়। তেওঁৰ কণ্ঠ মাইকেলৰ লগত বহুত মিল আছে, এই ভূমিকাৰ বাবে তেওঁ যোৱা ৬ মাহ ধৰি কঠোৰ পৰিশ্ৰম কৰি আছে।’’

উল্লেখ্য যে জাফৰ জেকচন মাইকেল জেকচনৰ ডাঙৰ ভাতৃ জেৰমেইন জেকচনৰ পুত্ৰ, যি পেছাত এগৰাকী গায়ক আৰু প্ৰযোজক। দীৰ্ঘদিন ধৰি তেওঁ গায়ন-বায়ন আৰু চলচ্চিত্ৰ নিৰ্মাণৰ কাম কৰি আহিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মাইকেল জেকচনৰ ৯২ বছৰীয়া মাতৃ কেথেৰিন জেকচনে কয়- ‘‘জাফৰ মোৰ ল’ৰা মাইকেলৰে আন এক ৰূপ। তেওঁক মাইকেলৰ চৰিত্ৰত পৰ্দাত দেখাটো সঁচাকৈয়ে বিশেষ।’’
Michael Jackson biopic casts lead — and it's the King of Pop's nephew -  National | Globalnews.ca - TechiAzi
ইনষ্টাগ্ৰামত এই পোষ্টটো শ্বেয়াৰ কৰি জাফৰে লিখিছে- ‘‘মই অত্যন্ত সুখী আৰু গৌৰৱান্বিত যে মই মাইকেল খুড়াৰ কাহিনী বিশ্বৰ আগলৈ লৈ আহিম। বিশ্বৰ সকলো অনুৰাগীক এই কথা ক'ব বিচাৰিছো যে আমি অতি সোনকালে লগ পাম।’’









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ