--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সীমান্তত কাঁটা তাঁৰৰ বেৰ থকাটো স্বাভাৱিক কথা কিন্তু চিনেমা হলৰ ভিতৰত কাঁটা তাঁৰৰ বেৰ লগাইছে বুলি কলে আপুনি আচৰিত নহ'বনে? আচৰিত হ'লেও বাস্তৱতে এই কাণ্ড সংঘটিত হৈছে। চিনেমা হলত কাঁটা তাঁৰৰ বেৰ দিবলগীয়া ঘটনা সংঘটিত হৈছে অন্ধ্রপ্রদেশৰ শ্রীকাকুলামৰ এটা ছবিগৃহত। ২৫ মাৰ্চ, অৰ্থাৎ শুকুৰবাৰে দেশৰ প্ৰায় প্ৰতিটো ছবিগৃহত মুক্তিলাভ কৰিছে এছএছ ৰাজমৌলীৰ দ্বাৰা পৰিচালিত বহু আকাংক্ষিত ছবি ‘আৰআৰআৰ’। আৰআৰআৰ জুনিয়ৰ এনটিআৰ, ৰামচৰণ, অজয় দেৱগণ আৰু আলিয়া ভাট অভিনীত এই ছবিখনে মুক্তিৰ পাছতে দেশত তুলিছে খলকনি। অনুৰাগীসকলৰ মাজত এই চলচ্চিত্ৰখনৰ উন্মাদনাৰ প্ৰতি লক্ষ্য ৰাখি শ্রীকাকুলামৰ 'সূৰ্য' নামৰ চিনেমা হলটোৰ পৰ্দাৰ সন্মুখত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে। চিনেমা হলৰ ভিতৰত সূৰ্য হলৰ এগৰাকী ভাৰপ্ৰাপ্ত বিষয়াই কয় যে ''ছবিখনত ২ জন শীৰ্ষ তাৰকা আছে, সেয়েহে দৰ্শকৰ উন্মাদনাত সমগ্ৰ চিনেমা হলটো অতি বিশৃংখল হৈ পৰিব। হলটোৰ পৰ্দাক অনুৰাগীসকলৰ উন্মাদনাৰ পৰা সুৰক্ষিত কৰিবলৈ কাঁটা তাঁৰৰ বেৰ দিয়া হৈছে। ই অনুৰাগী তথা দৰ্শকসকলক পৰ্দাৰ ওচৰলৈ যোৱাত বাধা দিব।'' উল্লেখ্য যে দেশত এয়া প্ৰথমবাৰৰ বাবে এটা ছবিগৃহত পৰ্দাৰ সন্মুখত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে। চিনেমা হলটোৱে গ্ৰহণ কৰা এনে সিদ্ধান্তই এতিয়া চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত। চিনেমা হলৰ ভিতৰত সূৰ্য চিনেমা হলৰ এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়া অনুসৰি আল্লু অৰ্জুন অভিনীত ‘পুস্পা’ ছবিৰ মুক্তিৰ সময়ত ছবিগৃহটোত সৃষ্টি হৈছিল একেই ভিৰৰ পৰিস্থিতি। সেই সময়ত বহু দৰ্শকে আসন লাভৰ বাবে হুৰমূৰকৈ প্ৰৱেশ কৰিছিল চিনেমা হলৰ ভিতৰত। আসন নাপাই বহু সংখ্যক দৰ্শকে আনকি হলৰ মূল পৰ্দাৰ কাষলৈও গুছি গৈছিল। যাৰ ফলত চিনেমা প্ৰদৰ্শিত হোৱা পৰ্দাৰ লগতে চিনেমা হলৰ আন আন সামগ্ৰীৰ প্ৰচুৰ ক্ষতিসাধন হৈছিল। সেয়েহে তেনে পৰিস্থিতি পুনৰ যাতে উদ্ভৱ নহয় তাৰবাবে আগতীয়াকৈ এই ব্যৱস্থা গ্ৰহণ কৰে সূৰ্য হলৰ বিষয়ববীয়াই। আৰু পঢ়কঃ কেনে যাব দেওবাৰ… জানিবলৈ চাওঁক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান