--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সীমান্তত কাঁটা তাঁৰৰ বেৰ থকাটো স্বাভাৱিক কথা কিন্তু চিনেমা হলৰ ভিতৰত কাঁটা তাঁৰৰ বেৰ লগাইছে বুলি কলে আপুনি আচৰিত নহ'বনে? আচৰিত হ'লেও বাস্তৱতে এই কাণ্ড সংঘটিত হৈছে। চিনেমা হলত কাঁটা তাঁৰৰ বেৰ দিবলগীয়া ঘটনা সংঘটিত হৈছে অন্ধ্রপ্রদেশৰ শ্রীকাকুলামৰ এটা ছবিগৃহত। ২৫ মাৰ্চ, অৰ্থাৎ শুকুৰবাৰে দেশৰ প্ৰায় প্ৰতিটো ছবিগৃহত মুক্তিলাভ কৰিছে এছএছ ৰাজমৌলীৰ দ্বাৰা পৰিচালিত বহু আকাংক্ষিত ছবি ‘আৰআৰআৰ’। আৰআৰআৰ জুনিয়ৰ এনটিআৰ, ৰামচৰণ, অজয় দেৱগণ আৰু আলিয়া ভাট অভিনীত এই ছবিখনে মুক্তিৰ পাছতে দেশত তুলিছে খলকনি। অনুৰাগীসকলৰ মাজত এই চলচ্চিত্ৰখনৰ উন্মাদনাৰ প্ৰতি লক্ষ্য ৰাখি শ্রীকাকুলামৰ 'সূৰ্য' নামৰ চিনেমা হলটোৰ পৰ্দাৰ সন্মুখত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে। চিনেমা হলৰ ভিতৰত সূৰ্য হলৰ এগৰাকী ভাৰপ্ৰাপ্ত বিষয়াই কয় যে ''ছবিখনত ২ জন শীৰ্ষ তাৰকা আছে, সেয়েহে দৰ্শকৰ উন্মাদনাত সমগ্ৰ চিনেমা হলটো অতি বিশৃংখল হৈ পৰিব। হলটোৰ পৰ্দাক অনুৰাগীসকলৰ উন্মাদনাৰ পৰা সুৰক্ষিত কৰিবলৈ কাঁটা তাঁৰৰ বেৰ দিয়া হৈছে। ই অনুৰাগী তথা দৰ্শকসকলক পৰ্দাৰ ওচৰলৈ যোৱাত বাধা দিব।'' উল্লেখ্য যে দেশত এয়া প্ৰথমবাৰৰ বাবে এটা ছবিগৃহত পৰ্দাৰ সন্মুখত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে। চিনেমা হলটোৱে গ্ৰহণ কৰা এনে সিদ্ধান্তই এতিয়া চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত। চিনেমা হলৰ ভিতৰত সূৰ্য চিনেমা হলৰ এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়া অনুসৰি আল্লু অৰ্জুন অভিনীত ‘পুস্পা’ ছবিৰ মুক্তিৰ সময়ত ছবিগৃহটোত সৃষ্টি হৈছিল একেই ভিৰৰ পৰিস্থিতি। সেই সময়ত বহু দৰ্শকে আসন লাভৰ বাবে হুৰমূৰকৈ প্ৰৱেশ কৰিছিল চিনেমা হলৰ ভিতৰত। আসন নাপাই বহু সংখ্যক দৰ্শকে আনকি হলৰ মূল পৰ্দাৰ কাষলৈও গুছি গৈছিল। যাৰ ফলত চিনেমা প্ৰদৰ্শিত হোৱা পৰ্দাৰ লগতে চিনেমা হলৰ আন আন সামগ্ৰীৰ প্ৰচুৰ ক্ষতিসাধন হৈছিল। সেয়েহে তেনে পৰিস্থিতি পুনৰ যাতে উদ্ভৱ নহয় তাৰবাবে আগতীয়াকৈ এই ব্যৱস্থা গ্ৰহণ কৰে সূৰ্য হলৰ বিষয়ববীয়াই। আৰু পঢ়কঃ কেনে যাব দেওবাৰ… জানিবলৈ চাওঁক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন